সক্ৰিয় ৰাজনীতিলৈ এবছুৰ প্ৰাক্তন সভাপতি দীপেন বড়ো, UPPLত আনুষ্ঠানিক যোগদান

এবছুৰ প্ৰাক্তন সভাপতি দীপেন বড়োৱে শনিবাৰে আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰে

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু (ABSU)ৰ প্ৰাক্তন সভাপতি দীপেন বড়োৱে শনিবাৰে আনুষ্ঠানিকভাৱে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) দলত যোগদান কৰে । ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ড আঞ্চলিক পৰিষদৰ (BTR) ৰাজনৈতিক প্ৰেক্ষাপটত ইয়াক এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে গণ্য কৰা হৈছে ।

দীৰ্ঘদিন ধৰি জড়িত হৈ থকা প্ৰভাৱশালী ছাত্ৰ সংগঠনটোৰ সভাপতিৰ পদৰ পৰা শুকুৰবাৰে পদত্যাগ কৰিছিল দীপেন বড়োৱে । ওদালগুৰিত অনুষ্ঠিত ইউ পি পি এলৰ এখন দলীয় সভাত তেওঁ আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ।

ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে দলৰ কেইবাজনো নেতা আৰু সমৰ্থকৰ উপস্থিতিত তেওঁ দলটোত যোগ দিয়ে ।

উল্লেখ্য যে, দীপেন বড়ো প্ৰায় ২৫ বছৰ ধৰি এবছুৰ সৈতে জড়িত আছিল আৰু সংগঠনটোৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল । চৰ্চা অনুসৰি আগন্তুক নিৰ্বাচনত বড়োক ৪৬ নং ওদালগুৰি বিধানসভা সমষ্টিৰ পৰা ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : বৰাকত উন্নয়নৰ ধল, শিলচৰত ২৩,৫৫০ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