আইন নিজৰ পথেৰে চলিব: অপৰাধ শাখাৰ সন্মুখত পৱন খেৰা হাজিৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য
মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে ভুৱা অভিযোগ অনাৰ অপৰাধত আজি গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত পৱন খেৰা হাজিৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে
কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ তদন্ত সম্পূৰ্ণৰূপে আইন অনুসৰি আগবাঢ়িব বুলি আজি স্পষ্ট কৰি দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে ভুৱা অভিযোগ অনাৰ অপৰাধত আজি গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত পৱন খেৰা হাজিৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।
দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পৱন খেৰা আজি অপৰাধ শাখাৰ সন্মুখত হাজিৰ হৈছে । আৰক্ষীয়ে তেওঁক প্ৰয়োজনীয় সকলো প্ৰশ্ন সোধাটো নিশ্চিত । তদন্তত কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহয় ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ দাবী কৰি কয় যে পৱন খেৰাই যিবোৰ নথি-পত্ৰ ৰাজহুৱা কৰিছিল, সেইবোৰ আচল নহয় বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰক লিখিতভাৱে জনাইছে । তেওঁ লগতে কয় যে তদন্তৰ গতি পৱন খেৰাৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিব । যদি তেওঁ আৰক্ষীক সঠিকভাৱে সহায় কৰে, তেন্তে অতি সোনকালে চাৰ্জশ্বীট দাখিল কৰা হ’ব ।
আনহাতে, আজি দিনৰ ভাগত গুৱাহাটীত উপস্থিত হৈ পৱন খেৰাই সংবাদ মাধ্যমক কয় যে তেওঁ আইন আৰু ন্যায়পালিকাক সন্মান কৰে । আৰক্ষীৰ চমনৰ প্ৰতি সঁহাৰি জনাই তেওঁ তদন্তত সহযোগিতা কৰিবলৈ আহিছে বুলিও জানিবলৈ দিয়ে । জেৰাৰ অন্তত তেওঁ এই সন্দৰ্ভত সবিস্তাৰে ক’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে গুৱাহাটীৰ অপৰাধ শাখা থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছে । কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত মিছা তথ্য প্ৰচাৰ কৰা আৰু জাল নথি-পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে পৱন খেৰাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰৱঞ্চনা, জালিয়াতি আৰু মানহানিৰ দৰে কেইবাটাও গুৰুতৰ ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে ।
লগতে পঢ়ক : পশ্চিমবংগত বিজেপিৰ চৰকাৰ, অধিক সুৰক্ষিত অনুভৱ কৰিছে অসমেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা