মঞ্চতে অসুস্থ হ’ল মনালী ঠাকুৰ;  হঠাতে বন্ধ কৰা হ’ল অনুষ্ঠান, অনুৰাগীসকলৰ ওচৰত বিচাৰিলে ক্ষমা

অনুষ্ঠান চলি থকাৰ সময়ত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিল কণ্ঠশিল্পী মনালী ঠাকুৰৰ। গীত পৰিৱেশন কৰি থকাৰ সময়ে উশাহ লোৱাত সমস্যা হয় জনপ্ৰিয় গায়িকা গৰাকীৰ।

তাৰ পিছত মোনালীয়ে অনুষ্ঠানটো আধাতে সামৰি লগে লগে চিকিৎসালয়ত ভৰ্তি হয়।গায়িকা গৰাকীয়ে দিনহাটা উৎসৱত অনুষ্ঠান পৰিৱেশন কৰি আছিল। 

মনালীক প্ৰথমে দিনহাটাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।তাৰ পিছত তেওঁক বেহাৰ চহৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল।

উল্লেখ্য যে, মঙ্গলবাৰে উত্তৰ বংগৰ উন্নয়ন মন্ত্ৰী উদয়ন গুহৰ পিতৃ তথা প্ৰাক্তন মন্ত্ৰী কমল গুহৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে দিনহাটা উৎসৱৰ আয়োজন কৰিছিল।

এই উৎসৱতে নিশা গীত পৰিবেশন কৰিবলৈ গৈছিল মনালী ঠাকুৰ।নিৰ্ধাৰিত সময় অনুসৰিয়েই তেওঁ দিনহাটাত উপস্থিত হয়। তাৰ পাছত নিৰ্ধাৰিত সময়ত তেওঁ গীত পৰিবেশনৰ বাবে মঞ্চত উঠে।

কিন্তু কেইটামান গীত পৰিৱেশন কৰাৰ পিছতেই হঠাৎ ৰৈ যায় মনালী।মঞ্চতে উশাহ লোৱাত কষ্ট অনুভৱ কৰে মনালী ঠাকুৰে।

তেওঁৰ ভগ্নী মেহুল ঠাকুৰে সংবাদ মাধ্যমক কৈছিল যে মনালীয়ে অসুস্থতা স্বত্বেও প্ৰদৰ্শন কৰিবলৈ গৈছিল।কেইবা মাহ ধৰি, তেওঁ বিভিন্ন ৰাজ্যত অনুষ্ঠান কৰি আহিছে।

ইয়াৰ বাবেই, অসুস্থ হৈ পৰিছিল মনালী। আধাতে অনুষ্ঠান সামৰিব লগা হোৱাৰ বাবে অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছে কণ্ঠশিল্পী মনালী ঠাকুৰে।