সপত্নীক তাজমহল দৰ্শন আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ই আজি পত্নী জেনেট ডি ৰুবিঅ’ৰ সৈতে আগ্ৰাৰ ঐতিহাসিক তাজমহল দৰ্শন কৰে

চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্ক’ ৰুবিঅ’ই আজি পত্নী জেনেট ডি ৰুবিঅ’ৰ সৈতে আগ্ৰাৰ ঐতিহাসিক তাজমহল দৰ্শন কৰে । বিশ্বৰ অন্যতম আশ্চৰ্য তথা প্ৰেমৰ প্ৰতীক হিচাপে খ্যাত তাজমহল ভ্ৰমণৰ সময়ত তেওঁলোকৰ সৈতে ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰেও সংগ দিয়ে । উল্লেখ্য যে, বিগত বৰ্ষত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেঞ্চে সপৰিয়ালে এই ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নটো দৰ্শন কৰাৰ লগতে ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও প্ৰথম মহিলা মেলানিয়া ট্ৰাম্পৰ সৈতে তাজমহল ভ্ৰমণ কৰি ভাৰতৰ চহকী সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰিছিল ।

কূটনৈতিক তৎপৰতা: মোদী আৰু জয়শংকৰৰ সৈতে বৈঠক

কলকাতাৰ ‘মিছনাৰীজ অৱ চেৰিটি’ৰ পৰা নিজৰ ভাৰত ভ্ৰমণৰ সূচনা কৰা আমেৰিকাৰ বৈদেশিক সচিবগৰাকীয়ে ইতিধিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে । ইয়াৰ উপৰি তেওঁ নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এক দ্বিপাক্ষিক প্ৰতিনিধি দল পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে ।

কাইলৈ নতুন দিল্লীত ‘কোৱাড’ সন্মিলন-

ৰুবিঅ’ৰ এই ভাৰত ভ্ৰমণৰ মূল লক্ষ্য হৈছে মঙলবাৰে অৰ্থাৎ ২৬ মে’ত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘কোৱাড’ সন্মিলন । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া চতুৰ্ভুজ নিৰাপত্তা বাৰ্তালাপৰ এই উচ্চস্তৰীয় সমাৱেশত অংশ ল’ব ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানৰ বৈদেশিক মন্ত্ৰীসকলে ।

আলোচনাৰ মুখ্য বিষয়সূচী :

-ইণ্ডো-পেচিফিক (ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল)ৰ সাম্প্ৰতিক নিৰাপত্তা ব্যৱস্থা ।

-পশ্চিম এছিয়াত দিনক দিনে বৃদ্ধি পোৱা সামৰিক তথা কূটনৈতিক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰ্যালোচনা ।

বিশ্বৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এই কোৱাড সন্মিলনক অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক : মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত