“ছাৰ আমাক ভিতৰলৈ যাবলৈ দিয়ক…” ; মাত্ৰ কেইমিনিট মান দেৰি হোৱাৰ বাবেই পৰীক্ষাৰ্থীক প্ৰৱেশ কৰিব নিদিলে কেন্দ্ৰত
বিহাৰত, এক আচৰিত ঘটনা সংঘটিত হৈছে।বিহাৰত চলি থকা দশম শ্ৰেমীৰ ব’ৰ্ড পৰীক্ষাত মাত্ৰ কেইমিনিট মান সময় দেৰি হোৱাৰ বাবেই পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ল কেইবা গৰাকীও ছাত্ৰীক।
পৰীক্ষা দিবলৈ নাপায় কান্দোনত ভাগি পৰিছিল ছাত্ৰী কেইগৰাকী। ঘটনাটো বিহাৰৰ সীতামাঢ়ীৰ কমলা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল।
দশম শ্ৰেণীৰ বাবে বিহাৰ ব’ৰ্ডৰ পৰীক্ষা সোমবাৰে ৰাতিপুৱা আৰম্ভ হৈছিল।কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছত, ৯ গৰাকীকৈ ছাত্ৰী কেন্দ্ৰটোত উপস্থিত হৈছিল।
কিন্তু তাত উপস্থিত থকা আৰক্ষীৰ লোকে পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে ছাত্ৰী কেইগৰাকীক। পৰীক্ষাত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াৰ বাবেই কেইবাগৰাকীও ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাটোৰ সন্দৰ্ভত এতিয়া তদন্ত আৰম্ভ কৰিছে।