অসমত ইউৰিয়া প্ৰকল্প, কিষাণ ক্ৰেডিট কাৰ্ডত ৫ লাখ টকা পৰ্যন্ত ঋণ…কৃষি খণ্ডৰ বাবে ডাঙৰ ঘোষণা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত কৃষি খণ্ডৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে । বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ধন-ধন্য কৃষি আঁচনি, মাহজাতীয় শস্যৰ ওপৰত স্বাৱলম্বীতা, বিহাৰত মাখানা ব’ৰ্ড সৃষ্টি আৰু অসমত ইউৰিয়া প্লাণ্ট মুকলি কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ উপৰিও কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৩ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অধীনত কৃষি উৎপাদনশীলতা কম হোৱা ১০০খন এনে জিলা বাছনি কৰা হ’ব । ইয়াৰ দ্বাৰা উৎপাদনশীলতা বৃদ্ধি, খেতিৰ বৈচিত্ৰ্যতা, জলসিঞ্চন আৰু শস্য চপোৱাৰ পিছত মজুতকৰণ ক্ষমতা শক্তিশালী কৰাত সহায়ক হ’ব । ১.৭ কোটি কৃষকে এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব । সকলো ধৰণৰ কৃষক ইয়াৰ পৰিসৰৰ অধীনলৈ আহিব । ভাল কৃষি পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব দিয়া হ’ব ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে মাহজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাক প্ৰচাৰ কৰা হ’ব । ইয়াৰ বাবে, খোৱা তেল উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হ’ব । চৰকাৰে মাহজাতীয় শস্যৰ ওপৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ তুৰ, উৰদ আৰু মচুৰ দাইলৰ বাবে ছয় বছৰীয়া অভিযান আৰম্ভ কৰিব । নাফেড আৰু এন চি চি এফে তিনি প্ৰকাৰৰ মাহজাতীয় শস্য ক্ৰয় কৰিব । এই সংস্থাসমূহৰ সৈতে পঞ্জীভুক্ত কৃষকসকলৰ পৰা মাহজাতীয় শস্য ক্ৰয় কৰা হ’ব ।

তেওঁ কয় যে, শাক-পাচলি, ফল-মূল আৰু পুষ্টিৰ ওপৰত গুৰুত্ব দিয়া হ’ব । খাদ্য শস্য আৰু ফলমূলৰ চাহিদা বাঢ়িছে । ইয়াৰ বাবে ৰাজ্যসমূহৰ সহযোগত এখন আঁচনি আৰম্ভ কৰা হ’ব । ইয়াৰ দ্বাৰা কৃষি উৎপাদিত সামগ্ৰীৰ সংস্থাসমূহ উপকৃত হ’ব । ইয়াৰ উপৰিও বিহাৰত গঠন হ’ব মাখানা ব’ৰ্ড । বিহাৰৰ জনসাধাৰণৰ বাবে এইটো এটা বিশেষ সুযোগ যাতে তেওঁলোকে মাখানাৰ উৎপাদন আৰু ইয়াৰ প্ৰক্ৰিয়াকৰণৰ প্ৰসাৰ ঘটাব পাৰে । এই ক্ষেত্ৰত কৃষকসকলক সহায় কৰিব মাখানা ব’ৰ্ডে ।

নামৰূপত মুকলি হ’ব ইউৰিয়া প্লাণ্ট-

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে অসমৰ নামৰূপত ইউৰিয়া প্লাণ্ট মুকলি কৰাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে অসমৰ নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰে এটা উদ্যোগ স্থাপন কৰা হ’ব । তেওঁ কয় যে পূব অঞ্চলত বন্ধ হৈ থকা তিনিটা ইউৰিয়া প্লাণ্ট পুনৰ মুকলি কৰা হৈছে । ইউৰিয়া উৎপাদনত স্বাৱলম্বীতাৰ দিশত এয়া এক পদক্ষেপ । ইয়াৰ উপৰিও সমবায় খণ্ডক ঋণ দিয়াৰ কামৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমক চৰকাৰে সাহায্য আগবঢ়াব ।

স্বাধীনতাৰ পিছত কৃষিৰ বাজেট কিমান সলনি হৈছে-

স্বাধীনতাৰ পিছৰে পৰা এতিয়ালৈকে দেশৰ কৃষি বাজেটৰ বহু পৰিৱৰ্তন হৈছে । ১৯৪৭-৪৮ চনত বাজেট দাখিল কৰাৰ সময়ত কৃষি খণ্ডক ২২.৫ কোটি টকা দিয়া হৈছিল । ই শস্যৰ ৰাজসাহায্যৰ বাবেও আছিল । ইয়াৰ পিছত ২০১৩-১৪ চনত কৃষি বাজেট ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হয় । ২০২৪-২৫ চনত কৃষি বাজেট ১.৫১ লাখ কোটি টকালৈ বৃদ্ধি হয় । দেশৰ বাজেটত কৃষি বাজেটৰ অংশ তিনি শতাংশ ।

১৯৮৮ চনত আৰম্ভ হৈছিল কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি-

আচলতে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি ১৯৯৮ চনত আৰম্ভ হৈছিল । ইয়াৰ অধীনত ৯ শতাংশ সুতৰ হাৰত কৃষি আৰু আনুষংগিক কামত নিয়োজিত কৃষকক হ্ৰস্বম্যাদী শস্য ঋণ প্ৰদান কৰা হয় । চৰকাৰে কৃষকক সুতৰ ২% ৰেহাই দিয়ে, আৰু সময়মতে ধন দিয়া কৃষকৰ সুত অতিৰিক্ত ৩% হ্ৰাস কৰা হয় । এইদৰে কৃষকসকলে বছৰি ৪ শতাংশ হাৰত ঋণ লাভ কৰে । এই আঁচনিৰ অধীনত সক্ৰিয় ক্ৰেডিট কাৰ্ড একাউণ্টৰ সংখ্যা ২০২৩ চনৰ ৩০ জুনলৈকে আছিল ৭.৪ কোটিতকৈ অধিক, আৰু ইয়াৰ ওপৰত বাকী থকা ঋণ আছিল ৮.৯ লাখ কোটি টকা ।

বাজেটত মধ্যবিত্তৰ বাবে আছে ভালখবৰ;  কিহৰ বাঢ়িল দাম , কি কি সামগ্ৰীৰ কমিল দাম

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ বাজেট উপস্থাপন কৰাৰ পূৰ্বে ইংগিত দিছিল যে এই বাজেট সাধাৰণ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উৎসৰ্গিত হ’ব।বাজেটত মধ্যবিত্তৰ বাবে ডাঙৰ সকাহ দিছে বিত্তমন্ত্ৰী গৰাকীয়ে।

সাধাৰণ জনতাৰ বাবে ডাঙৰ ঘোষণা কৰিছে বাজেটত। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত গাড়ী, ম’বাইল আৰু টিভিৰ দৰে কেইবাটাও সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে।

লগতে বিত্ত মন্ত্ৰীয়ে ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ মূল্য হ্ৰাস কৰিছে। এইখন বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন বাজেট।

বিত্ত মন্ত্ৰীয়ে কোবাল্ট পাউডাৰ আৰু লিথিয়াম-আয়ন বেটাৰী আৱৰ্জনা, স্ক্ৰেপ আৰু অন্যান্য ১২বিধ খনিজ পদাৰ্থৰ ওপৰত মৌলিক শুল্কৰ পৰা সম্পূৰ্ণ ৰেহাইৰ প্ৰস্তাৱ দিছে।ই ভাৰতত উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব আৰু নিযুক্তি বৃদ্ধিত সহায় কৰিব।

দাম হ্ৰাস পোৱা সামগ্ৰী সমূহ হ’ল টিভি, ম’বাইল, বৈদ্যুতিক গাড়ী, ইভি বেটাৰি, কৰ্কট ৰোগৰ ঔষধ আৰু
জীৱন ৰক্ষাকাৰী ঔষধ।

লগতে, কেন্সাৰৰ ৰোগীৰ বাবে বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৬ বিধ ঔষধৰ বুনিয়াদী সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ঘোষণা কৰা হৈছে। অৰ্থাৎ কেন্সাৰৰ ঔষধৰ দাম হ্ৰাস পাব।

আয়কৰক লৈও বিত্তমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে বাজেটত। এতিয়াৰে পৰা ১২ লাখ টকা আয়ত কোনোধৰণৰ আয়কৰ দিব নালাগে লোকসকলে।

আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে। এতিয়া ১২ লাখ টকাৰ আয়ত কোনোধৰণৰ কৰ দিব নালাগে। অৰ্থাৎ ১ লাখ টকাৰ মাহিলী উপাৰ্জনত কৰ দিব নালাগে।

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পূৰ্ণাংগ বাজেট; জনতালৈ কি কি ভাল খবৰ

আজি সংসদত দাখিল কৰা হ’ব দেশৰ পূৰ্ণাংগ বিত্তীয় বাজেট।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পুৱা ১১ বজাত মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট ৩.০ উপস্থাপন কৰিব।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে পুৱা ৮:৩০ বজাত নৰ্থ ব্লকৰ বাবে তেওঁৰ বাসগৃহৰ পৰা ওলাই আহিছে।  তাৰ পিছত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দলৰ সৈতে ৰাষ্ট্ৰপতি ভৱনলৈ যাব।

এই বাজেটত মহিলাৰ পৰা কৰ্পৰেট ক্ষেত্ৰলৈকে সকলো সামৰি ল’ব। আশা কৰা হৈছে যে এই বাজেটে দেশবাসীক সকাহ দিব। কেন্দ্ৰীয় চৰকাৰে বাজেটত কৃষকসকলৰ সন্দৰ্ভত বহু কেইটা ডাঙৰ ঘোষণা কৰিব পাৰে।

মধ্যবিত্ত শ্ৰেণীয়ে আয়কৰ সীমা আৰু ধাৰা ৮০ চি ৰ অধীনত ৰেহাইৰ সীমা বৃদ্ধিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।গতিকে সমগ্ৰ দেশবাসীয়ে এতিয়া অপেক্ষা কৰিছে ১১ বজালৈ।  

দেশৰ এই ৫ গৰাকী প্ৰধানমন্ত্ৰী…যিসকলে দাখিল কৰিছে বাজেট, জানক কেতিয়া আৰু কিয়

২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত সংসদত দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । যদি আমি ভাৰতীয় বাজেটৰ ইতিহাসৰ কথা কওঁ, তেন্তে কেৱল বিত্তমন্ত্ৰীয়েই নহয় প্ৰধানমন্ত্ৰীয়েও দাখিল কৰিছে বাজেট । ইয়াৰে কেইবাগৰাকী বাজেট দাখিলৰ সময়ত প্ৰধানমন্ত্ৰীৰ পদত আছিল, আনহাতে আন কেইগৰাকী পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী পদত অধীষ্ঠিত হৈছিল । ইয়াৰ ভিতৰত জৱাহৰ লাল নেহৰুৰ পৰা ইন্দিৰা গান্ধীলৈকে আছে । অৱশ্যে প্ৰধানমন্ত্ৰী হৈ বাজেট দাখিল কৰাৰ আঁৰৰ কাৰণ আছে ।

সীতাৰমণে তেওঁৰ ৮ম বাজেট দাখিল কৰিব-

প্ৰথমে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত দাখিল হ’বলগীয়া ভাৰতীয় বাজেটৰ কথা জানক । উল্লেখ্য যে দেশৰ পূৰ্ণকালীন বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এয়া একেৰাহে অষ্টমখন বাজেট হ’ব । এইবাৰৰ বাজেটৰ পৰা দেশৰ সাধাৰণ ৰাইজে যথেষ্ট আশা কৰিছে । এফালে কৰদাতাসকলে কৰ স্লেবৰ পৰিৱৰ্তনৰ ওপৰত চকু ৰাখিছে । আনফালে স্বাস্থ্যসেৱাকে ধৰি সকলো খণ্ডই বিত্তমন্ত্ৰীৰ পৰা ডাঙৰ ডাঙৰ ঘোষণাৰ আশা কৰিছে ।

জৱাহৰলাল নেহৰুৱে দাখিল কৰিছিল বাজেট-

এতিয়া দেশৰ এইকেইজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কথা জানক, যিসকলে হয় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ দেশৰ সাধাৰণ বাজেট দাখিল কৰিছিল, অথবা পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হৈছিল । এই তালিকাত প্ৰথম নাম ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৰ নাম আহে । প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে তেওঁ ১৯৫৮ চনত কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল । ইয়াৰ কাৰণো যথেষ্ট আমোদজনক আছিল । প্ৰকৃততে সেই সময়ত বিত্তমন্ত্ৰী আছিল টি টি কৃষ্ণমাচাৰী, কিন্তু বাজেটৰ ঠিক পূৰ্বে মুন্দ্ৰা কেলেংকাৰী উদঙাই দিয়া হৈছিল আৰু তাত তেওঁৰ নাম প্ৰকাশৰ পিছত পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল । সেয়েহে তেওঁৰ ঠাইত নেহৰুৱে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰি নিজেই বাজেট দাখিল কৰে ।

মোৰাৰজী দেশাইৰ নামত অধিক অভিলেখ-

বাজেট দাখিল কৰা দেশৰ প্ৰধানমন্ত্ৰীৰ তালিকাত মোৰাৰজী দেশাইৰ নাম অন্তৰ্ভুক্ত হোৱাই নহয়, ভাৰতত সৰ্বাধিক কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ অভিলেখো তেওঁৰ হাতত আছে । উল্লেখ্য যে মোৰাৰজীয়ে ৮খন সম্পূৰ্ণ আৰু ২খন অন্তৱৰ্তীকালীন বাজেটকে ধৰি মুঠ ১০খন বাজেট দাখিল কৰিছিল । বিত্তমন্ত্ৰী হিচাপে কাৰ্যকালৰ সময়ছোৱাত ১৯৫৯ চনৰ পৰা ১৯৬৩ চনলৈকে তেওঁ অবিৰতভাৱে বাজেট দাখিল কৰিছিল । ইয়াৰ লগতে ১৯৬২ চনৰ অন্তৱৰ্তীকালীন বাজেটো দাখিল কৰে, তাৰ পিছত ১৯৬৭, ১৯৬৮ আৰু ১৯৬৯ চনৰ বাজেটৰ লগতে ১৯৬৭ চনৰ অন্তৱৰ্তীকালীন বাজেটও দাখিল কৰে তেওঁ । বিত্তমন্ত্ৰী হোৱাৰ পিছত ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ জনতা পাৰ্টিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল তেওঁ ।

প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে বাজেট দাখিল কৰিছিল ইন্দিৰা গান্ধীয়ে-

ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও প্ৰধানমন্ত্ৰী হিচাপে থকাৰ সময়ছোৱাত কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল । দৰাচলতে মোৰাৰজী দেশাইৰ পদত্যাগৰ পিছত ১৯৬৯ চনত ইন্দিৰা গান্ধীয়ে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব লয় আৰু ১৯৭০-৭১ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে । ইয়াৰ পিছত তেওঁ বাজেট দাখিল কৰা প্ৰথমগৰাকী মহিলাও হৈ পৰে । এবছৰৰ পাছত তেওঁ গৃহমন্ত্ৰী যশৱন্তৰাও চাভানক নতুন বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।

ৰাজীৱ গান্ধীয়ে বাজেট ভাষণ পাঠ কৰে-

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ইন্দিৰা গান্ধীৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধীয়েও বাজেট দাখিল কৰিছিল । বাজেট দাখিল কৰাৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল, আচলতে তেতিয়াৰ বিত্তমন্ত্ৰী ভি পি সিঙক পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাজীৱ গান্ধীয়ে দেশৰ বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব লয় । ১৯৮৭ চনৰ জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত কিছু সময়ৰ বাবে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰি ১৯৮৭-৮৮ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল তেওঁ । এই কাম কৰা তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ তৃতীয়জন সদস্য হৈ পৰে ।

মনমোহন সিঙে দাখিল কৰিছিল ঐতিহাসিক বাজেট-

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ পিভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেখেতে ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিছিল, যিখন বাজেটক দেশৰ ইতিহাসৰ আটাইতকৈ বৈপ্লৱিক বাজেট বুলি গণ্য কৰা হয় । ইয়াত ভাৰতীয় অৰ্থনীতিৰ বাবে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ পোষকতা কৰা হৈছিল । ইয়াৰ পিছত ২০০৪ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰ গঠনৰ পিছত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হয় ।

বিশ্বৰ কোনখন দেশে প্ৰথমে বাজেট দাখিল কৰিছিল…কেনেকৈ প্ৰস্তুত কৰা হৈছিল ?

২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত দেশৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । লোকসভাত পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব তেওঁৰ বাজেট ভাষণ । এইটোৱেই হ’ব বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ অষ্টম বাজেট ভাষণ । ইয়াৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । শেহতীয়াকৈ বিত্ত মন্ত্ৰালয়ত হালোৱা অনুষ্ঠানৰ পিছত বাজেটৰ লক-ইন প্ৰক্ৰিয়াও আৰম্ভ কৰা হয় । ইয়াৰ পৰা বুজা যায় যে বাজেট চূড়ান্ত কৰা হৈছে ।

প্ৰতিবাৰৰ দৰে এইবাৰো দেশৰ মধ্যবিত্ত শ্ৰেণীয়ে বাজেটৰ পৰা বহুত আশা কৰিছে আৰু তেওঁলোকে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ যুগত এক বৃহৎ সকাহ পোৱাৰ আশা কৰিছে । বাজেটত কি ঘোষণা কৰা হ’ব সেয়া বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পিছতহে জানিব পৰা যাব । ইয়াত আমি আপোনালোকক বিশ্বৰ প্ৰথম বাজেটৰ বিষয়ে কবলৈ ওলাইছো । পৃথিৱীৰ প্ৰথম বাজেট ক’ত দাখিল কৰা হৈছিল, এই শব্দটো ক’ৰ পৰা আহিল আৰু এই বাজেট প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া কি আছিল ?

এই দেশখনে দাখিল কৰিছিল প্ৰথম বাজেট-

বাজেট শব্দটো লেটিন ভাষাৰ ‘বুলগা’ শব্দৰ পৰা উদ্ভৱ হৈছে । ফৰাচী ভাষাত ইয়াক বুগেট (buget) বুলিও কোৱা হৈছিল । এই শব্দটো যেতিয়া ইংৰাজীত ব্যৱহাৰ কৰা হৈছিল তেতিয়া ই বাজেট হৈ পৰিছিল যাক পিছলৈ বাজেট বুলি কোৱা হৈছিল । পৃথিৱীত বাজেট দাখিল কৰাৰ কথা আহিলে ইংলেণ্ডৰ নামটোৱেই প্ৰথমে আহে । ইয়াৰ পৰাই আৰম্ভ হৈছিল বাজেট দাখিল প্ৰক্ৰিয়া । তথ্য অনুসৰি ১৭৬০ চনত প্ৰথমবাৰৰ বাবে প্ৰতিটো বিত্তীয় বৰ্ষৰ আৰম্ভণিতে বাজেট দাখিল আৰম্ভ কৰা হৈছিল । ইয়াৰ পৰাই বাজেট আন দেশত উপস্থিত হৈছিল আৰু চৰকাৰে দাখিল কৰা আৰম্ভ কৰিছিল ।

ভাৰতত কেতিয়া প্ৰথম বাজেট দাখিল কৰা হৈছিল-

ভাৰতৰ বাজেট স্বাধীনতাৰ বহু আগতেই আৰম্ভ হৈছিল । ইংৰাজ শাসনৰ সময়ত ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছে এজন মহান অৰ্থনীতিবিদ জেমছ উইলছনক ভাৰতলৈ মাতি আনি দেশৰ বিত্তীয় ব্যৱস্থাৰ উন্নতি সাধন কৰে । ১৮৬০ চনৰ ৭ এপ্ৰিলত তেওঁ ভাৰতৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট দাখিল কৰে । দেশৰ স্বাধীনতাৰ পাছত ১৯৪৭ চনৰ ২৬ নৱেম্বৰত তদানীন্তন বিত্তমন্ত্ৰী আৰ কে শনমুগম চেট্টীয়ে স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট দাখিল কৰে ।

বাজেট শব্দটোৰ অৰ্থ কি ?  সংবিধানত ইয়াৰ উল্লেখ কিয় নাই ?

প্ৰতি বছৰৰ দৰে এইবাৰো ফেব্ৰুৱাৰী মাহত বাজেট দাখিল কৰা হ’ব । এই বাজেটৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে কাৰণ তেওঁলোকে জানিব বিচাৰে বিত্তমন্ত্ৰীৰ বাকচৰ পৰা কোনটো শ্ৰেণীৰ বাবে কি ওলাব । কিন্তু বাজেটৰ প্ৰকৃত অৰ্থ কি জানেনে ?  বাজেট শব্দটো ক’ৰ পৰা আহিছে আৰু বাজেটক কিয় বাজেট বুলি কোৱা হয় ?  আহক, বাজেটৰ আঁৰৰ ইতিহাস কি জানোঁ ।

বাজেট শব্দৰ অৰ্থ কি ?

বাজেট হৈছে লেটিন শব্দ বুলগা (bulga )ৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় শব্দ । পিছলৈ এই বুলগা বেগুৱেট হৈ পৰিল আৰু তাৰ পিছত এইটো বেগেট হৈ পৰিল । ইয়াৰ অৰ্থ হ’ল চামৰাৰ ব্ৰিফকেছ যিটো সৰু আকাৰৰ । পূৰ্বে ব্ৰীফকেছৰ ৰং বাদামী আছিল যদিও এতিয়া ইয়াৰ পৰিৱৰ্তন হৈছে । স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ বিত্তমন্ত্ৰীয়ে বাজেট সম্পৰ্কীয় কাগজ-পত্ৰ চামৰাৰ ব্ৰীফকেচত সদনত বাজেট দাখিল কৰিবলৈ আহিছিল । কিন্তু ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীয়ে আন সহকৰ্মীসকলৰ সৈতে ফটোশ্বুট কৰিছিল । এই পৰম্পৰা ব্ৰিটিছ যুগৰ পৰাই চলি আহিছে ।

সাংবিধানিক দস্তাবেজত ​​বাজেটৰ কোনো উল্লেখ নাই-

বাজেট দাখিল কৰাৰ পৰম্পৰা ব্ৰিটিছ যুগৰ পৰাই আৰম্ভ হৈছে । একে সময়তে যদি ভাৰতীয় সংবিধানৰ কথা কওঁ তেন্তে  তাত বাজেটৰ কোনো উল্লেখ নাই, কাৰণ ই বৃটিছ শাসনৰ পৰম্পৰা আছিল । এই কাৰণে ইয়াক সংবিধানত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ।

বাজেটৰ ইতিহাস-

ভাৰতত বাজেট বহু পূৰ্বেই আৰম্ভ হৈছিল যদিও ভাৰতৰ প্ৰথম বাজেট ১৮৬০ চনত স্কটিছ অৰ্থনীতিবিদ জেমছ উইলছনে দাখিল কৰিছিল । কিন্তু স্বাধীন ভাৰতৰ প্ৰথম বাজেট ১৯৪৭ চনৰ ২৬ নৱেম্বৰত আৰ কে শনমুখম চেট্টীয়ে দাখিল কৰিছিল । ইয়াৰ পিছত স্বাধীন ভাৰতত বাজেট দাখিল আৰম্ভ হয় । ২০০১ চনৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোত সন্ধিয়া ৫ বজাত বাজেট দাখিল কৰা হৈছিল যদিও ২০০১ চনত বিত্তমন্ত্ৰী যশৱন্ত সিনহাই সময় সলনি কৰিছিল । বাজেটৰ সময় সলনি কৰি পুৱা ১১ বজা কৰিছিল তেওঁ । এই পৰিৱৰ্তনে প্ৰক্ৰিয়াটোক অধিক কাৰ্যক্ষম কৰি তোলাত সহায় কৰিছিল ।