মহানগৰীত নৃশংস হত্যাকাণ্ড ; ভাগিনিয়েকে মৰিয়াই হত্যা কৰিলে মোমায়েকক

গুৱাহাটী মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।এইবাৰ ভাগিনিয়েকৰ হাতত প্ৰাণ গ’ল মোমায়েকৰ। মঠঘৰীয়াত মোমায়েকক মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজৰ ভাগিনিয়েকে।

জানিব পৰা মতে শুকুৰবাৰে পুৱতি নিশা দুয়োৰে মাজত এক মাৰপিত সংঘটিত হয়।ঘটনাত মোমায়েক উদয় ৰায় চৌধুৰী গুৰুতৰ ভাবে আহত হয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰ নিশা মঠঘৰীয়াৰ সংহতি পথৰ নিহত উদয় ৰায় চৌধুৰী (বাপন)আৰু ৰাজা বসুমতাৰীয়ে একেলগে মদ্যপান কৰি আছিল ।

ইয়াৰ মাজতেই দুয়োৰে মাজত কিছু কথাৰ কটা কটি লাগে আৰু পিছত কাজিয়াৰ ৰূপ লয়।সুৰাৰ ৰাগীত মাতাল ৰাজা বসুমতাৰীয়ে এডাল বাতামেৰে আঘাত কৰে উদয় ৰায় চৌধুৰীক।

ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত বাপণ উদয় ৰায় চৌধুৰীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰাজাক।