আজি গুৱাহাটীত ভাৰত-নিউজীলেণ্ডৰ তৃতীয় টি-২০… শৃংখলা দখলৰ লক্ষ্য সূৰ্য ব্ৰিগেডৰ

তৃতীয় টি-২০ত আজি কিৱিৰ সন্মুখত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব মেচখন । বৰ্ষাপাৰাৰ পিটচলৈ চাই আজি হাই স্ক’ৰিং মেচৰ সম্ভাৱনা আছে ।

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ মাজৰ পাঁচখন শৃংখলাৰ তৃতীয়খন টি-২০ মেচ । ইতিমধ্যে হৈ যোৱা দুয়োখন টি-২০তে জয়লাভ কৰি শৃংখলাত ২-০ ব্যৱধানত আগবাঢ়ি আছে টিম ইণ্ডিয়া । আজিৰ মেচত শৃংখলা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে সূৰ্যকুমাৰ যাদৱৰ নেতৃ্তবত খেলপথাৰত নামিব ভাৰতীয় দলটো । ইফালে প্ৰথম দুখন মেচত পৰাস্ত হোৱা নিউজীলেণ্ডে শৃংখলালৈ প্ৰত্যাৱৰ্তনৰ মৰপণ চেষ্টা চলাব । ফলত এই মেচ ভাৰতৰ বাবে যথেষ্ঠ প্ৰত্যাহ্বানজনক হ’ব । এই মেচৰ টছ সন্ধিয়া ৬:৩০ বজাত অনুষ্ঠিত হ’ব, সন্ধিয়া ৭ বজাৰ পৰা মেচখন আৰম্ভ হ’ব ।

নাগপুৰত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে মুঠ ২৩৮ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল । এই মেচত টীম ইণ্ডিয়াই ৪৮ ৰানত জয়লাভ কৰে । ইয়াৰ পিছতে ৰায়পুৰত অনুষ্ঠিত হয় দ্বিতীয়খন টি-২০ মেচ । এই মেচত কিৱি দলে প্ৰথমে বেটিং কৰি ২০৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৬ ৰানতে দুটা উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও ঈষান কিষণ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত ১৫.২ অভাৰত ২০৯ ৰানৰ লক্ষ্যত উপনীত হয় ভাৰত ।

গুৱাহাটী পিটচ ৰিপৰ্ট-

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ খেলপথাৰ বেটছমেনৰ বাবে অনুকূল বুলি জনা যায় । গতিকে আজিও এই খেলপথাৰত হাই স্ক’ৰিং মেচৰ সম্ভাৱনা আছে । ২০২৩ চনত এই খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ভাৰতে ২২২ ৰান সংগ্ৰহ কৰিছিল । অৱশ্যে অষ্ট্ৰেলিয়াই মেচখনত টিম ইণ্ডিয়াক পৰাস্ত কৰিছিল ।

তৃতীয় টি-২০ৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ :

অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল/কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ/হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক : বিশ্বকাপত অব্যাহত ভাৰতৰ বিজয়ী অভিযান, বৈভৱ-আয়ুসৰ ধুমহাত ৭ উইকেটত পৰাস্ত নিউজীলেণ্ড