আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা

আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

এইবাৰৰ বাৰিষাত বানপানী, ভূমিস্খলন আৰু ধাৰাষাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা হিমাচল প্ৰদেশৰ মাণ্ডী আৰু কুল্লুৰ দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহৰ মঙলবাৰে আকাশী জৰীপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে বানাক্ৰান্ত ৰাজ্যখনৰ বাবে ১৫০০ কোটিৰ সাহায্যৰ কথাও ঘোষণা কৰে ।

তেওঁ এক্সত এটা পোষ্টত লিখিছে, ‘হিমাচল প্ৰদেশৰ বান আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আকাশী জৰীপ চলোৱা হয় । এই কঠিন সময়ত আমি জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো আৰু ক্ষতিগ্ৰস্ত লোকসকলক অবিৰত সহায় নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে ।’

হিমাচল প্ৰদেশলৈ ১৫০০ কোটিৰ আৰ্থিক সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ এছ ডি আৰ এফ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দ্বিতীয় কিস্তিও আগতীয়াকৈ মুকলি কৰি দিয়া হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অঞ্চল আৰু জনসাধাৰণক পুনৰ ভাল অৱস্থালৈ অনাৰ বাবে বহুমুখী পন্থাৰ আহ্বান জনায় ।

পি এম আৱাস যোজনাৰ অধীনত নিৰ্মাণ হ’ব ঘৰ-

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিমাচল প্ৰদেশত ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰা হ’ব । ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হ’ব, বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনতো দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলে সহায় লাভ কৰিব । পশুধনৰ বাবে জাৰি কৰা হ’ব মিনি কিট ।

বিশেষকৈ যিসকল কৃষকৰ বৰ্তমান বিদ্যুতৰ সংযোগ নাই তেওঁলোকক অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ক্ষতিগ্ৰস্ত ঘৰৰ জিঅ’টেগিং কৰা হ’ব । ইয়াৰ দ্বাৰা ক্ষতিৰ সঠিক মূল্যায়ন আৰু ক্ষতিগ্ৰস্ত লোকসকলক দ্ৰুতভাৱে সাহায্য প্ৰদান কৰাত সহায়ক হ’ব ।

শিশুসকলৰ নিৰৱচ্ছিন্ন শিক্ষা নিশ্চিত কৰিবলৈ বিদ্যালয়সমূহে ক্ষতিৰ ৰিপৰ্ট আৰু জিঅ’টেগ কৰা হব, যিয়ে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সময়মতে সাহায্য লাভ কৰাত সহায় কৰিব । ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিভিন্ন মন্ত্র্যালয়ৰ এটা দল হিমাচল প্রদেশলৈ প্রেৰণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ৷ এই দলটোৱে দাখিল কৰা বিশদ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে হিমাচল প্ৰদেশৰ বাবে অধিক সহায়ৰ কথা বিবেচনা কৰিব ।

হিমাচল ত ৩৭০ জনৰো অধিক লোকৰ মৃত্যু-

২০ জুনৰ পৰা ৮ ছেপ্টেম্বৰৰ ভিতৰত হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ, বানপানী আৰু ভূমিস্খলনৰ ফলত ৪,১২২ কোটি টকাৰো অধিক লোকচান হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত ৩৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০৫ জন লোকৰ মৃত্যু হৈছে বৰষুণৰ লগত জড়িত কাণ্ডত, য’ত ৪৩ জন ভূমিস্খলন, ১৭ জন ডাৱৰ বিস্ফোৰণ আৰু ৯ জন লোকৰ মৃত্যু হৈছে ।

ইফালে এই পাহাৰীয়া ৰাজ্যত পথ দুৰ্ঘটনাত ১৬৫ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ৪১ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণে আন্তঃগাঁথনিৰো ব্যাপক ক্ষতিসাধন কৰিছে । ৰাজ্যখনত ৬৩৪৪টা ঘৰ, ৪৬১খন দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন হৈছে । বাৰিষা আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ১৩৬টা ভূমিস্খলন, ৯৫টা বান আৰু ৪৫টা ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱা গৈছে ।

লগতে পঢ়ক : ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ মেক্ৰনক

দক্ষিণ কোৰিয়াত বৰষুণৰ বিধ্বংসী ৰূপ… উটি গ’ল হাজাৰ হাজাৰ বাহন, ১৮ জনৰ মৃত্যু

দক্ষিণ কোৰিয়াত বানৰ বিধ্বংসী ৰূপ

এইবাৰ বৰষুণে দক্ষিণ কোৰিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সোমবাৰে দেশখনৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বৰষুণৰ বাবে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে । অৱশ্যে সোমবাৰে দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ পৰা কিছু সকাহ পোৱা গৈছে । দেওবাৰে সন্ধিয়ালৈকে ৯জন লোক নিৰুদ্দেশ হোৱাৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাসকলে দিগবিদিগ হেৰুৱাইছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

ৰাজধানী ছিউলৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত গাপিয়ঙৰ একাংশ বাসিন্দাই দেওবাৰে মাত্ৰ ১৭ ঘণ্টাৰ ভিতৰতে ১৭৩ মিলিমিটাৰ (৬.৮ ইঞ্চি) বৰষুণৰ পিছত হোৱা বানপানীৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হয় । ১৯৯৮ চনৰ ৩০ ছেপ্টেম্বৰত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড ভংগ কৰি এদিনতে অভিলেখ সৃষ্টি কৰা বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে গাপিয়েং ।

মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰলৈকে গাপিয়ঙৰ আশে-পাশে ভূমিস্খলনৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক নিৰুদ্দেশ হোৱাৰ লগতে বানপানীয়ে বাহনসমূহ উটুৱাই লৈ গৈছে । বৰষুণৰ পিছত বানপানীয়ে ইয়াত বসবাস কৰা লোকসকলৰ সকলো ধ্বংস কৰি পেলাইছে আৰু এতিয়া তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ।

গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে, দেশখনত হোৱা বৰষুণৰ ফলত ১,৯৯৯টা ৰাজহুৱা গাথঁনি আৰু পামকে ধৰি ২,২৩৮টা ব্যক্তিগত সা-সুবিধা ক্ষতিগ্ৰস্ত হৈছে । যদিও বৰষুণ কমিছে, তথাপিও ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই এতিয়া দেশজুৰি গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক : পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দিয়াই জ্বলি উঠিল বায়ুসেনাৰ বিমান

আমেৰিকাত বানৰ বিধ্বংসী ৰূপ : টেক্সাছত ৫১ জনৰ মৃত্যু, কেৰ’লিনাত ধুমুহাৰ ভাবুকি

আমেৰিকাত বানৰ বিধ্বংসী ৰূপ

দেওবাৰে আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ কাষ চাপি অহাৰ লগে লগে ক্ৰান্তীয় ধুমুহা চান্টালে কিছু শক্তি লাভ কৰাৰ ফলত দক্ষিণ কেৰ’লিনা আৰু উত্তৰ কেৰ’লিনাৰ কিছু অংশৰ বাবে সতৰ্কবাণী প্ৰকাশ পাইছে । ধুমুহাই প্ৰচণ্ড বৰষুণ কঢ়িয়াই অনাৰ লগতে স্থলভাগৰ কাষ চাপি অহাৰ লগে লগে বানৰ আশংকা প্ৰকাশ কৰা হৈছে ।

মিয়ামিৰ নেশ্যনেল হাৰিকেন চেণ্টাৰৰ তথ্য অনুসৰি হাৰিকেন চান্টালৰ সৈতে জড়িত ধাৰাসাৰ বৰষুণ ইতিমধ্যে উপকূলৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিছে । বিষয়াসকলে সকীয়াই দিছে যে ক্ষন্তেকীয়া বানপানীৰ সম্ভাৱনা বৃদ্ধি পাইছে । অহা কেইঘণ্টামানৰ ভিতৰত এই ব্যৱস্থাটোৱে দক্ষিণ কেৰ’লিনাত স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে আৰু উপকূলৰ কাষেৰে গতি কৰাৰ লগে লগে ই দ্ৰুতগতিত দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । সোমবাৰৰ ভিতৰত উত্তৰ কেৰ’লিনাৰ কিছু অংশত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । মুঠ বৰষুণ ৫ৰ পৰা ১০ চেণ্টিমিটাৰ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত বানপানীৰ আশংকা বৃদ্ধি পাইছে ।

শুকুৰবাৰে পুৱা আমেৰিকাৰ টেক্সাছত হঠাতে অহা বানত কমেও ৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ‘গ্ৰীষ্মকালীন শিবিৰ’ত অংশগ্ৰহণ কৰা ২৭ গৰাকী কিশোৰী এতিয়াও সন্ধানহীন হৈ আছে । কেৰ কাউন্টিত বানপানীৰ ফলত ১৫টি শিশুকে ধৰি কমেও ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আশে-পাশে থকা অঞ্চলত বহু লোকৰ মৃত্যু হয় । ৪৫ মিনিটত গুৱাডালুপ নদীৰ জলপৃষ্ঠ ২৬ ফুট বৃদ্ধি পায়, গছ-গছনি উভালি পৰে, যান-বাহন বাঢনী পানীয়ে বুৰাই পেলাই আৰু বহু অট্টালিকাৰ ক্ষতিসাধন হয় ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত; ৰাষ্ট্ৰপতিৰ গলফ খেলপথাৰৰ ওপৰত অসামৰিক বিমানক বাধা

টেক্সাছত বানৰ বিধ্বংসী ৰূপ; ২৪ জনৰ মৃত্যু, ২০ তকৈ অধিক শিশু নিৰুদ্দেশ

টেক্সাছত বানৰ বিধ্বংসী ৰূপ

আমেৰিকাৰ টেক্সাছ হিল কান্ট্ৰীত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে । মাত্ৰ কেইঘণ্টামানৰ ভিতৰত হোৱা প্ৰৱল বৰষুণতে বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই বিধ্বংসী বৰষুণত ২৪ জন লোকৰ মৃত্যু হয় । একে সময়তে শুকুৰবাৰৰ পৰা ২০তকৈয়ো অধিক শিশু নিৰুদ্দেশ হৈ আছে । এই শিশুকেইটিয়ে গ্ৰীষ্মকালীন শিবিৰত যোগদান কৰিবলৈ আহিছিল । ইতিমধ্যে নিৰুদ্দেশ হোৱা শিশুকেইটিক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে ।

উদ্ধাৰ অভিযান অব্যাহত-

চেন্ট্ৰেল কেৰ কাউন্টিত নিশাটোৰ ভিতৰত কমেও ২৫ চেণ্টিমিটাৰ বৰষুণ হোৱাৰ ফলত গুয়াডালুপ নদীৰ কাষত বানপানীৰ সৃষ্টি হয় । শুকুৰবাৰে সন্ধিয়া এখন সংবাদমেলত কেৰ কাউন্টিৰ শ্বেৰিফ লেৰী লিথাই কয় যে ২৪ জন লোকৰ মৃত্যু হৈছে । কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈকে ২৩৭ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে ১৬৭ জন লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে ।

বহু লোক নিৰুদ্দেশ-

লেফটেনেণ্ট গৱৰ্ণৰ ডেন পেট্ৰিকে কয় যে, নিৰুদ্দেশ হোৱাসকলৰ কিছুমান প্ৰাপ্তবয়স্ক, কিছুমান শিশু । দলসমূহে কেইবা ডজন উদ্ধাৰ অভিযান চলাইছে আৰু নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান অব্যাহত আছে । এল জি পেট্ৰিক কয়, মই টেক্সাছৰ জনসাধাৰণক অনুৰোধ কৰিছো যে আমি নিৰুদ্দেশ হোৱা ২০ টি শিশুক বিচাৰি পোৱাৰ বাবে প্ৰাৰ্থনা কৰক । পেট্ৰিক কয়, ৪০০ লোকে সাহায্য আৰু উদ্ধাৰৰ কাম কৰি আছে । একে সময়তে ৯টা উদ্ধাৰকাৰী দল, ১৪খন হেলিকপ্টাৰ আৰু ১২খন ড্ৰোন ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক : ডনাল্ড ট্ৰাম্পৰ বৃহৎ জয়; আমেৰিকাৰ সংসদত গৃহীত Big Beautiful Bill

বান পৰিস্থিতিয়ে লৈছে জটিল ৰূপ; ১০০ খন গাঁৱৰ জনজীৱন বেয়াকৈ ক্ষতিগ্ৰস্ত

বান পৰিস্থিতিয়ে লৈছে জটিল ৰূপ

মঙলবাৰে ওড়িশাৰ বালাছোৰ জিলাৰ বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰে । জিলাখনৰ উত্তৰ প্ৰান্তৰ প্ৰায় ১০০ খন গাঁৱৰ পথ আৰু পথাৰ প্লাৱিত হৈছে । বানৰ বাবে স্বাভাৱিক জীৱন বিঘ্নিত হৈছে ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে উত্তৰ ওড়িশাৰ সকলো ডাঙৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও বহু গাঁও এতিয়াও পানীত ডুব গৈ আছে । বালাছোৰ, ময়ুৰভঞ্জ আৰু জাজপুৰ জিলাত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কাম তীব্ৰতৰ কৰি তুলিছে ।

সুবৰ্ণৰেখা, বুঢ়াবালাং আৰু জালাকা নদীৰ জলপৃষ্ঠ বৃদ্ধি-

এক প্ৰতিবেদন অনুসৰি বালাছোৰ জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ঝাৰখণ্ডৰ পৰা পানী এৰি দিয়াৰ ফলত সুবৰ্ণৰেখা নদীত পানীৰ ঢল উঠিছে । ইয়াৰ বাবে ভোগৰাই, বলিয়াপাল, জলেশ্বৰ আৰু বাস্তা ব্লকৰ ৰাইজ ক্ষতিগ্ৰস্ত হৈছে । তিনিখন নদী- সুবৰ্ণৰেখা, বুঢ়াবালাং আৰু জালাকাৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বালাছোৰৰ বহু গাঁও পানীত বুৰ গৈছে । ময়ুৰভঞ্জ জিলাতো সুবৰ্ণৰেখা আৰু বুঢ়াবালাং নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে জনসাধাৰণ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ।

একেদৰে জাজপুৰ জিলাৰ একাংশ অঞ্চল বৈতৰাণী নদীৰ বুকুত বুৰ গৈছে । জলসম্পদ বিভাগৰ এগৰাকী বিষয়াই কয় যে যদিও সুবৰ্ণৰেখা আৰু জালাকা নদীৰ পানী ক্ৰমান্বয়ে কমি আহিছে, তথাপিও ৰাজঘাট আৰু মথানীত বিপদ সীমাৰ ওপৰত আছে ।

লগতে পঢ়ক : ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ; ৪ জনৰ মৃত্যু, ১৬ জন নিৰুদ্দেশ…

অধিক অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ; ৯ লাখ লোক আক্ৰান্ত, এই পৰ্যন্ত ৫০ জনৰ মৃত্যু

অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ

শেহতীকৈ অধিক অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ । অসম, ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত বিগত ৬ দিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বান আৰু ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহু পথ বন্ধ হৈ পৰিছে । প্ৰাকৃতিক দুৰ্যোগে উত্তৰ-পূৱৰ পৰিস্থিতি শোচনীয় কৰি তুলিছে । ব্ৰহ্মপুত্ৰকে ধৰি ৭খন নদী বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাৰ লগতে শ শ বাসগৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । এই পৰ্যন্ত বৰষুণ-বান সম্পৰ্কীয় ঘটনাত ৫০ জন লোকে প্ৰাণ হেৰুৱাইছে, ইয়াৰে সৰ্বাধিক ১৯ জন অসমৰ । ১৫০০ৰো অধিক লোক জলমগ্ন হৈছে, প্ৰায় ৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু হাজাৰ হাজাৰ লোক সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে ।

উত্তৰ ছিকিমৰ চতনত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বহু লোক আবদ্ধ হৈ পৰিছে । আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে সেনা আৰু বায়ুসেনাই অভিযান চলাইছে । বাটত আবদ্ধ হৈ থকা ১১৩ গৰাকী পৰ্যটকক কঠিন পথেৰে লাচেন গাঁৱলৈ লৈ যোৱা হৈছে যদিও এই গাঁওখন ভূমিস্খলনৰ বাবে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । এই পৰ্যটকসকলক উদ্ধাৰৰ অভিযান বুধবাৰে বেয়া বতৰৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল । জানিব পৰা মতে বান আৰু ভূমিস্খলনৰ ফলত অসমত ১৯ জনৰ মৃত্যু হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশত ১২ জন, মেঘালয়ত ৬ জন, মিজোৰামত ৫ জন, ছিকিমত ৪ জন, ত্ৰিপুৰাত ২ জন আৰু নাগালেণ্ড আৰু মণিপুৰত এজনকৈ লোকৰ মৃত্যু হৈছে ।

অৰুণাচলত ৩ হাজাৰ লোক আক্ৰান্ত-

ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনে অৰুণাচলৰ ২৩খন জিলাত তিনি হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে । এই পৰ্যন্ত বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে । সন্ধানহীন হৈছে দুজন লোক । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চাংলাং জিলাত ৬ খন গাঁও ডুব গৈছে, ২১২টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ২,২৩১ জন লোক গৃহহীন হৈছে । দিবাং উপত্যকা আৰু অঞ্জা জিলাৰ লগতে মাগী আৰু ছিজিৰ সমীপৰ লিকাবালি-আলো ঘাইপথত হোৱা ভূমিস্খলনে যান-বাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰিছে । লগতে ৰাজ্যখনৰ বহু ডাঙৰ নদী ওফন্দি উঠিছে ।

ব্ৰহ্মপুত্ৰকে ধৰি ৭খন নদী বিপদ সীমাৰ ওপৰত-

অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা আৰু কোকৰাঝাৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । ইতিমধ্যে ব্ৰহ্মপুত্ৰকে ধৰি ৭খন নদী বিপদ সীমাৰ ওপৰেৰে বৈছে আৰু ২১খন জিলাৰ ১৫০৬খন গাঁও বানত ডুব গৈছে । বুধবাৰে আৰু দুজন লোকৰ মৃত্যু হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে । প্ৰায় ৬.৮০ লাখ লোক এই দুৰ্যোগত আক্ৰান্ত হৈছে ।

মণিপুৰ আৰু ত্ৰিপুৰাৰ বান সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অধীনস্থ আছাম ৰাইফলছে অপাৰেচন জল ৰাহাট-২ চলাই আছে । ইয়াৰ অধীনত বানপীড়িত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকক মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী যোগান ধৰা হৈছে । দুয়োখন ৰাজ্যতে দুই লাখৰো অধিক লোক আক্ৰান্ত হৈছে ।

লগতে পঢ়ক : লকআপত পাব সুস্বাদু খাদ্য ; চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৪০ বছৰ পুৰণি এইখন আৰক্ষী থানা

হোৰাহোৰে বাঢ়িছে পানী; দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ

বৰাকত বানে লৈছে ভয়ংকৰ ৰূপ।বিচ্ছিন্ন হৈছে বৰাক-ব্ৰহ্মপুত্ৰ সংযোগ। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰাকত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চলত জনজীৱন ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ আৰু ৩ জুনত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী অনুসৰি আগন্তুক দিনতো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰৱল।

ফলত প্লাবিত হোৱাৰ সম্ভাৱনা পৰিপ্ৰেক্ষিতত দুৰ্যোগ পৰিস্থিতিত সৃষ্টি হ’ব পাৰে। এই পৰিস্থিতিৰ বাবেই  সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয় সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা আয়ুক্ত মৃদুল যাদৱে।

লগতে পঢ়ক: সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

এফালে ভূমিস্খলন আৰু আনফালে তিস্তাৰ ভয়াৱহ ৰূপ… ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ

এফালে ভূমিস্খলন আৰু আনফালে ওফন্দি উঠিছে নদী

বিগত কেইবাদিনো ধৰি উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্য ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণৰ কবলত পৰিছে । অসমৰ পৰা মণিপুৰলৈকে বানৰ প্ৰকোপ । ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে । ভূমিস্খলন আৰু নদীৰ পানী ওফন্দি উঠাৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কিছুদিন পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল । আই এম ডিৰ এই ভৱিষ্যদ্বাণী ১৬ বাৰ সত্য বুলি প্ৰমাণিত হৈছে ।

ধাৰাবাহিক বৰষুণৰ ফলত ছিকিমত ভূমিস্খলন হোৱাৰ লগতে বিভিন্ন সংযোগী পথৰ ক্ষতিসাধন হৈছে । ইয়াৰ বাবে যাতায়ত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে উত্তৰ ছিকিমত ৫০০ পৰ্যটক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছিল । শেহতীয়াকৈ এই দুৰ্যোগৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে, নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে ।

ছিকিমৰ উত্তৰ জিলাত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে পৰিস্থিতি সংকটজনক হৈ আছে । শনিবাৰে জিলা প্ৰশাসনে জনায় যে লাচেন আৰু লাচুং অঞ্চলত প্ৰায় ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে কাৰণ ভূমিস্খলনৰ ফলত মূল পথসমূহ বিচ্ছিন্ন হৈ পৰিছে । মংগন জিলাত তীস্তা নদীত মঙলবাৰে নিশা এখন পৰ্যটকৰ বাহন বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয় । এই ঘটনাত দুজন আহত হয় আৰু ৮জন এতিয়াও সন্ধানহীন হৈ আছে ।

মুনচিথাঙৰ সমীপৰ লাচেন-লাচুং ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত প্ৰায় এহেজাৰ ফুট তলত নদীত বাগৰি পৰে বাহনখন । ইফালে লাচেনত ১১৫ জন আৰু লাচুঙত ১৩৫০ জন পৰ্যটক আবদ্ধ হৈ আছে । দুয়োফালৰ পৰা ৰাস্তা বন্ধ হৈ আছে । পৰ্যটকসকলক নিজৰ হোটেলত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । পথ মুকলি হোৱাৰ লগে লগে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হ’ব ।

ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযানতো বাধাৰ সৃষ্টি হৈছে । শুকুৰবাৰে বিয়লিৰ পৰা ব্যাহত হৈ থকা বিদ্যুৎ যোগান শনিবাৰে সন্ধিয়া পুনৰ স্থাপন কৰাৰ বিপৰীতে দেওবাৰৰ ভিতৰত খোৱাপানীৰ যোগান পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে । প্ৰায় ২৪ ঘণ্টাৰ পিছত বিয়লি প্ৰায় ৩ বজাৰ পিছত মোবাইল নেটৱৰ্ক পুনৰুদ্ধাৰ কৰা হয় । চুংথাং মহকুমাত সৰ্বাধিক বৰষুণৰ তীব্ৰতা দেখা গৈছে ।

তীস্তা নদীৰ জলপৃষ্ঠ অহৰহ বৃদ্ধি পোৱাৰ ফলত উদ্ধাৰ অভিযান অধিক জটিল হৈ পৰিছে । জিলা আয়ুক্তই  উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে । আৰক্ষী অধীক্ষকে জনোৱা মতে, ধাৰাসাৰ বৰষুণ আৰু উফন্দি উঠা তীস্তা নদীৰ বাবে নিৰুদ্দেশ হোৱা আঠজন পৰ্যটকৰ সন্ধান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । বতৰ উন্নত হ’লে পুনৰ অনুসন্ধান আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক

ৰাজ্যত বানৰ বিধ্বংসী ৰূপ… ভূমিস্খলনত ৫ জনৰ মৃত্যু, হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত বানৰ বিধ্বংসী ৰূপ

মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বানে লৈছে প্ৰলয়ংকৰী ৰূপ । নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বানত বহু ঘৰ পানীত বুৰ যোৱাৰ লগতে শ শ বিঘা কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে । এনে পৰিস্থিতিত এতিয়া বানাক্ৰান্তই খাদ্য আৰু খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে । বানৰ কবলত পৰি পোহনীয়া জীৱ-জন্তুসমূহেও ককবকাব লগা হৈছে । ঠায়ে ঠায়ে উদ্ধাৰকাৰী দলে বানাক্ৰান্তক নিৰাপদ স্থানলৈ লৈ গৈছে ।

বানৰ বিধ্বংসী ৰূপ-

অবিৰতভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবেই জটিল ৰূপ ধাৰণ কৰিছে বানে । ইফালে অসমত ভূমিস্খলনৰ ফলত কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । গুৱাহাটীৰ বৃহৎ অংশ বানৰ কবলত পৰাৰ লগতে মেঘালয় আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণে ৰাজ্যখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে ।

অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বৃহৎ অংশ জলমগ্ন হৈ পৰিছে । ক্ষতিগ্ৰস্ত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে কেইবাটাও সংস্থা মোতায়েন কৰা হৈছে আৰু বহু লোকে তম্বুত আশ্ৰয় লৈছে ।

শুকুৰবাৰে আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে চিৰাং, বাকছা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, দৰং আৰু উদালগুৰি জিলাৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ-পূবৰ বহু ঠাইত প্ৰচণ্ড ডাৱৰৰ আৱৰণ আৰু অবিৰত বৰষুণৰ বাবে শুকুৰবাৰে ১৮খন জিলাৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে, যাৰ বাবে ৰাজ্যখন “অস্বাভাৱিক পৰিস্থিতি”ৰ সন্মুখীন হৈছে ।

মুখ্যমন্ত্রীয়ে কয় যে অৰুণাচল প্রদেশ আৰু মেঘালয়ত প্রবল বৰষুণ হোৱাৰ ফলত বিশেষকৈ গুৱাহাটীত ভয়াৱহ ৰূপত পানী জমা হৈছে ৷

কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত শনিবাৰে সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ আকস্মিক ছুটী ঘোষণা কৰা হৈছে যিসকলে নিজৰ কাৰ্যালয়লৈ যাবলৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হয় । শনিবাৰে এই জিলা দুখনত শিক্ষানুষ্ঠানসমূহো বন্ধ কৰি দিয়া হৈছে ।

ইফালে শুকুৰবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে গুৱাহাটী বিমানবন্দৰত বিমান সেৱাও ক্ষতিগ্ৰস্ত হয় । বানৰ বিধ্বংসী ৰূপক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাজ্যবাসী ।

লগতে পঢ়ক : পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক