টেলিফোনযোগে গোলকগঞ্জৰ বিজয় সংকল্প সভাক সম্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জত আয়োজিত ‘বিজয় সংকল্প সভা’ত শনিবাৰে টেলিফোনযোগে ভাষণ প্ৰদান কৰে

প্ৰতিকূল বতৰৰ বাবে পূৰ্বনিৰ্ধাৰিত ভ্ৰমণসূচী বাতিল কৰিবলগীয়া হোৱাত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জত আয়োজিত ‘বিজয় সংকল্প সভা’ত শনিবাৰে টেলিফোনযোগে ভাষণ প্ৰদান কৰে । গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢিপঢিপী খেলপথাৰত অনুষ্ঠিত এই জনসভাখন বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰৰ সমৰ্থনত আয়োজন কৰা হৈছিল ।

প্ৰবল বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰাত বাধাৰ সৃষ্টি হ’লেও, পুৱাৰে পৰা হাজাৰ হাজাৰ সমৰ্থক সভাস্থলীত সমবেত হোৱা পৰিলক্ষিত হয় । উপস্থিত জনতাক হতাশ কৰিব নিবিচাৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ফোনৰ জৰিয়তে সমবেত ৰাইজক সম্বোধন কৰে আৰু লাউডস্পীকাৰৰ সহায়ত তেওঁৰ বাৰ্তা প্ৰেৰণ কৰা হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত থাকিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰে আৰু ধুবুৰী জিলাৰ বাবে বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীসমূহ আলোকপাত কৰি অশ্বিনী ৰায় চৰকাৰৰ জয় নিশ্চিত কৰিবলৈ ভোটাৰসকলক আহ্বান জনায় ।

লগতে পঢ়ক : ‘বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাক লাগিবঃ মুখ্যমন্ত্ৰী