‘পৰ্যটকক আক্ৰমণ কৰাটো ভয়ংকৰ আৰু অক্ষমণীয়…’, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা ৰাষ্ট্ৰপতি মুৰ্মুৰ

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত পৰ্যটকক লক্ষ্য কৰি লোৱা হয় । দুপৰীয়া এই সুন্দৰ উপত্যকা চাবলৈ অহা পৰ্যটকৰ ওপৰত হঠাৎ গুলীচালনা আৰম্ভ কৰে সন্ত্রাসবাদীয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে চৌদিশে বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বহু লোক গুলীৰ আঘাতত বাগৰি পৰে ।

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই আক্ৰমণত দুজন বিদেশীকে ধৰি দুইজনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । আনহাতে এই ঘটনাত কমেও ২০ জন লোক আহত হৈছে । এজন জ্যেষ্ঠ বিষয়াই মৃতকৰ সংখ্যা নিশ্চিত নকৰিলেও সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ইংগিত দিয়ে ।

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণ চাঞ্চল্যকৰ আৰু বেদনাদায়ক বুলি কয় । এইটো এটা নিষ্ঠুৰ আৰু অমানৱীয় কাৰ্য্য যিটোক স্পষ্টভাৱে নিন্দা কৰিব লাগে । নিৰীহ সাধাৰণ নাগৰিক আৰু পৰ্যটকক আক্ৰমণ কৰাটো অত্যন্ত ভয়ংকৰ আৰু অক্ষমনীয় । আপোনজনক হেৰুৱা পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।

এই ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ‘এক্স’ত কয়- জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । নিহতৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।

মোদী আৰু জে ডি ভেন্সৰ সাক্ষাৎ… প্ৰধানমন্ত্ৰীৰ বাসগৃহত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি উষ্ম আদৰণি

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স । সোমবাৰে পুৱা ৯.৪৫ বজাত তেওঁৰ বিমান দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে । বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । ইয়াৰ পিছতে ভাৰত ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ সন্ধিয়া প্ৰধানমন্ত্ৰী গৃহত উপস্থিত হয় ভেন্স । এই ভ্ৰমণক দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

প্ৰধানমন্ত্ৰী মোদী আৰু জে ডি ভেন্সৰ সাক্ষাৎ-

৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জে ডি ভেন্সৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় । ভেন্সৰ পত্নী আৰু সন্তানকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ভেন্স পৰিয়ালক উষ্ম আদৰণি জনোৱা হয় ।

জে ডি ভেন্সৰ এই ভাৰত ভ্ৰমণ অতি বিশেষ । তেওঁ পৰিয়ালসহ ভাৰতলৈ আহিছে । পত্নী উষা আৰু সন্তান ইভান, বিবেক আৰু মিৰাবেলো ভেন্সৰ সৈতে আছে । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে জে ডি ভেন্স ।

ইছৰোৰ স্পেডেক্স উপগ্ৰহৰ দ্বিতীয়টো ডকিঙো সফল; কেন্দ্ৰীয় মন্ত্ৰীয়ে ক’লে – আগলৈ আৰু পৰীক্ষণ চলিব…

ইছৰোৰ স্পেডেক্স উপগ্ৰহে সফলতাৰে দ্বিতীয় ডকিং সম্পূৰ্ণ কৰিছে । আচলতে মহাকাশত উপগ্ৰহবোৰক একেলগে সংযোগ কৰা প্ৰক্ৰিয়াটোক ডকিং আৰু পৃথক কৰা প্ৰক্ৰিয়াটোক আনডকিং বোলা হয় । কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ‘এক্স’ৰ এটা পোষ্টত কয়, ‘উপগ্ৰহৰ দ্বিতীয়টো ডকিং সফলতাৰে সম্পূৰ্ণ হোৱা বুলি জনাবলৈ পাই আনন্দিত হৈছো । পূৰ্বে প্ৰকাশ পোৱা অনুসৰি ২০২৪ চনৰ ৩০ ডিচেম্বৰত PSLV-C60 SpadeX অভিযান সফলতাৰে উৎক্ষেপণ কৰা হয় । তাৰ পিছত ২০২৫ চনৰ ১৬ জানুৱাৰীত পুৱা ০৬:২০ বজাত প্ৰথমবাৰৰ বাবে উপগ্ৰহসমূহ সফলতাৰে ডক কৰা হয় । ২০২৫ চনৰ ১৩ মাৰ্চত পুৱা ০৯:২০ বজাত ইয়াক সফলতাৰে আনডক কৰা হয় । অহা দুসপ্তাহত আৰু পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে ।

বিশ্বৰ নিৰ্বাচিত দেশসমূহৰ ক্লাবত অন্তৰ্ভুক্ত ভাৰত-

ইয়াৰ পূৰ্বে ১৬ জানুৱাৰীত মহাকাশ খণ্ডত আন এক বৃহৎ জাঁপ মাৰি ভাৰতে বিশ্বৰ নিৰ্বাচিত দেশৰ ক্লাবত যোগদান কৰে । ইছৰোৱে ‘স্পেচ ডকিং এক্সপেৰিমেণ্ট’ (স্পেডেক্স)ৰ অধীনত উপগ্ৰহসমূহ সফলতাৰে ডক কৰে । ইছৰোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয়, ‘ভাৰতে মহাকাশ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে । সুপ্ৰভাত ভাৰত, ইছৰোৰ স্পেডএক্স মিছনে ‘ডকিং’ত ঐতিহাসিক সফলতা লাভ কৰিছে । এই মুহূৰ্তটো প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰিছো ।‘

ইয়াৰ লগে লগে ভাৰত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয় । ভাৰতৰ মহাকাশ উচ্চাকাংক্ষা যেনে চন্দ্ৰলৈ ভাৰতীয় অভিযান, চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনা, ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS) নিৰ্মাণ আৰু পৰিচালনা ইত্যাদিৰ বাবে এই প্ৰযুক্তি অতি প্ৰয়োজনীয় ।

ভাৰতত উপস্থিত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি… দিল্লীৰ লগতে যাব জয়পুৰ আৰু আগ্ৰালৈ

সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত দিল্লীত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স । বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । তেওঁক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । সেই সময়ত ভেন্সৰ তিনিটা সন্তান ইভান, বিবেক আৰু মিৰাবেলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । ইয়াৰ পিছত তেওঁ পৰিয়ালৰ সৈতে অক্ষৰধাম মন্দিৰ পৰিদৰ্শন কৰে । চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভেন্সে তেওঁৰ পৰিয়ালৰ সৈতে সোমবাৰে নিশা প্ৰায় ৯ বজাত জয়পুৰত উপস্থিত হ’ব । ভাৰত ভ্ৰমণৰ বেছিভাগ সময় তেওঁ ৰাজস্থানত কটাব আৰু চমু আগ্ৰা ভ্ৰমণ কৰিব ।

জয়পুৰত ভেন্স পৰিয়াল ৰামবাগ পেলেচত থাকিব, য’ত তেওঁলোক নিশা ১০ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই হাই-প্ৰফাইল ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানত দুহেজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে ।

মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হ’ব উপ-ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক কাৰ্যসূচী । তেওঁ মুখ্যমন্ত্ৰী শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীৰ সৈতে পুৱা ৯ বজাত আমেৰলৈ যাব । দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হোটেললৈ উভতি অহাৰ পূৰ্বে আমেৰ দুৰ্গ, পান্না মীনা কা কুণ্ড আৰু অনোখী মিউজিয়াম পৰিদৰ্শন কৰিব ভেন্সে ।

মঙলবাৰে বিয়লি ২.৪৫ বজাত ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ ওপৰত ভাষণ প্ৰদান কৰিব ভেন্সে । বিয়লি ৪ বজাত তেওঁ হোটেললৈ উভতি আহিব, য’ত ভি আই পি, গণ্যমান্য ব্যক্তিৰ সৈতে বৈঠক হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে পুৱা ৯ বজাত তেওঁ জয়পুৰৰ পৰা বিশেষ বিমানেৰে আগ্ৰালৈ ৰাওনা হ’ব ।

তাজমহল পৰিদৰ্শন কৰাৰ পিছত দিনৰ ১.২৫ বজাত জয়পুৰলৈ উভতি আহিব । বিষয়াসকলে জনোৱা মতে, বিয়লি ২ বজাত চিটি পেলেচ ভ্ৰমণৰ কথা আছে, য’ত উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে তেওঁক আদৰণি জনাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব । উপ-ৰাষ্ট্ৰপতি ভেন্স আৰু তেওঁৰ পৰিয়ালে ভ্ৰমণৰ সামৰণি মাৰি বৃহস্পতিবাৰে পুৱা ৬.৩০ বজাত বিশেষ বিমানেৰে ৱাশ্বিংটন ডি চিলৈ যাত্ৰা কৰিব ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপৰ অন্তত ভাৰত ভ্ৰমণৰ কথা ঘোষণা ইলন মাস্কৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ অন্তত এইবাৰ ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা টেছলাৰ চি ই অ’ ইলন মাস্কে । শুকুৰবাৰে (১৮ এপ্ৰিল) দুয়োৰে মাজত বহু বিষয়ত আলোচনা হয়, তাৰ পিছত মাস্কে এতিয়া এক্সত ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰিছে ।

মাস্কৰ সৈতে হোৱা বাৰ্তালাপক লৈ প্ৰধানমন্ত্ৰী মোদীৰ টুইট-

ইলন মাস্কৰ সৈতে ফোনত হোৱা কথা-বতৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰে যে আমি চলিত বৰ্ষৰ আৰম্ভণিতে ৱাশ্বিংটন ডি.চিত আমাৰ বৈঠকৰ সময়ত আলোচনা কৰা বিষয়সমূহকে ধৰি বহুতো বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ । আমি প্ৰযুক্তি আৰু উদ্ভাৱনৰ খণ্ডসমূহত গভীৰ অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিলোঁ । এই ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ সৈতে অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধ হৈ থাকিব ।

প্ৰধানমন্ত্ৰী আৰু মাস্কৰ মাজত হোৱা আলোচনা দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো দিল্লী আৰু ৱাশ্বিংটনে পাৰস্পৰিক শুল্ক সম্পৰ্কীয় মতানৈক্য সমাধান আৰু বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ দিশত কাম কৰি আছে।

ভাৰত ভ্ৰমণৰ কথা ঘোষণা মাস্কৰ-

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ পিছত ইলন মাস্কে টুইট কৰি কৃতজ্ঞতা প্ৰকাশ কৰে । এক্সত মাস্কে লিখিছে- ‘প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাটো এক সন্মানৰ কথা আছিল । এই বছৰৰ শেষৰ ফালে ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী !’

ভাৰতৰ পৰা কি আশা কৰিছে ইলন মাস্কে ?

ভাৰত বিশ্বৰ সৰ্ববৃহৎ বজাৰ । ইয়াত বৃহৎ সংখ্যক লোকে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিছে । টেছলাই ভাৰতীয় বজাৰতো প্ৰৱেশ কৰি তাত নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিব বিচাৰে । মাস্কে আশা কৰিছে যে ভাৰতে টেছলাৰ গাড়ীৰ আমদানি শুল্কত কিছু সকাহ দিব, যাৰ ফলত গাড়ী কোম্পানীয়ে ভাৰতত দীৰ্ঘম্যাদীভাৱে থকাৰ পৰিকল্পনাত সহায় কৰিব ।

প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত মাস্কক সাক্ষাৎ কৰিছিল । ইয়াৰ পিছত টেছলাই ভাৰতত শ্ব’ৰুম আৰু ডেলিভাৰী সম্পৰ্কীয় কামৰ বাবে নিযুক্তি আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

আই পি এলৰ মাজতে বি চি চি আইৰ ডাঙৰ পদক্ষেপ… প্ৰশিক্ষককে ধৰি ৩ জন লোকক অপসাৰণ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ হতাশাজনক প্ৰদৰ্শনৰ পাছত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । বি চি চি আইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দলৰ সহায়ক কৰ্মচাৰীৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন কৰিছে । বি চি চি আইয়ে ভাৰতীয় দলৰ পৰা ৪ জন কৰ্মচাৰীক অপসাৰণ কৰিছে, য’ত আছে সহকাৰী প্ৰশিক্ষক, ফিল্ডিং প্ৰশিক্ষক, শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক আৰু এজন মাচাজাৰ ।

আটাইতকৈ ডাঙৰ কথাটো হ’ল মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ঘনিষ্ঠ সহযোগী অভিষেক নায়াৰকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । অভিষেক নায়াৰ কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ দিনৰে পৰা গৌতম গম্ভীৰৰ সৈতে জড়িত আছিল । গম্ভীৰ যেতিয়া টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হৈছিল তেতিয়া অভিষেক নায়াৰকো সহায়ক কৰ্মচাৰীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল । অভিষেক নায়াৰে দলত সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আছিল । ২০২৪ চনৰ ২৪ জুলাইত অভিষেক নায়াৰক টিম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল ।

অভিষেক নায়াৰৰ উপৰিও ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক সোহম দেশাইকো টিম ইণ্ডিয়াৰ সহায়ক কৰ্মচাৰীৰ পৰা আঁতৰোৱা হৈছে । একে সময়তে এজন মাচাজাৰ (ফিজিঅ’ চাপৰ্ট ষ্টাফ)কো আঁতৰোৱা হৈছে । অৱশ্যে এই মাচাজাৰগৰাকীৰ নাম প্ৰকাশ পোৱা নাই ।

প্ৰশিক্ষক কৰ্মচাৰীৰ মাজত আধিপত্য আছিল গম্ভীৰৰ-

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল শেষ হয় । তাৰ পিছত ২০২৪ চনৰ ৯ জুলাইত গৌতম গম্ভীৰক ভাৰতৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় । প্ৰাক্তন ভাৰতীয় তাৰকাগৰাকীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা নিজৰ প্ৰশিক্ষক কৰ্মচাৰীৰ এটা ডাঙৰ অংশক লৈছিল, য’ত অভিষেক নায়াৰ, ৰিয়ান টেন ড’শ্বেট আৰু মৰ্ণে মৰ্কেল আছিল (লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গম্ভীৰ মেন্টৰ আছিল তেতিয়া মৰ্কেল বলিং প্ৰশিক্ষক আছিল)।

টিম ইণ্ডিয়াৰ সহায়ক কৰ্মচাৰীত এতিয়া কোন আছে ?

নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ০-৩ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতে সংগ্ৰাম কৰিব লগা হৈছিল । ইয়াৰ পিছতে বি চি চি আইয়ে চলিত বৰ্ষৰ আৰম্ভণিতে এন চি এ আৰু ইণ্ডিয়া এৰ প্ৰশিক্ষক সীতানু কোটকক বগা বলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে । ইংলেণ্ডৰ বিৰুদ্ধে খেলা ছিৰিজত টিম ইণ্ডিয়াৰ সৈতে জড়িত আছিল কোটাক ।

প্ৰাৰম্ভিক বিপৰ্যয়ৰ মাজতো গম্ভীৰ আৰু তেওঁৰ প্ৰশিক্ষক দলে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ভাৰতক চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে । বিজয়ী অভিযানৰ সময়ত নায়াৰ, টেন ড’শ্বেট, মৰ্কেল, দিলীপ আৰু কোটাক আটাইকেইজনেই আছিল সহায়ক কৰ্মচাৰীৰ মূল সদস্য । ভাৰতীয় দলৰ সৈতে নায়াৰৰ কাৰ্যকাল শেষ হ’ল যদিও বাকী খেলুৱৈসকলে এতিয়াও দলত থাকিব আৰু পূৰ্বৰ সতীৰ্থৰ স্থান ল’ব ।

২০ জুনৰ পূৰ্বে টিম ইণ্ডিয়াৰ নতুন কৰ্মচাৰী উপলব্ধ হ’ব-

২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দলটোৱে নতুন সহায়ক কৰ্মচাৰী লাভ কৰিব পাৰে । ভাৰতৰ পৰৱৰ্তী প্ৰত্যাহ্বান হ’ব ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা, য’ত অভিষেক নায়াৰ আৰু টি দিলীপৰ ঠাইত বি চি চি আইয়ে কাক আনিব সেয়া লক্ষ্যণীয় হ’ব ।

‘চীনলৈ আৰু অধিক ভাৰতীয় আহিব লাগে…’, ট্ৰাম্পৰ সৈতে শত্ৰুতাৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ হাত আগবঢ়াইছে ড্ৰেগনে

আমেৰিকাৰ সৈতে চলি থকা বাণিজ্য যুদ্ধৰ মাজতে চীনে ভাৰতক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে । চীনে ৮৫,০০০ৰো অধিক ভাৰতীয় নাগৰিকক ভিছা প্ৰদান কৰিছে ।

ভাৰতত থকা চীনৰ দূতাবাসে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৯ এপ্ৰিললৈ ৮৫ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক ভিছা প্ৰদান কৰিছে । দুয়ো দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে অধিক সংখ্যক ভাৰতীয়ক চীন ভ্ৰমণ আৰু চীনত অধিক মুকলি, নিৰাপদ আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

তেওঁ ছ’চিয়েল মিডিয়া পোষ্টত কয় যে ২০২৫ চনৰ ৯ এপ্ৰিললৈকে ভাৰতত থকা চীনৰ দূতাবাস আৰু কনছুলেটসমূহে চীন ভ্ৰমণলৈ যোৱা ভাৰতীয় নাগৰিকক ৮৫ হাজাৰৰো অধিক ভিছা প্ৰদান কৰিছে । অধিক সংখ্যক ভাৰতীয় বন্ধুৱে চীন ভ্ৰমণ কৰিবলৈ আৰু নিৰাপদ আৰু বন্ধুত্বপূৰ্ণ চীনক চিনি পাবলৈ আদৰণি জনোৱা হৈছে । যোৱা বছৰ চীনে ১ লাখ ৮০ হাজাৰ ভাৰতীয়ক ভিছা প্ৰদান কৰিছিল ।

ভাৰতীয় পৰ্যটকক বহু ৰেহাই দিছিল চীনে-

ভাৰতীয় পৰ্যটকক চীনে বহু ধৰণৰ ৰেহাই দিছে । ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চীনা ভিছাৰ বাবে আবেদন কৰা ভাৰতীয়সকলে আৰু বাধ্যতামূলকভাৱে অনলাইন এপইণ্টমেণ্ট ল’ব নালাগিব । ইয়াৰ ফলত ভিছা আবেদন প্ৰক্ৰিয়া সহজ হৈ পৰিব ।

ইয়াৰ বাহিৰেও যদি ভাৰতীয় নাগৰিকে কম সময়ৰ বাবে চীনলৈ যাব বিচাৰে, তেন্তে তেওঁলোকে আৰু বায়’মেট্ৰিক ডাটা জমা দিয়াৰ প্ৰয়োজন নাই, যাৰ ফলত ভিছা প্ৰক্ৰিয়াকৰণৰ সময় কমি যায় ।

ভিছা অনুমোদন ব্যৱস্থা ক্ষিপ্ৰ কৰিবলৈ চীনে অনুমোদনৰ সময়সীমাও সহজ কৰি তুলিছে, যাৰ ফলত প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হৈছে । চীনে নিজৰ দেশলৈ অধিক ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ ভিছা মাচুলো হ্ৰাস কৰিছে ।

কি হয় ইণ্ডিয়ান ক’ষ্ট গাৰ্ড ?  যদি আপুনি এটা উন্নত কেৰিয়াৰ বিকল্প বিচাৰিছে তেন্তে জানক সবিশেষ

যদি আপুনি দেশৰ সেৱা কৰিব বিচাৰে আৰু দুঃসাহসিক কৰ্মেৰে ভৰা কেৰিয়াৰ বিচাৰিছে, তেন্তে ইণ্ডিয়ান ক’ষ্ট গাৰ্ড এক উত্তম বিকল্প হ’ব পাৰে । এই ক্ষেত্ৰত কেৱল স্থায়ী চৰকাৰী চাকৰি পোৱাই নহয়, দেশ সেৱা কৰাৰ গৌৰৱো লাভ কৰে । সামুদ্ৰিক নিৰাপত্তাৰ পৰা আৰম্ভ কৰি জৰুৰীকালীন উদ্ধাৰ অভিযানলৈকে ক’ষ্ট গাৰ্ডৰ প্ৰতিটো দিনেই প্ৰত্যাহ্বানমূলক আৰু গৌৰৱেৰে ভৰা । ইয়াত জানি লওক ইণ্ডিয়ান ক’ষ্ট গাৰ্ড বা উপকূলৰক্ষী কি, ইয়াত কেনেকৈ প্ৰৱেশ কৰিব লাগে আৰু কি কি পদ উপলব্ধ ।

ভাৰতীয় উপকূলৰক্ষী কি ?

১৯৭৭ চনৰ ডিচেম্বৰ মাহত স্থাপিত ভাৰতৰ এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক সুৰক্ষা সংস্থা ভাৰতীয় উপকূলৰক্ষী । ইয়াৰ মূল কাম হৈছে ভাৰতীয় সামুদ্ৰিক সীমা সুৰক্ষা, উপকূলীয় অঞ্চলসমূহ নিৰীক্ষণ কৰা আৰু বিপদত আবদ্ধ লোকসকলক সহায় কৰা । ই ভাৰতীয় নৌসেনা, বায়ুসেনা আৰু অন্যান্য সংস্থাসমূহৰ সহযোগত কাম কৰে ।

ক’ষ্ট গাৰ্ডত কি কি পদ আছে ?

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পদ, যি এজন ৩ তাৰকা ৰেংক বিষয়া । ইয়াৰ বাহিৰেও কমাণ্ডেণ্ট, এচিষ্টেণ্ট কমাণ্ডেণ্ট, ইঞ্জিনিয়াৰ আৰু নাৱিক আদি বহু পদ আছে । প্ৰতি বছৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এই পদসমূহৰ বাবে নিযুক্তি দিয়ে, য’ত যুৱ প্ৰাৰ্থীক সুযোগ দিয়া হয় ।

অৰ্হতা আৰু বয়সৰ সীমা-

ছেইলৰ পদৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২২ বছৰৰ ভিতৰত হ’ব লাগে । আনহাতে, অন্যান্য পদৰ বাবে বিভিন্ন শিক্ষাগত অৰ্হতা আৰু শাৰীৰিক ফিটনেছৰ প্ৰয়োজন । কিছুমান পদৰ বাবে স্নাতক হোৱাটো বাধ্যতামূলক, আনহাতে কিছুমানৰ বাবে দ্বাদশ উত্তীৰ্ণয়ো আবেদন কৰিব পাৰে ।

বাছনি কেনেকৈ কৰা হয় ?

নিযুক্তি প্ৰক্ৰিয়াত সাধাৰণতে লিখিত পৰীক্ষা, শাৰীৰিক পৰীক্ষা, চিকিৎসা পৰীক্ষা আৰু সাক্ষাৎকাৰ আদি অন্তৰ্ভুক্ত থাকে । নিৰ্বাচন সম্পূৰ্ণৰূপে যোগ্যতাৰ ওপৰত ভিত্তি কৰি কৰা হয় । আবেদন কৰাৰ পূৰ্বে নিযুক্তি সম্পৰ্কীয় অধিসূচনা ভালদৰে পঢ়িব লাগে ।

কেনেকৈ আবেদন কৰিব ?

ইচ্ছুক প্ৰাৰ্থীয়ে ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইট joinindiancoastguard.cdac.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব । প্ৰয়োজনীয় সকলো নথি শুদ্ধকৈ আপলোড কৰি সময়ৰ আগতেই প্ৰ-পত্ৰ জমা দিব লাগে ।

বেলজিয়ামত গ্ৰেপ্তাৰ হোৱা পলাতক মেহুল চোকছিক প্ৰত্যাৰ্পণৰ অনুৰোধ ভাৰত চৰকাৰৰ…

পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছিক প্ৰত্যাৰ্পণৰ বাবে দাবী কৰিছে ভাৰত চৰকাৰে । ১২ এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল চোকছি । সোমবাৰে বেলজিয়ামৰ ফেডাৰেল পাব্লিক চাৰ্ভিচে এই তথ্য প্ৰদান কৰে । ভাৰতত সংঘটিত হাজাৰ হাজাৰ কোটি টকাৰ পি এন বি বেংক কেলেংকাৰিৰ মূল অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছি দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ।

চোকছিক গ্ৰেপ্তাৰ কৰাটো ভাৰতৰ প্ৰত্যাৰ্পণৰ প্ৰচেষ্টাৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি বিবেচিত হৈছে । বিভাগটোৱে জনোৱা মতে, বেলজিয়াম কৰ্তৃপক্ষই চোকছিৰ বিৰুদ্ধে অধিক আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে । ইয়াৰ উপৰিও আইনী পৰিষদো পলাতকটোৰ বাবে উপলব্ধ কৰা হ’ব ।

১২ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল-

বিভাগটোৰ মুখপাত্ৰৰ উদ্ধৃতি দি এক সংবাদ সংস্থাই কয় যে, ‘২০২৫ চনৰ ১২ এপ্ৰিল শনিবাৰে মেহুল চোকছিক গ্ৰেপ্তাৰ কৰা হৈছিল । পৰৱৰ্তী ন্যায়িক প্ৰক্ৰিয়াৰ অপেক্ষাত চোকছিক জিম্মাত ৰখা হৈছে । চোকছিক অধিবক্তাৰ সৈতে কথা পাতিবলৈ অনুমতি দিয়া হৈছে । বেলজিয়ামৰ ফেডাৰেল পাব্লিক চাৰ্ভিচ অৱ জাষ্টিছে নিশ্চিত কৰিছে যে ভাৰত চৰকাৰে চোকছিক প্ৰত্যাৰ্পণৰ বাবে আনুষ্ঠানিক অনুৰোধ প্ৰেৰণ কৰিছে ।

ছুইজাৰলেণ্ডলৈ পলায়ন কৰিবলৈ ওলাইছিল চোকছি-

ইয়াৰ পূৰ্বে সোমবাৰে চোকছিৰ অধিবক্তাই নিশ্চিত কৰিছিল যে পঞ্জাৱ নেশ্যনেল বেংকৰ কেলেংকাৰিৰ সৈতে জড়িত পলাতক হীৰা ব্যৱসায়ীটোক বেলজিয়াম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । চুইজাৰলেণ্ডত চিকিৎসাৰ অজুহাতত চোকছিয়ে পলায়নৰ পৰিকল্পনা কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হয় ।

বেলজিয়ামলৈ যাবলৈ সাজু ভাৰতীয় বিষয়া-

ভাৰতীয় বিষয়াসকলে এতিয়া চোকছিৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে বেলজিয়ামলৈ যোৱাৰ প্ৰস্তুতি চলাইছে । চোকছি যাতে জিম্মাত থাকে আৰু প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব পাৰে তাৰ বাবে তেওঁলোকে আইনী কৌশল ৰচনা কৰিছে ।