চাঞ্চল্যকৰ; এইবাৰ মছজিদৰ চৌহদত পেলাই থৈ গ’ল গাহৰি মাংস

মছজিদৰ চৌহদত পেলাই থৈ গ’ল গাহৰি মাংস

ৰাজ্যত গৰু-গাহৰিৰ বিতৰ্কৰ মাজতে মহৰমৰ দিনাই এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।মহানগৰীৰ পাঞ্জাবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।এইবাৰ গো-মাংস নহয়, পেলাই গ’ল গাহৰিৰ মাংস ।

পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ মছজিদত উদ্ধাৰ হ’ল গাহৰিৰ মাংস। মছজিদৰ গে’টত মাংসৰ এটা টোপোলা পেলাই থৈ গ’ল দুৰ্বৃত্তই।

স্কুটিত অহা এটা দুৰ্বৃত্তই নিশা মাংসৰ টোপোলাটো পেলাই থৈ যায় মছজিদটোৰ চৌহদত। চিচিটিভি ফুটেজত এই কথা জানিব পৰা গৈছে।

দেওবাৰে পুৱা নামাজৰ বাবে আহি একাংশ লোকে গাহৰি মাংসৰ টোপোলাটো প্ৰত্যক্ষ কৰে। ঘটনাৰ সন্দৰ্ভত ঘটনাস্থলীত আৰক্ষীলোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মছজিদ কৰ্তৃপক্ষই ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।  

লগতে পঢ়ক: অসম-মেঘালয় সীমা বিবাদ : চুক্তিৰ ৩৯ মাহৰ পাছত বিবাদিত ভূমিত স্থাপন প্ৰথমটো সীমা স্তম্ভ

চাঞ্চল্যকৰ; ভাড়াঘৰতে আত্মহত্যা যুৱতীৰ

মহানগৰীত পুনৰবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ তৰুন নগৰত এগৰাকী যুৱতীৰ আত্মহত্যা ঘটনা পোহৰলৈ আহিছে।

প্ৰতীক্ষা শৰ্মা নামৰ যুৱতী গৰাকীয়ে নিজৰ কোঠাতে আত্মহত্যা কৰে। ভাড়াতীয়া হিচাপে আছিল যুৱতী গৰাকী।যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে।