ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি…

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জেইৰ বোলছনাৰোক ২০২২ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ক্ষমতাত থাকিবলৈ অভ্যুত্থানৰ চেষ্টা কৰাৰ বাবে দোষী সাব্যস্ত হয়।

আদালতৰ পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে তেওঁক ৫টা অপৰাধত দোষী সাব্যস্ত কৰে আৰু ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হয়।

ব্ৰাজিলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যেতিয়া এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক অভ্যুত্থান চলোৱাৰ দোষী সাব্যস্ত কৰা হৈছে।

বোলছোনাৰো,যি বৰ্তমান ব্ৰাজিলিয়াত গৃহবন্দী হৈ আছে,তেওঁ এই অভিযোগসমূহ সদায় অস্বীকাৰ কৰি আহিছে।এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰাৰ অধিকাৰ তেওঁৰ আছে।

আদালতৰ সিদ্ধান্ত প্ৰকাশ কৰিবলৈ ৬০ দিনৰ সময় আছে,ইয়াৰ পিছত বোলছোনাৰোৰ অধিবক্তাই ৫ দিনৰ ভিতৰত স্পষ্টীকৰণৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

বোলছনাৰোক শাস্তি প্ৰদান কৰি ন্যায়াধীশ কাৰ্মেন লুচিয়াই কয়,’প্ৰমাণৰ সৈতে স্পষ্ট যে বোলছনাৰোৱে ক্ষমতা দখল বা ধৰি ৰাখিবলৈ সকলো সম্ভৱ কৰিছিল।তেওঁ আছিল এটা সংগঠিত গেঙৰ নেতা।’

লগতে পঢ়ক: ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক গুলীয়াই হত্যা; ভাষণ দি থকা অৱস্থাতে গুলীচালনা দুৰ্বৃত্তৰ

ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ব্ৰিকছ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ৰাজকীয় ভ্ৰমণত ব্ৰাজিলিয়ালৈ যাব তেওঁ । এই ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ পাঁচখন দেশৰ ভ্ৰমণৰ চতুৰ্থ পৰ্যায় । ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হোৱাৰ লগে লগে প্ৰৱাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক এক বৃহৎ আদৰণি জনায় । পৰম্পৰাগত নৃত্য, সাংস্কৃতিক উপস্থাপন আৰু দেশপ্ৰেমমূলক চিত্ৰৰে আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীক প্ৰবাসী ভাৰতীয়সকলে ।

প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ সময়ত অপাৰেচন সিন্দুৰৰ আভাসো দেখা যায় । পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলাই থকা অভিযানৰ আধাৰত এই উপস্থাপন কৰা হয় । এই সমগ্ৰ অনুষ্ঠানটো নৃত্য আৰু চিত্ৰকলাৰ জৰিয়তে প্ৰদৰ্শিত হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে । তেওঁক ভাৰতীয় সম্প্ৰদায়ে উষ্ম আদৰণি জনাই ।

গ্ৰেণ্ড ৱেলকামত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

ব্ৰাজিলত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ব্ৰজিলৰ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে ৰিঅ’ ডি জেনেৰঅ’ত উষ্ম আদৰণি জনায় । ভাৰতীয় সংস্কৃতিৰ সৈতে তেওঁলোক কিমান সংযুক্ত আৰু ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁলোক কিমান আবেগিক সেয়া আচৰিত কথা” ।

শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে-

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণৰ সময়ত তেওঁ ৬ আৰু ৭ জুলাইত ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত ৰাজকীয় ভ্ৰমণ কৰিব । প্ৰায় ছয় দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই হ’ব প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ ।

লগতে পঢ়ক : ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা

৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা

৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰাজিল ভ্ৰমণ সন্দৰ্ভত শনিবাৰে ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াই কয় যে এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ব্ৰাজিলৰ মাজত দ্বিপাক্ষিক সন্ত্ৰাসবাদ বিৰোধী চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । ভাটিয়াই কয় যে দুয়োখন দেশ অতি ঘনিষ্ঠ । ১৯৪৮ চনত লেটিন আমেৰিকাত ব্ৰাজিলত ভাৰতে প্ৰথমটো দূতাবাস মুকলি কৰিছিল । তেতিয়াৰ পৰা আমাৰ সম্পৰ্ক অতি শক্তিশালী হৈ উঠিছে ।

ব্ৰাজিললৈ প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ ভ্ৰমণ-

তেওঁ কয় যে ২০০৬ চনত আমি এই সম্পৰ্কসমূহক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিলোঁ আৰু তেতিয়াৰ পৰাই ই অহৰহ শক্তিশালী হৈ আহিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ তিনিবাৰ দেশখনলৈ গৈছে । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজকীয় ভ্ৰমণলৈ আহিছে ।

