ডলাৰৰ বিপৰীতে টকাৰ পুনৰ পতন, ৩১ পইচা হ্ৰাসেৰে সৰ্বকালৰ নিম্নতম স্তৰত ভাৰতীয় মুদ্ৰা
অব্যাহত আছে ভাৰতীয় মুদ্ৰাৰ পতন । ডলাৰৰ বিপৰীতে ৩১ পইচা হ্ৰাস পাই ৯১.২৮ পইচাত উপনীত হৈছে ভাৰতীয় মুদ্ৰাৰ মূল্য ।
বিশ্বৰ বজাৰত সতৰ্কতা আৰু ডলাৰৰ চাহিদা প্ৰবল হোৱাৰ মাজতে বুধবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ভয়াৱহভাৱে হ্ৰাস পাই অভিলেখৰ নিম্নতম স্তৰলৈ নামে । এতিয়া ডলাৰৰ বিপৰীতে ৩১ পইচা হ্ৰাস পাই ৯১.২৮ পইচাত উপনীত হৈছে ভাৰতীয় মুদ্ৰাৰ মূল্য ।
বৈদেশিক মুদ্ৰা ব্যৱসায়ীসকলৰ মতে, বৰ্ধিত ভূ-ৰাজনৈতিক অনিশ্চয়তা আৰু আমেৰিকাৰ সম্প্ৰসাৰণবাদী সংকেতসমূহে বিনিয়োগকাৰীৰ বিপদ বৃদ্ধি কৰিছে । ভাৰতীয় টকাকে ধৰি উদীয়মান বজাৰৰ মুদ্ৰাৰ ওপৰত এই চাপ অব্যাহত আছে ।
বৈদেশিক মুদ্ৰাৰ বজাৰত টকাৰ মূল্যৰ অভিলেখ অৱনমন
মঙলবাৰে আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত টকাৰ মূল্যৰ উল্লেখনীয় অৱনমন লক্ষ্য কৰা যায় । বজাৰ মুকলি হোৱাৰ সময়ত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ বিনিময় মূল্য আছিল ৯১.০৫ । অৱশ্যে, দিনটোৰ লেনদেনৰ অন্তত এই মূল্য আৰু অধিক হ্ৰাস পাই ৯১.২৮ টকা হয়গৈ ।
–প্ৰাৰম্ভিক মূল্য: ৯১.০৫ টকা (প্ৰতি ডলাৰত)
–বন্ধ হোৱা মূল্য: ৯১.২৮ টকা
–মুঠ হ্ৰাস: পূৰ্বৰ তুলনাত ৩১ পইচাৰ পতন।
–অভিলেখ: দিনটোৰ এটা সময়ত টকাৰ মূল্য ৯০.৯৭ লৈ নামি আহে, যিটো আছিল আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ সৰ্বকালৰ নিম্নগামী অভিলেখ ।
লগতে পঢ়ক : নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ… মহাকাশত গঢ়িছিল অসংখ্য অভিলেখ