বেলজিয়ামৰ সন্মুখত দৰ্প-চূৰ্ণ অহংকাৰী আমেৰিকাৰ, ঘৰুৱা দৰ্শকৰ সন্মুখতে নিৰ্লজ্জ পৰাজয়

ঘৰুৱা দৰ্শকৰ সন্মুখতে বেলজিয়ামৰ হাতত নিৰ্লজ্জ পৰাজয়ৰ সন্মুখীন হৈ বিশ্বকাপৰ পৰা বাহিৰ হ’ল অহংকাৰী আমেৰিকাৰ । খেলপথাৰতে খঙত টিঙিৰিতুলা হৈ পৰিল প্ৰশিক্ষক পচেটিনো ।

ফীফা ৱৰ্ল্ড কাপ ২০২৬-ৰ সহ-আয়োজক দল ইউনাইটেড ষ্টেটছ অব আমেৰিকা (USA)-ৰ যাত্ৰা অত্যন্ত হতাশাজনকভাৱে সমাপ্ত হ’ল । মঙলবাৰে ছিয়েটলৰ ছিয়েটল ষ্টেডিয়ামত অনুষ্ঠিত ৰাউণ্ড অৱ ১৬-ৰ এখন হাই-ভল্টেজ খেলত বেলজিয়ামে ঘৰুৱা দল আমেৰিকাক ৪-১ ব্যৱধানত ধূলিসাৎ কৰে । এই বৃহৎ পৰাজয়ৰ লগে লগে ঘৰুৱা দৰ্শকৰ সন্মুখত বিশ্বকাপৰ খিতাপ অৰ্জন কৰাৰ ইউএছএ-ৰ সপোন ভাঙি চুৰমাৰ হয় ।

বেলজিয়ামৰ এই ঐতিহাসিক বিজয়ৰ মূল নায়ক আছিল তাৰকা খেলুৱৈ চাৰ্লছ ডি কেটেলেৰে । তেওঁ আমেৰিকাৰ দুৰ্বল ডিফেঞ্চৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি নিজেই দুটাকৈ গ’ল কৰাৰ লগতে আন এটা গ’ল কৰাত গুৰুত্বপূৰ্ণ সহায় কৰে ।

এই অনবদ্য বিজয়ৰ সৈতে বেলজিয়ামে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিলে, য’ত অহা শনিবাৰে কেলিফৰ্ণিয়াৰ ইংলউডত তেওঁলোকৰ মুখামুখি হ’ব শক্তিশালী স্পেইন ।

খঙত অগ্নিশৰ্মা আমেৰিকাৰ প্ৰশিক্ষক

নিজৰ দলৰ অতি নিম্নমানৰ প্ৰদৰ্শন আৰু খেলুৱৈসকলৰ ধাৰাবাহিক ভুলৰ বাবে আমেৰিকাৰ মুখ্য প্ৰশিক্ষক মৌৰিচিঅ’ পচেটিনো খেলপথাৰতে খঙত অগ্নিশৰ্মা হৈ পৰে । আমেৰিকান দলে গ’ল খোৱাৰ পিছত পচেটিনোৱে খঙৰ ভমকত ডাগআউটৰ বেঞ্চৰ সন্মুখত থকা এটা ৰেকত প্ৰচণ্ড জোৰেৰে গোৰ মাৰি দিয়ে, যাৰ ফলত তাত থকা পানীৰ বটলসমূহ উফৰি যায় । তেওঁৰ এই ক্ৰোধে স্পষ্টকৈ বুজাই দিছিল যে তেওঁ আমেৰিকান ডিফেণ্ডাৰসকলৰ প্ৰদৰ্শনক লৈ কিমান হতাশ আছিল ।

ঘৰুৱা মাটিত আমেৰিকাৰ প্ৰতিৰক্ষাৰ ডাঙৰ ব্যৰ্থতা

এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবে তাৰকা ফৰৱাৰ্ড ফলাৰিন বালোগুনৰ প্ৰত্যাৱৰ্তনে আমেৰিকান দলটোক এক ডাঙৰ সকাহ দিছিল । ৰেড কাৰ্ডৰ বাবে বালোগুনক নিষিদ্ধ কৰা হৈছিল যদিও ফীফাই এক বিতৰ্কিত সিদ্ধান্তৰ জৰিয়তে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰিছিল । কিন্তু তাৰ পিছতো আমেৰিকাই ঘৰুৱা মাটিত আশা অনুসৰি খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে ।

প্ৰথম অৰ্ধত আমেৰিকাৰ ৰক্ষনৰ ভুলৰ বাবেই বেলজিয়ামে দুটা গ’ল কৰাৰ সুযোগ পায় । ইয়াৰ পিছত দ্বিতীয় অৰ্ধৰ আৰম্ভণিতে আমেৰিকান গ’লৰক্ষক মেট ফ্ৰীজৰ এটা ডাঙৰ ভুলে ইউএছএ-ৰ প্ৰত্যাৱৰ্তনৰ সকলো আশা নোহোৱা কৰি পেলায় ।

খেলখনত মালিক টিলমেনে প্ৰথম অৰ্ধৰ মাজভাগত এটা অনবদ্য ফ্ৰী-কিকৰ সহায়ত গ’ল কৰি স্ক’ৰ ১-১ কৰিছিল । চলিত বিশ্বকাপত ফ্ৰী-কিকৰ পৰা এয়া তেওঁৰ দ্বিতীয়টো গ’ল আছিল । অৱশ্যে আমেৰিকান খেলুৱৈ আৰু দৰ্শকৰ এই আনন্দ বেছি পৰলৈ স্থায়ী নহ’ল । খেল পুনৰ আৰম্ভ হোৱাৰ মাত্ৰ ৬১ ছেকেণ্ডৰ ভিতৰতে বেলজিয়ামে আন এটা গ’ল দি পুনৰ অগ্ৰগতি লাভ কৰে । এই আকস্মিক গ’লটোৱে আমেৰিকাক মানসিকভাৱে ভাঙি পেলায় আৰু ইয়াৰ পিছত তেওঁলোক মেচলৈ ঘূৰি অহাত ব্যৰ্থ হয় ।

লগতে পঢ়ক : ২০২৬ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ বিতৰ্ক! ট্ৰাম্পৰ হস্তক্ষেপত সলনি হ’ল ফিফাৰ নিয়ম?

স্পেইনৰ বিৰুদ্ধে হাই-ভল্টেজ মেচৰ পূৰ্বে ৰোনাল্ডোলৈ মাতৃৰ বিশেষ বাৰ্তা

ফিফা বিশ্বকাপ: স্পেইনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে ক্ৰিষ্টিয়ানো ৰোনাল্ডোলৈ মাতৃৰ আৱেগিক বাৰ্তা

ফুটবল বিশ্বৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডো এতিয়া ব্যস্ত তেওঁৰ কেৰিয়াৰৰ সম্ভৱতঃ অন্তিমখন ফিফা বিশ্বকাপত । ৰাউণ্ড অৱ ১৬-ৰ এক হাই-ভল্টেজ মেচত পৰ্তুগাল মুখামুখি হ’ব শক্তিশালী স্পেইনৰ । এই অগ্নিপৰীক্ষাৰ ঠিক পূৰ্বে পৰ্তুগীজ তাৰকাগৰাকীয়ে লাভ কৰিছে এক বিশেষ মৰম আৰু আশীৰ্বাদ । ৰোনাল্ডোৰ মাতৃ মাৰিয়াই ছচিয়েল মিডিয়াৰ জৰিয়তে পুত্ৰ তথা সমগ্ৰ দলটোলৈ এক হৃদয়স্পৰ্শী বাৰ্তা প্ৰেৰণ কৰিছে ।

মাৰিয়াই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত পৰ্তুগাল দলটোক উৎসাহিত কৰি লিখিছে, “আমাৰ ৰাষ্ট্ৰীয় দলটোলৈ শুভকামনা, আমি সকলোৱে একেলগে আছোঁ ।” মাতৃৰ এই বাৰ্তাই এতিয়া অনুৰাগীসকলৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে ।

ক্ৰোৱেছিয়াক পৰাস্ত কৰি ৰাউণ্ড অৱ ১৬ ত পৰ্তুগাল

ৰাউণ্ড অৱ ৩২-ৰ এখন অত্যন্ত ৰোমাঞ্চকৰ খেলত ক্ৰোৱেছিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰি পৰ্তুগালে এই পৰ্যায়ত প্ৰৱেশ কৰিছে । মেচখনৰ একেবাৰে শেষ মুহূৰ্তত অৰ্থাৎ ইনজুৰী টাইমত যুৱ তাৰকা গনচালো ৰামোছে এটা দৰ্শনীয় বিজয়সূচক গ’ল দি দলৰ বিশ্বকাপৰ খিতাপ অৰ্জনৰ আশা সজীৱ ৰাখে ।

কোচ ৰবাৰ্টো মাৰ্টিনেজৰ তত্ত্বাৱধানত থকা পৰ্তুগাল দলে এইবাৰ ইতিহাস ৰচনা কৰাৰ লক্ষ্য লৈছে । দেশৰ ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সাজু হৈছে দলটো । অৱশ্যে পৰিসংখ্যা অনুসৰি, ২০০৬ চনৰ পিছত পৰ্তুগালে বিশ্বকাপৰ নকআউট পৰ্যায়ত একেৰাহে দুখন মেচত জয়লাভ কৰিব পৰা নাই ।

সন্মুখত শক্তিশালী স্পেইনৰ প্ৰত্যাহ্বান

পৰ্তুগালৰ কোৱাৰ্টাৰ ফাইনেলৰ পথত আটাইতকৈ ডাঙৰ প্ৰাচীৰ হৈ থিয় দিছে লুইচ ডি লা ফুয়েন্টেৰ স্পেইন দল । সমগ্ৰ প্ৰতিযোগিতাতে স্পেইনে অত্যন্ত আক্ৰমণাত্মক আৰু দমনীয় ফুটবল খেলিছে । ৰাউণ্ড অৱ ১৬ ত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকে অষ্ট্ৰিয়াক ৩-০ ব্যৱধানত ধূলিস্যাৎ কৰিছিল ।

এই মেচখনত স্পেইনে এক অনন্য ৰেকৰ্ডো গঢ়িছে । ২০১৪ চনৰ বিশ্বকাপ ফাইনেলত জাৰ্মানীৰ পিছত স্পেইন এনে প্ৰথমটো দল হৈ পৰিছে, যিয়ে নকআউট মেচত প্ৰতিপক্ষক এটা শ্বটো টাৰ্গেটত ল’বলৈ দিয়া নাই ।

২০১৮ চনৰ ৰাছিয়া বিশ্বকাপত এই দুই চিৰবৈৰী দল অন্তিমবাৰৰ বাবে মুখামুখি হৈছিল । সেই ঐতিহাসিক মেচখনত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে এটা স্মৰণীয় হেট্ৰিক অৰ্জন কৰি খেলখন ৩-৩ গ’লত ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল ।

এতিয়া সমগ্ৰ বিশ্বৰ চকু থাকিব ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ওপৰত । অনুৰাগীসকলে আশা কৰিছে যে তেওঁলোকৰ কিংবদন্তি অধিনায়কজনে পুনৰ এবাৰ জিলিকি উঠিব আৰু দলক কোৱাৰ্টাৰ ফাইনেললৈ লৈ গৈ নিজৰ বিদায়ী বিশ্বকাপৰ যাত্ৰা আৰু অলপ দীঘলীয়া কৰিব ।

লগতে পঢ়ক : নেইমাৰৰ পাছত ক্রিষ্টিয়ানো ৰোনাল্ডোৱেও ল’ব নেকি অৱসৰ!

২০২৬ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ বিতৰ্ক! ট্ৰাম্পৰ হস্তক্ষেপত সলনি হ’ল ফিফাৰ নিয়ম?

বিশ্বকাপৰ মাজভাগতে ফিফাৰ অনুশাসন সমিতিয়ে সকলোকে আচৰিত কৰি এক নাটকীয় সিদ্ধান্ত গ্ৰহণ কৰে

ফিফা বিশ্বকাপ ২০২৬ত এতিয়া খেলপথাৰৰ মেচতকৈয়ো চৰ্চাৰ শীৰ্ষলৈ আহিছে এটা প্ৰশাসনিক সিদ্ধান্ত । আমেৰিকাৰ তাৰকা ষ্ট্ৰাইকাৰ ফ’লাৰিন বাল’গুনৰ ৰেড কাৰ্ড বাতিল কৰাক লৈ সমগ্ৰ ফুটবল বিশ্বতে এক অভূতপূৰ্ব বিতৰ্কৰ সৃষ্টি হৈছে । ইউৰোপীয় ফুটবলৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা UEFA-ই ফিফাৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে । UEFA-ৰ মতে, এই কাৰ্য ‘খেলৰ নিৰপেক্ষতাৰ ওপৰত এক পোনপটীয়া আক্ৰমণ’ ।

মিডিয়া ৰিপৰ্ট অনুসৰি, এই সমগ্ৰ বিতৰ্কৰ আঁৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পোনপটীয়া হস্তক্ষেপ । জানিব পৰা মতে, ট্ৰাম্পে ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনোৰ সৈতে ব্যক্তিগতভাৱে কথা পাতি বাল’গুনৰ শাস্তি পুনৰ বিবেচনা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল, যাৰ পিছতে ফিফাই নিজৰ নিয়ম সলনি কৰিবলৈ বাধ্য হয় ।

আচলতে খেলপথাৰত কি হৈছিল?

ৰাউণ্ড অব্-৩২ৰ এখন গুৰুত্বপূৰ্ণ মেচত আমেৰিকাই বচনিয়া আৰু হাৰ্জেগোভিনাক ২-০ গ’লত পৰাস্ত কৰিছিল । কিন্তু মেচখনৰ ৬৪ মিনিটত আমেৰিকাৰ ফ’লাৰিন বাল’গুনে বচনিয়াৰ ডিফেণ্ডাৰ তাৰিক মুহাৰেমোভিচক বিপজ্জনকভাৱে ‘ষ্টাডছ’ দেখুৱাই টেক্ল কৰে । ইয়াৰ লগে লগে ৰেফাৰীয়ে বাল’গুনক পোনপটীয়াকৈ ‘ৰেড কাৰ্ড’ দেখুৱাই খেলপথাৰৰ পৰা উলিয়াই দিয়ে ।

ফিফাৰ নিয়ম অনুসৰি, কোনো খেলুৱৈয়ে পোনপটীয়া ৰেড কাৰ্ড পালে তেওঁ স্বয়ংক্ৰিয়ভাৱে পৰৱৰ্তী মেচখনৰ পৰা বাহিৰ হ’ব লাগে । এই নিয়ম অনুসৰি, বেলজিয়ামৰ বিৰুদ্ধে হ’বলগীয়া হাই-ভল্টেজ ৰাউণ্ড অব্-১৬ৰ মেচখনত বাল’গুনে খেলিব নোৱাৰিলেহেঁতেন ।

ফিফাৰ ইউ-টাৰ্ণ: ৰেড কাৰ্ডৰ সলনি ‘প্ৰ’বেচন’!

বিশ্বকাপৰ মাজভাগতে ফিফাৰ অনুশাসন সমিতিয়ে সকলোকে আচৰিত কৰি এক নাটকীয় সিদ্ধান্ত গ্ৰহণ কৰে । বাল’গুনৰ ওপৰত থকা এখন মেচৰ বাধ্যতামূলক নিষেধাজ্ঞা উঠাই দি ইয়াক এবছৰীয়া ‘প্ৰ’বেচন পিৰিয়ড’লৈ ৰূপান্তৰ কৰা হয় । ইয়াৰ অৰ্থ হ’ল বাল’গুনে চলিত বিশ্বকাপৰ আটাইকেইখন মেচতে খেলিব পাৰিব আৰু তেওঁৰ ওপৰত থকা নিষেধাজ্ঞা বিশ্বকাপৰ সমাপ্তিৰ পিছতহে কাৰ্যকৰী হ’ব ।

‘ফিফাই সীমা পাৰ কৰিলে’ – জাঙুৰ খাই উঠিল UEFA

ফিফাৰ এই সিদ্ধান্তৰ পিছতে সোমবাৰে এক চৰকাৰী বিবৃতি জাৰি কৰি তীব্ৰ ক্ষোভ উজাৰে ইউৰোপীয় ফুটবল সংস্থাই (UEFA )। তেওঁলোকে কয়:

“ৰেড কাৰ্ড পোৱাৰ পিছত এখন মেচৰ বাবে নিলম্বন হোৱাটো কোনো ঐচ্ছিক নিয়ম নহয়, এয়া বাধ্যতামূলক । প্ৰতিযোগিতাৰ মাজভাগত কেৱল এজন বিশেষ খেলুৱৈৰ বাবে নিয়ম সলনি কৰাটোৱে ফুটবলৰ বিশ্বাসযোগ্যতা শেষ কৰি পেলাইছে । যেতিয়া নিয়মৰ ৰক্ষকসক নিজেই ৰাজনৈতিক চাপত নিয়ম সলনি কৰে, তেতিয়া খেলৰ নিৰপেক্ষতা বিপন্ন হৈ পৰে ।”

UEFA-ই ফিফাৰ এই পদক্ষেপক ‘অকল্পনীয়, বুজিব নোৱাৰা আৰু সম্পূৰ্ণ অন্যায়’ বুলি অভিহিত কৰিছে ।

ড’নাল্ড ট্ৰাম্পৰ ফোনকল আৰু ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ

এই বিতৰ্কই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ কাৰণ হ’ল ইয়াৰ সৈতে সাঙোৰ খাই পৰিছে হোৱাইট হাউচ । কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই ফিফাৰ মুৰব্বী জিয়ানী ইনফেন্টিনোক ফোন কৰি বাল’গুনৰ গোচৰটোত ৰেহাই দিবলৈ কৈছিল । কেৱল সেয়াই নহয়, আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ইও ৰাজহুৱাকৈ এই বিষয়টোক লৈ মন্তব্য কৰিছিল । এই ৰাজনৈতিক হস্তক্ষেপে এতিয়া বিশ্ব ক্ৰীড়াত এক ক’লা অধ্যায়ৰ সূচনা কৰাৰ আশংংকা কৰা হৈছে ।

ইফালে ফিফাৰ এই একচক্ষীয়া সিদ্ধান্তক লৈ ফুটবল জগতৰ তাৰকা আৰু প্ৰশিক্ষকসকলৰ মাজতো ব্যাপক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : বিশ্বকাপৰ পৰা বাহিৰ হ’ল ব্ৰাজিল; নেইমাৰৰ অৱসৰ ঘোষণা

মেছীৰ জাৰ্চি হাতত লৈ ভাইৰেল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আমোদজনক পোষ্ট

“ল’ৰাৰ বাবে মনৰ কথা মনতে ৰাখিলোঁ…”! ফুটবল বিশ্বকাপৰ উত্তেজনাৰ মাজতে মেছীৰ জাৰ্চি লৈ চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰততো তুংগত উঠিছে ফিফা বিশ্বকাপ ২০২৬-ৰ উত্তেজনা । ইয়াৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা-ৰ এটা আমোদজনক মন্তব্য আৰু ছচিয়েল মিডিয়া পোষ্ট এতিয়া মাজত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে । ফুটবলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এক প্ৰতিক্ৰিয়াই এতিয়া জয় কৰিছে লাখ লাখ ক্ৰীড়াপ্ৰেমীৰ মন ।

পুত্ৰ আৰু আৰ্জেন্টিনাক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আচলতে শেহতীয়াকৈ এক অনুষ্ঠানত যেতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল যে এইবাৰ ফিফা বিশ্বকাপত তেওঁ কোনটো ফুটবল দলক সমৰ্থন কৰিছে, তেতিয়া তেওঁ হাঁহি হাঁহি অতি আকৰ্ষণীয় শৈলীত উত্তৰ দিয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমেলীয়া সুৰত কয়- “মোৰ ল’ৰা আৰ্জেন্টিনাৰ সমৰ্থক । যদি মই আন কোনো দলৰ নাম লওঁ, সি মোৰ ওপৰত খং কৰিব । গতিকে মই মোৰ পচন্দ নিজৰ মাজতেই ৰাখিছোঁ ।”

তেওঁৰ এই উত্তৰত তাত উপস্থিত থকা সংবাদকৰ্মী তথা সকলো ৰাইজে হাঁহি ৰখাব নোৱাৰিলে ।

লিয়নেল মেছীৰ জাৰ্চি হাতত লৈ X-ত পোষ্ট

কেৱল মুখেৰেই নহয়, ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল X (পূৰ্বৰ টুইটাৰ) একাউণ্টতো এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে । উক্ত পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাক বিশ্বখ্যাত ফুটবলাৰ লিয়নেল মেছী-ৰ ১০ নম্বৰ জাৰ্চি ধৰি থকা অৱস্থাত দেখা গৈছে ।

প্ৰকাশ পোৱাৰ মাত্ৰ কিছু সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ এই পোষ্টটো ভাইৰেল হৈ পৰে আৰু হাজাৰ হাজাৰ লোকে ইয়াক লাইক তথা শ্বেয়াৰ কৰে । বহু নেটিজেনে ইয়াক এজন পিতৃ আৰু পুত্ৰৰ সম্পৰ্কৰ এটা অতি মৰম লগা আভাস বুলি অভিহিত কৰিছে ।

ভাৰতত তুংগত ফুটবলৰ ক্ৰেজ

ভাৰতত ক্ৰিকেটৰ সমান্তৰালভাৱে ফুটবলৰ জনপ্ৰিয়তা আৰু ক্ৰেজ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । বিশেষকৈ ফিফা বিশ্বকাপৰ সময়ত কোটি কোটি ভাৰতীয় অনুৰাগীয়ে বিভিন্ন দেশৰ দলসমূহক লৈ উলাহ প্ৰদৰ্শন কৰে । ইয়াৰ ভিতৰত লিয়নেল মেছী আৰু আৰ্জেন্টিনাৰ অনুৰাগীৰ সংখ্যা আমাৰ দেশ তথা অসমত আটাইতকৈ বেছি ।

ফিফা বিশ্বকাপত আৰ্জেন্টিনাৰ স্থিতি: গোল্ডেন বুটৰ দৌৰত মেছী

প্ৰতিযোগিতাৰ ক্ষেত্ৰত চাবলৈ গ’লে, আৰ্জেন্টিনাই ইতিমেধেই চলিত ফিফা বিশ্বকাপৰ ৰাউণ্ড অৱ-১৬-ত নিজৰ স্থান সুৰক্ষিত কৰিছে । অহা ৭ জুলাই (মঙলবাৰে) হাইভল্টেজ মেচত আৰ্জেন্টিনা মুখামুখি হ’ব ইজিপ্ট-ৰ ।

লগতে পঢ়ক : বিধানসভাৰ কাৰ্য্যবিধিৰ পৰা আঁতৰোৱা নহয় বড়ো ভাষা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

বিশ্বকাপৰ পৰা বাহিৰ হ’ল ব্ৰাজিল; নেইমাৰৰ অৱসৰ ঘোষণা

নৰৱে’ৰ বিৰুদ্ধে খেলখনত ব্ৰাজিল ১-২ গ’লত পৰাস্ত হয়। দলটোৰ সমৰ্থকসকলে এতিয়াও এই পৰাজয়ৰ বাবে শোকত থকাৰ সময়তেই নেইমাৰে আন এক বৃহৎ আঘাত দিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে।

ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছে। ব্ৰাজিল ফিফা বিশ্বকাপ ২০২৬-ৰ পৰা বাহিৰ হোৱাৰ লগে লগেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। আজি ‘ৰাউণ্ড অৱ ১৬’ (Round of 16) ৰ খেলখনত নৰৱে’এ ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰি তেওঁৰ যাত্ৰা সমাপ্ত কৰে।

নেইমাৰে নিজৰ কেৰিয়াৰৰ আৰম্ভণি মেটলাইফ ষ্টেডিয়াম (নিউ জাৰ্চি)ত খেলি কৰিছিল আৰু নিজৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলো এই একেখন খেলপথাৰতে খেলিলে। খেলৰ ৯০ মিনিটৰ পিছত অতিৰিক্ত সময় অন্ত পৰাৰ কিছু সময় পূৰ্বে তেওঁ এটা গ’ল দিয়ে, যিটো ব্ৰাজিলৰ প্ৰথমটো গ’ল আছিল। কিন্তু নৰৱে’ ইয়াৰ পূৰ্বেই ২ টা গ’ল দি থৈছিল। নেইমাৰে অৱসৰৰ কথা ঘোষণা কৰি কয় যে তেওঁ এতিয়া ভাগৰুৱা হৈ পৰিছে।

ব্ৰাজিল বনাম নৰৱে’ খেলখনৰ ফাইনেল হুইচেল বজাৰ আৰু ব্ৰাজিল বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ কিছু সময়ৰ পিছতেই নেইমাৰে নিজৰ অৱসৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁ কয়, “মই বহুত চেষ্টা কৰিলোঁ, কিন্তু সকলো শেষ হৈ গ’ল। মই বহুত ভাগৰুৱা হৈ পৰিছোঁ, ক্লান্ত হৈ পৰিছোঁ। মই মেটলাইফ ষ্টেডিয়ামৰ পৰাই আৰম্ভণি কৰিছিলোঁ আৰু ইয়াতেই মোৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা শেষ কৰিছোঁ।”

নেইমাৰে ২০১০ চনত ছিনিয়ৰ দলত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ১২৯ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৮০ টা গ’ল স্ক’ৰ কৰিছে। তেওঁ ব্ৰাজিলৰ পুৰুষ ফুটবলৰ সৰ্বকালৰ সৰ্বাধিক গ’ল স্ক’ৰাৰ (All-time leading goalscorer)। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেইমাৰৰ কিছুমান ডাঙৰ সাফল্য আছিল, যেনে- ৰিঅ’ ২০১৬ অলিম্পিকত ব্ৰাজিলক স্বৰ্ণ পদক উপহাৰ দিয়া। ইয়াৰ পূৰ্বে লণ্ডন গেমছত তেওঁ ৰূপৰ পদক জিকিছিল। লগতে ২০১৩ চনত তেওঁ ফিফা কনফেডাৰেচন কাপো জয় কৰিছিল।

লগতে পঢ়ক: প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা; পৰাজিত হৈয়ো হৃদয় জিনিলে কেপ ভাৰ্ডেই

এমবাপ্পেক অতিক্ৰমি গ’ল্ডেন বুটৰ দৌৰৰ শীৰ্ষত লিয়’নেল মেছি

ফিফা বিশ্বকাপৰ ক্ৰমাগত অষ্টমখন খেলত গ’ল দি নতুন অভিলেখ গঢ়িলে লিয়’নেল মেছিয়ে।কেপ ভাৰ্ডেৰ বিৰুদ্ধে ৩-২ গ’লত ৰোমাঞ্চকৰ জয়ত মেছিয়ে প্ৰতিযোগিতাখনৰ সপ্তমটো গ’ল আৰু বিশ্বকাপ কেৰিয়াৰৰ ২০তম গ’লটো দিয়ে।

লিয়’নেল মেছিৰ ৰেকৰ্ড ভংগৰ ধাৰা থমকি ৰোৱাৰ নাম লোৱা নাই। আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে ফিফা বিশ্বকাপৰ একেৰাহে অষ্টমখন মেচত গ’ল দি নিজৰ ৰেকৰ্ড অধিক শক্তিশালী কৰিলে।ফিফা বিশ্বকাপৰ একেৰাহে আঠখন খেলত গ’ল দিয়া বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় লিয়’নেল মেছি। কেপ ভাৰ্ডেৰ বিৰুদ্ধে শনিবাৰে খেলা অতি ৰোমাঞ্চকৰ মেচখনত অতিৰিক্ত সময়ত আৰ্জেণ্টিনাই ৩-২ গ’লত জয়লাভ কৰি ৰাউণ্ড অব-১৬ ত স্থান নিশ্চিত কৰে।

খেলখনৰ ২৯ নং মিনিটত মেছিয়ে এক সুন্দৰ গ’ল দিয়ে। ডিফেণ্ডাৰ লিছান্দ্ৰ’ মাৰ্টিনেজে বক্সৰ ভিতৰলৈ এটা দীঘলীয়া আৰু সঠিক পাছ পঠিয়াইছিল, য’ত মেছিয়ে উৎকৃষ্ট টাইমিঙৰ সৈতে দৌৰি গৈছিল। তেওঁ প্ৰথম টাচটো বৰ সুন্দৰকৈ ল’লে আৰু তাৰ পিছত গ’লৰক্ষক ভ’জিনহাৰ ওপৰেৰে বলটো নেটৰ ওপৰৰ অংশলৈ পঠিয়াই আৰ্জেণ্টিনাক ১-০ ব্যৱধানত আগুৱাই লৈ যায়।

এয়া মেছিৰ বিশ্বকাপ কেৰিয়াৰৰ ২০ সংখ্যক গ’ল আছিল।ইয়াৰ সৈতে তেওঁ এই তালিকাত দ্বিতীয় স্থানত থকা ফ্ৰান্সৰ কিলিয়ান এমবাপ্পেতকৈ দুটা গ’লৰ অগ্ৰগতি লাভ কৰে।মেছি এতিয়া বিশ্বকাপ ইতিহাসৰ আটাইতকৈ বেছি গ’ল কৰা খেলুৱৈ হৈ পৰিছে। চলিত বিশ্বকাপত এয়া মেছিৰ সপ্তমটো গ’ল আছিল। ইয়াৰ সৈতে তেওঁ ‘গ’ল্ডেন বুট’ৰ দৌৰত এমবাপ্পেক পিছ পেলাই। এমবাপ্পেৰ নামত বৰ্তমান ছয়টা গ’ল থকাৰ বিপৰীতে মেছি সাতটা গ’লেৰে আটাইতকৈ আগত আছে। একেৰাহে আঠখন বিশ্বকাপ মেচত গ’ল কৰা মেছিয়ে এই সময়ছোৱাত ১২ টা গ’ল দিছে। এই ধাৰাবাহিকতাই তেওঁৰ দুৰ্দান্ত ফৰ্মৰ প্ৰমাণ দিয়ে।

মেচৰ আৰম্ভণিৰে পৰাই মেছিক আক্ৰমণাত্মক ৰূপত দেখা গৈছিল। ১৫ সংখ্যক মিনিটত তেওঁৰ বাওঁ ভৰিৰ শ্বটটো সামান্য ব্যৱধানত পোষ্টৰ বাহিৰলৈ গুচি যায়। ইয়াৰ তিনি মিনিট পিছত তেওঁ প্ৰায় ২৫ গজ দূৰৰ পৰা এটা ফ্ৰী-কিক লাভ কৰে, কিন্তু কেপ ভাৰ্ডেৰ অভিজ্ঞ গ’লৰক্ষক ভ’জিনহাই তাক সহজেই ৰক্ষা কৰে।

অৱশ্যে ইয়াৰ পিছত মেছিয়ে ২৯ সংখ্যক মিনিটত এক সুন্দৰ ফিনিচিং কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। গ’ল কৰাৰ পিছত তেওঁ হাত মেলি লিছান্দ্ৰ’ মাৰ্টিনেজৰ ফালে ইংগিত কৰে আৰু তেওঁৰ পাছটোক প্ৰশংসা কৰে। ইয়াৰ পিছত সমগ্ৰ দলে তেওঁক সাৱটি ধৰি আনন্দ উদযাপন কৰে।

এয়া মেছিৰ আন্তৰ্জাতিক কেৰিয়াৰৰ ১২৪ সংখ্যক গ’ল আছিল। আন্তৰ্জাতিক ফুটবলত তেওঁতকৈ আগত কেৱল পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আছে, যাৰ নামত ১৪৬ টা গ’ল নথিভুক্ত হৈ আছে।

মেচৰ শেষত আৰ্জেণ্টিনাৰ মিডফিল্ডাৰ ৰড্ৰিগো ডি পলে মেছিৰ প্ৰশংসা কৰি কয়:”মোৰ বাবে তেওঁৰ সৈতে থকা বন্ধুত্বৰ মূল্য বহুত বেছি। বন্ধুত্ব জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰসমূহৰ ভিতৰত অন্যতম আৰু মই নিজকে ভাগ্যৱান বুলি ভাবো যে তেওঁৰ সৈতে মই এই মুহূৰ্তবোৰ কটাইছোঁ।”

যদিও কেপ ভাৰ্ডেই বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল আৰু খেলখন অতিৰিক্ত সময়লৈকে টানি লৈ গৈছিল, তথাপিও অৱশেষত আৰ্জেণ্টিনাই ৩-২ ব্যৱধানত জয়লাভ কৰি শেষ-১৬ ৰ স্থান দখল কৰে।

লগতে পঢ়ক: ফিফা বিশ্বকাপত ইজিপ্তৰ ইতিহাস; পেনাল্টী শ্বুটআউটত অষ্ট্ৰেলিয়াক পৰাস্ত

অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফিফা বিশ্বকাপত ইজিপ্তে লিখিলে ইতিহাস

ফিফা বিশ্বকাপ ২০২৬ ত ইজিপ্তৰ দলটোৱে এক ঐতিহাসিক জয় অৰ্জন কৰে। দলটোৱে অষ্ট্ৰেলিকায় পেনাল্টী শ্বুটআউটত ৪-২ গ’লত পৰাস্ত কৰে।

ইজিপ্তে ইতিহাস ৰচনা কৰি ফিফা বিশ্বকাপৰ নকআউট পৰ্যায়ত নিজৰ প্ৰথমটো জয় পঞ্জীয়ন কৰিছে। পেনাল্টী শ্বুটআউটত ইজিপ্তে অ’ষ্ট্ৰেলিয়াক ৪-২ ব্যৱধানত পৰাস্ত কৰে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়লৈকে দুয়োটা দলেই ১-১ গ’লত সমতা ৰক্ষা কৰি আছিল, যাৰ বাবে পেনাল্টী শ্বুটআউটৰ জৰিয়তে খেলখনৰ ভাগ্য নিৰ্ণয় কৰা হয়। এই ঐতিহাসিক জয়ৰ পিছত এতিয়া ৰাউণ্ড অৱ ১৬ ত ইজিপ্তৰ মুখামুখি হ’ব বৰ্তমানৰ চেম্পিয়ন আৰ্জেণ্টিনা। বিশেষ কথা এয়েই যে, বিশ্বকাপত ইজিপ্তৰ এয়া প্ৰথমখন নকআউট খেল আছিল।

খেলখনৰ ১৩ মিনিটত ইমাম আছৌৰে ইজিপ্তক উজ্জ্বল হেডাৰেৰে আগতীয়াকৈ ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ওমৰ মাৰমুছে অগ্ৰগতি দুগুণ কৰাৰ সুযোগ লাভ কৰিছিল যদিও তেওঁৰ শ্বটটো বাহিৰলৈ গৈছিল। ৫৫ মিনিটত অষ্ট্ৰেলিয়াই ১-১ গ’লত সমতা স্থাপন কৰে,অৱশ্যে ইজিপ্তৰ ডিফেণ্ডাৰ মহম্মদ হানিৰ ভুলৰ বাবেই এই গ’লটো আহিছিল। আইডেন অ’নিলে লোৱা ফ্ৰী কিকটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে হানীয়ে নিজৰ গ’লৰক্ষক মোস্তাফা শ্বোবেইৰৰ পিছফালে বলটো নেটত ডিফ্লেক্ট কৰে।অৰ্থাৎ শেষত তেওঁ অ’ন গ’ল দিছিল।

পেনাল্টী শ্বুটআউটত ইজিপ্তৰ হৈ মেহমুদ ছাবেৰ, ৰামী ৰাবিয়া আৰু লিভাৰপুলৰ প্ৰাক্তন তাৰকা মহম্মদ ছালাহে প্ৰথম তিনিটা গ’ল কৰে। ইয়াৰ পিছত হোছাম আব্দেলমজীদে অন্তিমটো গ’ল দি নিজৰ দলৰ জয় নিশ্চিত কৰে। উল্লেখনীয় কথা এই যে, ছালাহে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত হেমষ্ট্ৰীঙৰ আঘাত পোৱা স্বত্বেও এই খেলখনত খেলিবলৈ নামিছিল।

আনহাতে, অ’ষ্ট্ৰেলিয়াৰ আৰম্ভণি বেয়া আছিল যেতিয়া হেৰী সুটাৰে প্ৰথমটো শ্বট বতাহতে মাৰি পঠিয়াইছিল। ইয়াৰ পিছত ১৮ বছৰীয়া লুকাছ হেৰিংটনৰ চতুৰ্থটো প্ৰয়াস গ’ল পোষ্টৰ ওপৰৰ অংশত খুন্দা খায়। অ’ষ্ট্ৰেলিয়াৰ হৈ কেৱল জেকচন ইৰভিন আৰু এভাৰ মাবিলেহে শ্বুটআউটত গ’ল কৰিবলৈ সক্ষম হয়।

আটাইতকৈ আকৰ্ষণীয় কথাটো আছিল যে, অ’ষ্ট্ৰেলিয়াই শ্বুটআউটৰ বাবে অভিজ্ঞ গ’লৰক্ষক মেথিউ ৰিয়ানক পথাৰত নমাইছিল, কিন্তু তেওঁ ইজিপ্তৰ চাৰিটা শ্বটৰ এটাও ৰোধ কৰিব নোৱাৰিলে। এই পৰাজয়ৰ লগে লগে নকআউট পৰ্যায়ত অ’ষ্ট্ৰেলিয়াৰ ৰেকৰ্ড এতিয়া ০-৩ হ’ল, অৰ্থাৎ দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে নকআউট মেচত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল।

লগতে পঢ়ক: প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা; পৰাজয়ৰ পিছতো হৃদয় জয় কেপ ভাৰ্ডেৰ

প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা; পৰাজিত হৈয়ো হৃদয় জিনিলে কেপ ভাৰ্ডেই

লিয়নেল মেছিৰ অভিলেখ ভংগকাৰী ২০ সংখ্যক বিশ্বকাপ গ’ল আৰু অতিৰিক্ত সময়ত নিৰ্ণায়ক ষ্ট্ৰাইকৰ দ্বাৰা চালিত আৰ্জেণ্টিনাই ফিফা বিশ্বকাপত কেপ ভাৰ্ডেক ৩-২ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপৰ ১৬ ৰাউণ্ডত স্থান নিশ্চিত কৰে।

ফিফা বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই এক ৰোমাঞ্চকৰ মেচত কেপ ভাৰ্ডেক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড অব-১৬ত প্ৰৱেশ কৰিছে। শনিবাৰে মিয়ামি গাৰ্ডেনচত অনুষ্ঠিত এই খেলখনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলা কেপ ভাৰ্ডে শেষ মুহূৰ্তলৈকে আৰ্জেণ্টিনাক তীব্ৰ প্ৰত্যাহ্বান জনায়, কিন্তু অতিৰিক্ত সময়ৰ ১১১ নম্বৰ মিনিটত হোৱা এটা ‘অ’ন গ’লে’ মেচখনৰ ভাগ্য নিৰ্ধাৰণ কৰে।

আৰ্জেণ্টিনাৰ জয়ৰ নিৰ্ণায়ক গ’লটো কেপ ভাৰ্ডেৰ ডিফেণ্ডাৰ ডিনি বৰ্জেছে নিজৰ গ’ল হিচাপে ৰেকৰ্ড কৰে। ক্ৰীষ্টিয়ান ৰোমেৰোৰ হেডাৰটো ৰোধ কৰাৰ প্ৰয়াসত বলটো বর্জেছৰ পৰা আঁতৰি গৈ গ’লপোষ্টত সোমাই পৰে আৰু আৰ্জেণ্টিনাই ৩-২ ব্যৱধানত অগ্ৰগতি লাভ কৰে, যিটো খেলৰ শেষলৈকে অক্ষুণ্ণ থাকে।

ইয়াৰ পূৰ্বে অধিনায়ক লিয়োনেল মেছীয়ে ২৯ নম্বৰ মিনিটত এটা সুন্দৰ গ’ল দি আৰ্জেণ্টিনাক ১-০ ব্যৱধানত আগুৱাই লৈ গৈছিল। আনহাতে, লিসান্দ্ৰো মাৰ্টিনেজে অতিৰিক্ত সময়ৰ ১০৩ নম্বৰ মিনিটত গ’ল দি স্ক’ৰ ২-১ কৰে।

অৱশ্যে কেপ ভাৰ্ডে দুবাৰকৈ সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। চিডনী লোপেচ কেব্ৰালে প্ৰথমটো সমতা স্থাপনকাৰী গ’ল কৰাৰ বিপৰীতে ডেৰয় দুৱাৰ্টেই দ্বিতীয়টো সমতা স্থাপনকাৰী গ’ল দি দক্ষিণ ফ্ল’ৰিডাত উপস্থিত থকা বুজন সংখ্যক আৰ্জেণ্টিনাৰ সমৰ্থকক আচৰিত কৰি তোলে।

এতিয়া ৰাউণ্ড অব-১৬ত আৰ্জেণ্টিনাৰ মুখামুখি হ’ব ইজিপ্তৰ । ইজিপ্তে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুটআউটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছিল। অহা মঙলবাৰে আটলান্টাত দুয়োটা দলৰ মাজত এই খেলখন অনুষ্ঠিত হ’ব।

পৰাজয়ৰ পিছতো কেপ ভাৰ্ডে নিজৰ প্ৰথমটো বিশ্বকাপতে এক স্মৰণীয় প্ৰদৰ্শন দাঙি ধৰে। পশ্চিম আফ্ৰিকাৰ উপকূলৰ ওচৰত অৱস্থিত এই সৰু দ্বীপৰাষ্ট্ৰখনে ইতিহাস ৰচনা কৰি নকআউট পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। ৪০ বছৰীয়া গ’লৰক্ষক ওজিনহাৰ চমকপ্ৰদ গ’লকিপিং আছিল ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ।

কেপ ভাৰ্ডে গ্ৰুপ পৰ্যায়ত স্পেইন, উৰুগুৱে আৰু চৌদি আৰৱৰ দৰে শক্তিশালী দলসমূহৰ বিৰুদ্ধে খেল ড্ৰ’ খেলি সকলোকে আচৰিত কৰি দিছিল। আৰ্জেণ্টিনাৰ বিৰুদ্ধেও ওজিনহাই ১০ টা সুন্দৰ ছেভ কৰে, য’ত মেছীৰ পাঁচটাকৈ প্ৰয়াসো অন্তৰ্ভুক্ত আছিল।

লগতে পঢ়ক: ‘তেওঁ শচীন আৰু বিৰাটৰ দৰেই প্ৰতিভাশালী’; বৈভৱ সূৰ্যৱংশীক লৈ কপিল দেবৰ বিশেষ মন্তব্য  

৪১ বছৰতো অপ্ৰতিৰোধ্য ৰোনাল্ডো! বিশ্বকাপৰ নকআউটত গ’ল দি গঢ়িলে অনন্য ইতিহাস

এই ঐতিহাসিক বিজয়ৰ সৈতে পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ফুটবল ইতিহাসৰ পাতত পুনৰ এক সোণালী অধ্যায়ৰ সূচনা কৰিলে

ফিফা বিশ্বকাপ ২০২৬ৰ ৰাউণ্ড অব ৩২ৰ এখন উত্তেজনাময় মেচত ক্ৰৱেচিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰি পৰ্তুগালে ৰাউণ্ড অব ১৬ত প্ৰৱেশ কৰিছে । এই ঐতিহাসিক বিজয়ৰ সৈতে পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ফুটবল ইতিহাসৰ পাতত পুনৰ এক সোণালী অধ্যায়ৰ সূচনা কৰিলে ।

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নতুন অভিলেখ

৪১ বছৰ আৰু ১৪৭ দিন বয়সত ক্ৰৱেচিয়াৰ বিৰুদ্ধে গ’ল দি ৰোনাল্ডো ফিফা বিশ্বকাপৰ নকআউট মেচত গ’ল দিয়া আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আল-নাছৰৰ অধিনায়কগৰাকীয়ে এই অনন্য কৃতিত্ব অৰ্জন কৰে । বিশেষ কথাটো হ’ল, নিজৰ কেৰিয়াৰৰ অভিলেখ সৃষ্টিকাৰী ষষ্ঠখন বিশ্বকাপ খেলা ৰোনাল্ডোৰ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ মেচত এয়া প্ৰথমটো গ’ল ।

নাটকীয় মেচ আৰু ৰামোচৰ বিজয়ী গ’ল

টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমেই ইভান পেৰিচিচৰ গ’লৰ সহায়ত ক্ৰৱেচিয়াই অগ্ৰগতি লাভ কৰিছিল । এই গ’লৰ সৈতে পেৰিচিচ ক্ৰৱেচিয়াৰ সৰ্বকালৰ সৰ্বাধিক বিশ্বকাপ গ’লদাতা হিচাপে পৰিগণিত হয় । কিন্তু খেলৰ ৬৭ মিনিটত ভিএআৰ পৰ্যালোচনাৰ অন্তত পৰ্তুগালে লাভ কৰা পেনাল্টীক গ’ললৈ ৰূপান্তৰ কৰি ৰোনাল্ডোৱে খেলখন ১-১ সমতালৈ আনে । সমগ্ৰ খেলখনত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ৰোনাল্ডোক ‘প্লেয়াৰ অব দ্য মেচ’ বিবেচিত কৰা হয় ।

খেলৰ একেবাৰে শেষৰ মুহূৰ্তত পৰ্তুগালৰ হৈ অতিৰিক্ত খেলুৱৈ হিচাপে খেলপথাৰত নামি গঞ্জালো ৰামোচে এক সুন্দৰ হেডাৰেৰে দ্বিতীয়টো গ’ল দি পৰ্তুগালৰ ২-১ ব্যৱধানত নাটকীয় জয় নিশ্চিত কৰে ।

ক্ৰৱেচিয়াৰ দুৰ্ভাগ্য আৰু মদ্ৰিচৰ বিদায়

ক্ৰৱেচিয়াই মেচখনত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও অফচাইডৰ বাবে তেওঁলোকৰ দুটাকৈ গ’ল বাতিল কৰা হয় । ইয়াৰে এটা গ’ল খেলৰ ইনজুৰী টাইমৰ একেবাৰে শেষ মুহূৰ্তত হৈছিল । এই পৰাজয়ৰ লগে লগে ক্ৰৱেচিয়াৰ তাৰকা খেলুৱৈ লূকা মদ্ৰিচৰ দীৰ্ঘদিনীয়া বিশ্বকাপ কেৰিয়াৰৰো সাম্ভাব্য অন্ত পৰিল ।

ৰাউণ্ড অব ১৬ ত এতিয়া পৰ্তুগাল মুখামুখি হ’ব চিৰবৈৰী স্পেইনৰ । ফুটবল অনুৰাগীসকলে এতিয়া এই হাই-ভল্টেজ ‘অল-আইবেৰিয়ান’ যুঁজখনলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: গোল্ডেন বুটৰ দৌৰত মেছি-এমবাপেৰ তুমুল যুঁজ, হেৰী কেইনৰ চমকপ্ৰদ এন্ট্ৰি