যুদ্ধবিৰতি বিবাদৰ পিছত কাইলৈ ​​একেখন মঞ্চত ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদী… জি-৭ত হ’ব নেকি দুয়োগৰাকীৰ বৈঠক ?

যুদ্ধবিৰতি বিবাদৰ পিছত কাইলৈ ​​একেখন মঞ্চত ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদী

কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছৰ পৰা কানাডালৈ ৰাওনা হয় । অপাৰেচন সিন্দুৰৰ পিছত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বিদেশ ভ্ৰমণ, য’ত তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে মত বিনিময় কৰিব । এই সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনো কানাডাত উপস্থিত হৈছে ।

একেখন মঞ্চতে মোদী-ট্ৰাম্প

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৬-১৭ জুনত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব । এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব আৰু তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । কিন্তু বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো নিশ্চিত তথ্য দিয়া নাই । কিন্তু তথাপিও অপাৰেচন সিন্দুৰৰ পিছত ভাৰত আৰু আমেৰিকাৰ মাজত পৰিৱৰ্তিত পৰিবৰ্তনত দুয়োগৰাকী নেতাৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতাকাৰী বুলি দাবী কৰিছিল আৰু যুদ্ধবিৰতিৰ কৃতিত্ব লৈছিল । পাকিস্তানেও ট্ৰাম্পৰ এই পদক্ষেপক আদৰণি জনাইছিল । কিন্তু ভাৰতে কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ নাকচ কৰিছিল । ভাৰতে কৈছিল যে পাকিস্তানৰ অনুৰোধৰ পিছতে ভাৰতে যুদ্ধবিৰতিত সন্মতি দিছিল । বিশেষ কথাটো হ’ল ভাৰতৰ কোনো আনুষ্ঠানিক বিবৃতিৰ পূৰ্বেই ট্ৰাম্পে ছ’চিয়েল মিডিয়াত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিছিল ।

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পৰ বাক্যবাণ এতিয়াও অব্যাহত আছে । ইজৰাইল আৰু ইৰাণৰ উত্তেজনাৰ মাজতো তেওঁ এই বক্তব্য পুনৰবাৰ উল্লেখ কৰি কয় যে ভাৰত-পাকিস্তানৰ মাজত যেনেকৈ যুদ্ধবিৰতি আনিছিল, ঠিক তেনেদৰে ইজৰাইল-ইৰাণৰ মাজতো যুদ্ধবিৰতি আনিব । ট্ৰাম্পে দাবী কৰে যে তেওঁ ব্যৱসায়ৰ হেঁচা দি ভাৰত আৰু পাকিস্তানক যুদ্ধবিৰতিৰ বাবে পতিয়ন নিয়াইছিল ।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ৰ দৰে বিশ্বব্যাপী মঞ্চত বিশ্বৰ সন্মুখত যুদ্ধবিৰতিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি দাঙি ধৰিব পাৰে । লগতে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আৰু পাকিস্তানৰ ছাঁয়া যুদ্ধৰ কথাও তেওঁ উল্লেখ কৰিব পাৰে । ভাৰতে স্পষ্ট কৰি দিছে যে ভৱিষ্যতে যদি কোনো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, তেন্তে তাৰ বাবে পাকিস্তানী সেনা পোনপটীয়াকৈ জগৰীয়া হ’ব । লগতে ভাৰতে এতিয়া ইয়াক ছাঁয়া যুদ্ধ নহয় যুদ্ধ বুলি গণ্য কৰিব আৰু সেই অনুসৰি ইয়াৰ প্ৰতি প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কৈছে ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; ক’লে ‘এয়া যুদ্ধৰ যুগ নহয়…’

প্ৰধানমন্ত্ৰীৰ ছৌদী আৰব ভ্ৰমণ বাতিল… নিশাই দেশলৈ উভতিল নৰেন্দ্ৰ মোদী

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ ভ্ৰমণ আধাতে বাতিল কৰি বুধবাৰে পুৱা দিল্লীলৈ উভতি আহে । এন এছ এ অজিত ডোভাল, বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ আৰু বৈদেশিক সচিবে তেওঁক পহলগাম আক্ৰমণৰ বিষয়ে অৱগত কৰে ।

ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি আৰৱৰ পৰাই কাশ্মীৰৰ পৰিস্থিতিৰ মূল্যায়ন কৰিছিল । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ মাজত আলোচনা হয় । মহম্মদ বিন ছলমানে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । এই সময়ছোৱাত দুয়োখন দেশৰ নেতাসকলে কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষ হিচাপে কাম কৰে, যাৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু অধিক শক্তিশালী কৰা ।

মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে জেদ্দাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ ক্ৰাউন প্ৰিন্সৰ সৈতে হোৱা নিৰ্ধাৰিত বৈঠক প্ৰায় দুঘণ্টা পিছুৱাই দিয়ে । পহলগামত সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক হত্যা কৰে, ইয়াৰে অধিকাংশই পৰ্যটক । এই আক্ৰমণ ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত সংঘটিত হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ ।

