মহাভাৰতৰ ‘কৰ্ণ’ খ্যাত পংকজ ধীৰ আৰু নাই; ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

মহাভাৰতৰ ‘কৰ্ণ’ খ্যাত পংকজ ধীৰ আৰু নাই

বি আৰ চোপ্ৰাৰ “মহাভাৰত”ত কৰ্ণৰ চৰিত্ৰক স্মৰণীয় কৰি তোলা প্ৰবীণ অভিনেতা পংকজ ধীৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে । তেওঁৰ মৃত্যুত চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

মহাভাৰতত কৰ্ণৰ চৰিত্ৰত বলিষ্ঠ অভিনয়েৰে সকলোৰে হৃদয়ত স্থান লাভ কৰিছিল পংকজ ধীৰে । ৬৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি থকা অভিনেতাজন কেইবাদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল । অৱশেষত জীৱন যুদ্ধত পৰাস্ত হৈ বুধবাৰে ইহ সংসাৰ ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে ।

বলিষ্ঠ অভিনয় আৰু শক্তিশালী কণ্ঠৰ বাবে পংকজ ধীৰ পৰিচিত আছিল যদিও ১৯৮৮ চনৰ ঐতিহাসিক ধাৰাবাহিক “মহাভাৰত”ত কৰ্ণৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক অমৰ কৰি তুলিছিল । তেওঁৰ এই ভূমিকাই ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল যে দেশৰ বহু ঠাইত তেওঁৰ প্ৰতিমূৰ্তি পূজা কৰা হৈছিল । ইয়াৰ উপৰিও তেওঁ “চড়ক”, “চোল্ডাৰ”, “বাদশ্বাহ”কে ধৰি কেইবাখনো ছুপাৰহিট ছবিত অভিনয় কৰিছিল আৰু টেলিভিছনতো সক্ৰিয় হৈ আছিল । তেওঁৰ পুত্ৰ নিকিতিন ধীৰো এজন সুপৰিচিত অভিনেতা ।

লগতে পঢ়ক : হৃদৰোগত আক্ৰান্ত হৈ বডি বিল্ডাৰ বৰিন্দৰ ঘুমনৰ মৃত্যু…