দুদিন ৰিঅ’ ডি জেনেইৰ’ত থাকিব প্ৰধানমন্ত্ৰী মোদী-

তেওঁ অৱগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হ’ব আৰু তাত দুদিন থাকিব । ইয়াৰ পিছত তেওঁ ৰাজকীয় ভ্ৰমণৰ বাবে ব্ৰাজিলিয়ালৈ যাব । এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ ৫৭ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ ।

ব্ৰাজিলে আয়োজন কৰিছে ব্ৰিকছ সন্মিলন-

ব্ৰিকছ শীৰ্ষ সন্মিলন সন্দৰ্ভত তেওঁ কয় যে ব্ৰাজিলে এই বছৰ ব্ৰিকছ শীৰ্ষ সন্মিলন আয়োজন কৰিছে । এইবাৰ নতুন অংশীদাৰ দেশসমূহে ইয়াত অংশগ্ৰহণ কৰিব । বিশ্ব শাসন আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সদায় ব্ৰিকছৰ মূল কাৰ্যসূচীত আছিল আৰু ভৱিষ্যতেও এই প্ৰক্ৰিয়া অব্যাহত থাকিব । ইয়াৰ উপৰিও ব্ৰাজিলে আন বহু বিষয়ো আলোচনাত অন্তৰ্ভুক্ত কৰিছে, যিবোৰে যৌথ ঘোষণাত স্থান পাব ।

লগতে পঢ়ক : আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰত উষ্ম আদৰণি

২১ যাত্ৰী কঢ়িয়াই নিয়া হট এয়াৰ বেলুনত জুই; আঠজনৰ মৃত্যু

২১ যাত্ৰী কঢ়িয়াই নিয়া হট এয়াৰ বেলুনত জুই

ব্ৰাজিলৰ দক্ষিণৰ চান্টা কেটাৰিনা ৰাজ্যত শনিবাৰে ২১ জন যাত্ৰী কঢ়িয়াই নিয়া এটা হট এয়াৰ বেলুনত অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত কমেও ৮ জন লোকৰ মৃত্যু হয় । প্ৰকাশিত বাতৰি অনুসৰি পুৱা উৰণৰ সময়ত পৰ্যটকৰ বেলুনটোত জুই লাগে আৰু তাৰ পিছত প্ৰাইয়া গ্ৰেণ্ডে চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত ১৩ জন লোকৰ কোনোমতে প্ৰাণৰক্ষা পৰে আৰু ৮ জন লোকৰ মৃত্যু হয় ।

স্থানীয় গৱৰ্ণৰে কয় যে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এই দুৰ্ঘটনাত সকলো স্তম্ভিত হৈ পৰিছে বুলিও তেওঁ কয় । অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ১৩ জন জীৱিত লোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ।

লগতে পঢ়ক : ‘ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ বাবে আমি ক্ৰেডিট বা নোবেল বঁটা নাপাওঁ’; পুনৰ আৱেগিক ডনাল্ড ট্ৰাম্প

ব্ৰিকছৰ অংশীদাৰ দেশ হ’ল নাইজেৰিয়া, ব্ৰাজিলে কৰিলে ঘোষণা

নাইজেৰিয়াক ব্ৰিকছ গোটৰ অংশীদাৰ দেশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । এই তথ্য এই গোটৰ অধ্যক্ষ ব্ৰাজিলে প্ৰদান কৰিছে । ব্ৰাজিল, ৰাছিয়া, ভাৰত আৰু চীনে ২০০৯ চনত ব্ৰিকছ গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল । ২০১০ চনত দক্ষিণ আফ্ৰিকাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল । ঔদ্যোগিকভাৱে উন্নত ৰাষ্ট্ৰৰ এটা গোট জি-৭ৰ প্ৰতিৰোধ হিচাপে গঠন কৰা হৈছিল এই গোট ।

যোৱা বছৰ সম্প্ৰসাৰণ ঘটিছিল ব্ৰিকছ গোটৰ-

যোৱা বছৰ ব্ৰিকছ গোটে ইৰাণ, ইজিপ্ত, ইথিওপিয়া আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ক সংযোজন কৰিছিল । আনহাতে ছৌদি আৰবকো যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল । তুৰ্কী, আজাৰবাইজান, মালয়েছিয়াইও আনুষ্ঠানিকভাৱে ব্ৰিকছৰ সদস্য হ’বলৈ আবেদন কৰিছে আৰু আন কিছুমান দেশেও আগ্ৰহ প্ৰকাশ কৰিছে ।

নাইজেৰিয়া বিশ্বৰ ভিতৰতে ষষ্ঠ সৰ্বাধিক জনসংখ্যা থকা দেশ-

নাইজেৰিয়া ব্ৰিকছৰ নৱম অংশীদাৰ দেশ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে বেলাৰুছ, বলিভিয়া, কিউবা, কাজাখাস্তান, মালয়েছিয়া, থাইলেণ্ড, উগাণ্ডা আৰু উজবেকিস্তানও এই গোটৰ অংশীদাৰ দেশ আছিল । আজি ব্ৰাজিল চৰকাৰে এক বিবৃতিত কয় যে নাইজেৰিয়া বিশ্বৰ ষষ্ঠ জনবহুল দেশ আৰু ইয়াৰ জনসংখ্যা সৰ্বাধিক হোৱাৰ লগতে আফ্ৰিকা মহাদেশৰ অন্যতম আগশাৰীৰ অৰ্থনীতি । নাইজেৰিয়াৰ ব্ৰিকছৰ অন্যান্য সদস্য দেশৰ সৈতে উমৈহতীয়া স্বাৰ্থ আছে ।

নাইজেৰিয়াই সক্ৰিয় ভূমিকা পালন কৰে-

বিবৃতিটোত লগতে কোৱা হৈছে যে, নাইজেৰিয়াই দক্ষিণ-দক্ষিণ সহযোগিতা শক্তিশালী কৰা আৰু বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে । ব্ৰিকছৰ নেতাসকলে কয় যে তেওঁলোকে বিকল্প পেমেণ্ট ব্যৱস্থা (আমেৰিকান ডলাৰত) প্ৰৱৰ্তনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । যোৱা বছৰ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰিকছ দেশসমূহক সকীয়াই দিছিল যে যদি তেওঁলোকে আমেৰিকান ডলাৰ দুৰ্বল কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব ।

ব্ৰিকছৰ সদস্য হ’ল বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশখন! ব্ৰাজিলৰ ঘোষণাত ছিন্নভিন্ন পাকিস্তানৰ সপোন

বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশখন ব্ৰিকছৰ পূৰ্ণ সদস্য হৈ পৰিছে । ব্ৰাজিলে সোমবাৰে (৬ জানুৱাৰী, ২০২৫) আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে । ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, “দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ জনবহুল দেশ ইণ্ডোনেছিয়াই এতিয়া অন্যান্য সদস্যসকলৰ সৈতে মিলি বিশ্ব শাসন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু গ্ল’বেল চাউথৰ ভিতৰত সহযোগিতাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব ।”

উল্লেখযোগ্য যে এইবাৰ ২০২৫ চনত ব্ৰাজিলে ব্ৰিকছৰ বৈঠকৰ অধ্যক্ষতা কৰিব । একে সময়তে ২০২৩ চনত জোহান্সবাৰ্গ সন্মিলনত ইণ্ডোনেছিয়াই ব্ৰিকছ সংগঠনত যোগদানৰ অনুমোদন লাভ কৰিছিল ।

ব্ৰাজিলৰ এই ঘোষণাত শ্বাহবাজ শ্বৰীফে পালে আঘাত-

ব্ৰাজিলে ইণ্ডোনেছিয়াই ব্ৰিকছত যোগদান কৰাৰ কথা ঘোষণা কৰে । এই ঘোষণাই পাকিস্তানক ডাঙৰ আঘাত দিছে । প্ৰকৃততে পাকিস্তানে কেতিয়াও বিচৰা নাছিল যে বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়া ব্ৰিকছ সংগঠনৰ অংশ হওক । কিন্তু পাকিস্তানে নিজেই ব্ৰিকছত যোগদানৰ বাবে অহৰহ চেষ্টা চলাই আছে । ইয়াৰ বাবে ভাৰতৰ আন এখন চুবুৰীয়া দেশ চীনে পাকিস্তানক সমৰ্থন কৰিছে । কিন্তু তথাপিও পাকিস্তানে এতিয়ালৈকে ইয়াত যোগদান কৰিব পৰা নাই ।

ব্ৰাজিলৰ লক্ষ্য হৈছে গ্ল’বেল চাউথৰ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা-

জুলাই মাহত ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ ব্ৰিকছৰ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিব ব্ৰাজিলে । ব্ৰাজিলে এই অধ্যক্ষতাৰ সময়ছোৱাত গ্ল’বেল চাউথ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু বহুপক্ষীয় প্ৰতিষ্ঠানসমূহত নীতি সংস্কাৰক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাই কয় যে তেওঁলোকৰ লক্ষ্য হৈছে ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত বাণিজ্যৰ সুবিধাৰ বাবে ধন পৰিশোধৰ উপায় বিকশিত কৰা ।

নন-ডলাৰ লেনদেনৰ প্ৰচাৰৰ ওপৰত আলোচনা হৈছিল-

উল্লেখযোগ্য যে ২০২৪ চনৰ নৱেম্বৰ মাহত ৰাছিয়াত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত নন-ডলাৰ লেনদেনক প্ৰসাৰ কৰা আৰু স্থানীয় মুদ্ৰা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল । ব্ৰিকছত অন্তৰ্ভুক্ত দেশসমূহে লেনদেনত ডলাৰ ব্যৱহাৰ কৰি নিজৰ স্থানীয় মুদ্ৰা শক্তিশালী কৰাৰ চেষ্টা চলাইছে । কিন্তু আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প এই কথাত অতিশয় ক্ষোভিত । আনকি তেওঁ আমেৰিকান ডলাৰ দুৰ্বল কৰাৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকিও দিছিল ।