‘লাপাটা লেডিজ’ খ্যাত প্ৰতিভা ৰান্তাৰ উজ্জ্বলিল ভাগ্য; ডাঙৰ পৰ্দাত পেলাব খোজ

এইবাৰ ডাঙৰ পৰ্দাত খোজ পেলাব ‘লাপাটা লেডিজ’ খ্যাত প্ৰতিভা ৰান্তা। ধৰ্ম ফিল্মছৰ সৈতে কৰিছে চুক্তি।

অভিনেত্ৰী প্ৰতিভা ৰান্তাই ‘লাপাটা লেডিজ’ ছবি আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ধাৰাবাহিক ‘হীৰামণ্ডী’ত উৎকৃষ্ট অভিনয়েৰে নিজৰ স্থান দখল কৰে।

এতিয়া খবৰ আহিছে যে সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে ‘ডিয়াৰ কমৰেড’ৰ হিন্দী ৰিমেকত তেওঁক দেখা যাব।এই প্ৰকল্পটোক তেওঁৰ কেৰিয়াৰৰ এক ডাঙৰ পদক্ষেপ বুলি বিবেচিত হৈছে।

এই ছবিখন বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ তেলেগু ছবি ‘ডিয়াৰ কমৰেড’ৰ হিন্দী ৰিমেক।যদিও আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই,কিন্তু এই খবৰে অনুৰাগীৰ মাজত কৌতুহল আৰু উত্তেজনা দুয়োটা বৃদ্ধি কৰিছে।

দীৰ্ঘদিন ধৰি ধৰ্ম ফিল্মছে ‘ডিয়াৰ কমৰেড’ হিন্দী ভাষাত নিৰ্মাণৰ পৰিকল্পনা কৰি আহিছে।ছবিখনৰ বাবে এতিয়া নিৰ্মাতা সকলে সিদ্ধান্ত চতুৰ্বেদী আৰু প্ৰতিভা ৰন্ত চুক্তিবদ্ধ হৈছে।

লগতে পঢ়ক: জাভেদ আখতাৰৰ ভুৱা এআই ভিডিঅ’ ভাইৰেল; আইনী ব্যৱস্থাৰ ভাবুকি