নৈশ ভোজত অংশ নল’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি ক্ৰাউন প্ৰিন্সৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল যদিও নৈশ ভোজত উপস্থিত নহৈ মঙলবাৰে নিশা তেওঁৰ ভ্ৰমণ বাতিল কৰি দেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় ।

দুদিনীয়া ভ্ৰমণৰ বাবে ছৌদি আৰৱলৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী । বুধবাৰে প্ৰধানমন্ত্ৰীগৰায়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব ।

বিমান বন্দৰত মোদী-মোদী শ্লোগান;  ৬ বছৰৰ মূৰত শ্ৰীলংকা ভ্ৰমণত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক ভৱ্য আদৰণি

থাইলেণ্ডৰ পাছত তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।শুকুৰবাৰে কলম্বোত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা হয়।

শুকুৰবাৰে সন্ধিয়া তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় শ্ৰীলংকা চৰকাৰৰ ৫ মন্ত্ৰী। ভাৰতীয় জনগোষ্ঠীৰ বহু সংখ্যক লোকো বিমানবন্দৰত উপস্থিত হৈ মোদী-মোদী শ্লোগান দিয়ে।আজি শ্ৰীলংকাত প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ’ব।

২০১৯ চনৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এইবাৰ প্ৰথমবাৰৰ বাবে শ্ৰীলংকা ভ্ৰমণ। প্ৰধানমন্ত্ৰী গৰাকীৰ এই চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ। আজি কলম্বোত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক আলোচনা হ’ব।

ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব । ইয়াত প্ৰথমবাৰৰ বাবে ডিফেন্স চুক্তি ছীল কৰা হ’ব। সাগৰত চীনৰ প্ৰভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত এই প্ৰতিৰক্ষা চুক্তি অতি গুৰুত্বপূৰ্ণ হ’ব।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক কলম্বোৰ স্বাধীনতা চৌহদত গাৰ্ড অৱ অনাৰ দিয়া হ’ব, ইয়াৰ পিছত ৰাষ্ট্ৰপতি দিছানায়াকেৰ সৈতে ৰাষ্ট্ৰপতি সচিবালয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ’ব।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি দিছানায়কেৰ মাজত প্ৰতিৰক্ষা, শক্তি সুৰক্ষা আৰু ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিকে ধৰি প্ৰায় ১০টা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ’ব।

মোদী-য়ুনুছৰ আলোচনাৰ প্ৰস্তাৱত বাংলাদেশৰ সঁহাৰি… ক’লে, আমি ভাৰতৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো

অহা সপ্তাহত বেংককত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন উপদেষ্টা মহম্মদ ইউনুছৰ মাজৰ বৈঠকৰ বাবে বাংলাদেশে প্ৰস্তুতি চলাইছে । বাংলাদেশে কয় যে তেওঁলোকে ভাৰতৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে । বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনে কয় যে আমি এই বৈঠকৰ বাবে সম্পূৰ্ণ সাজু । ভাৰতৰ ইতিবাচক সঁহাৰিৰ বাবে আমি অপেক্ষা কৰি আছো ।

শেহতীয়াকৈ বাংলাদেশে ভাৰতলৈ এখন পত্ৰ প্ৰেৰণ কৰি ২ এপ্ৰিলৰ পৰা ৪ এপ্ৰিললৈ থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছৰ মাজত বৈঠকৰ প্ৰস্তাৱ দিছিল । ভাৰতে এই সন্দৰ্ভত এতিয়াও কোনো সঁহাৰি দিয়া নাই । অৱশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই । বাংলাদেশৰ বৈদেশিক সচিব জাছিম উদ্দিনে স্বীকাৰ কৰে ভাৰত-বাংলাদেশৰ সম্পৰ্কত উত্তেজনা আছে । দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠক হ’লে সম্পৰ্ক উন্নত হ’ব পাৰে বুলিও তেওঁ কয় ।

বিমষ্টেকত অংশগ্ৰহণ কৰাৰ লগতে চীন ভ্ৰমণো কৰিব ইউনুছে-

বাংলাদেশৰ অন্তৱৰ্তীকালীন উপদেষ্টা মহম্মদ ইউনুছে ২ এপ্ৰিলৰ পৰা ৪ এপ্ৰিললৈ বেংককত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পূৰ্বে তেওঁ তিনিদিনীয়া চীন ভ্ৰমণো কৰিব । ইয়াত তেওঁ হাইনান প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ব’য়াও ফ’ৰাম ফৰ এছিয়া (বি এফ এ)ৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব । বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে মহম্মদ ইউনুছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । এই সময়ত সীমান্তৰ সিপাৰে তিস্তা নদীৰ জলাশয়ৰ বিষয়টো আলোচনা কৰাৰ সম্ভক্ষাৱনা আছে । বৈদেশিক সচিবগৰাকীয়ে কয় যে এই ভ্ৰমণৰ এজেণ্ডাত তিষ্টা নাই । ই নেতাসকলৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব ।

শিক্ষাৰ্থীৰ বাবে মোদীৰ ডাঙৰ সিদ্ধান্ত; পৰীক্ষাৰ বাবে সলনি কৰিলে সময়সূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিশ্ব বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰিব। অৱশ্যে, প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সময়সূচীত কিছু পৰিৱৰ্তন কৰিছে।

মূল কাৰ্যসূচী অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ৯:৪৫ বজাত জিআইএছ স্থানলৈ ৰাওনা হোৱাৰ কথা আছিল।কিন্তু এতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ১০ বজাত কাৰ্যসূচীলৈ ৰাওনা হ’ব।

মধ্য প্ৰদেশৰ বিদ্যালয়সমূহত বাৰ্ষিক পৰীক্ষা চলি আছে। শিক্ষাৰ্থীসকলে ৰাতিপুৱা বিদ্যালয়ত উপস্থিত হ’ব লাগিব। শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ বাবে যাতে পলম নহয় তাৰ বাবে এই সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে। পৰীক্ষাৰ্থী সকলৰ সুবিধাৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সময়সূচীত পৰিৱৰ্তন কৰিছে।

ভূপালৰ ৰাষ্ট্ৰীয় মানৱ জাতি সংগ্ৰহালয়ত অনুষ্ঠিত এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ ঔদ্যোগিক নীতিসমূহ মুকলি কৰিব।

তাৰ লগতে বিনিয়োগকাৰী, উদ্যোগপতি, অনাবাসী ভাৰতীয় আৰু সমগ্ৰ দেশৰ ষ্টাৰ্ট-আপসমূহক সম্বোধন কৰিব আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ উপস্থিতিত ৰাজ্যখনৰ ১৮ টাতকৈও অধিক নতুন নীতি উন্মোচন কৰিব।

ইয়াত অন্তৰ্ভুক্ত আছে উদ্যোগ, খাদ্য, ৰপ্তানি, এমএছএমই, ষ্টাৰ্ট-আপ, জিচিচি, অৰ্ধপৰিবাহী, ড্ৰোন, পৰ্যটন, আৰু চলচ্চিত্ৰ নিৰ্মাণৰ নীতি।

বাংলাদেশৰ সকলো পৰিস্থিতি এৰি দিলে মোদীৰ ওপৰত, ইউনুছ চৰকাৰক লৈ ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা

আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বৃহৎ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । ভাৰতৰ চুবুৰীয়া বাংলাদেশত চলি থকা অশান্ত ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ট্ৰাম্পে কয় যে বাংলাদেশত আমেৰিকান ডিপ ষ্টেটৰ কোনো ভূমিকা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই বাংলাদেশৰ ওপৰত সিদ্ধান্ত ল’ব বুলি তেওঁ জোৰ দিয়ে ।

বাংলাদেশৰ ক্ষমতা পৰিৱৰ্তন সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল । এজন সাংবাদিকে ট্ৰাম্পক সুধিছিল, “আপুনি বাংলাদেশৰ বিষয়ে কি ক’ব বিচাৰে, কাৰণ আমি দেখিছিলো আৰু স্পষ্টকৈ দেখা গৈছে যে বাইডেন প্ৰশাসনৰ সময়ত তাত আমেৰিকাৰ ডীপ ষ্টেটে কেনেদৰে কাম কৰি আছিল ?  তাৰ পিছত মহম্মদ ইউনুছ জুনিয়ৰেও ছ’ৰ’ছক লগ পাইছিল । সমগ্ৰ প্ৰেক্ষাপটত বাংলাদেশৰ বিষয়ে আপুনি কি ক’ব বিচাৰে ?”

এই প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমাৰ ডীপ ৰাষ্ট্ৰৰ তাত কোনো ভূমিকা নাই ।

নিজৰ কথা স্পষ্ট কৰি ট্ৰাম্পে কয়, “চাওক… আমাৰ ডীপ ষ্টেটৰ কোনো ভূমিকা নাই । এইটো এটা বিষয় যিটোৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে… মই ইয়াৰ বিষয়ে পঢ়ি আহিছো । মই এতিয়া বাংলাদেশ প্ৰধানমন্ত্ৰীৰ হাতত এৰি দিছো ।” ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা কওঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ কাষত বহি আছিল ।

উল্লেখ্য যে যোৱা মাহত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ঢাকাত এলেক্স ছ’ৰ’ছৰ সৈতে কথা পাতিছিল । এলেক্স ছ’ৰছে মহম্মদ ইউনুছক মানৱ অধিকাৰৰ চেম্পিয়ন বুলি অভিহিত কৰিছিল । এলেক্স ছ’ৰ’ছ জৰ্জ ছ’ৰ’ছৰ পুত্ৰ আৰু তেওঁৰ এন জি অ’ দ্য অ’পেন ছ’চাইটি ফাউণ্ডেশ্যনৰ অধ্যক্ষ । বাংলাদেশত ক্ষমতাৰ পৰিৱৰ্তন অনাৰ অভিযোগ আছে জৰ্জ ছ’ৰ’ছৰ বিৰুদ্ধে ।

কিন্তু ড’নাল্ড ট্ৰাম্পে বাংলাদেশৰ প্ৰতি কঠোৰ বৈদেশিক নীতি মানি চলিছে । ক্ষমতালৈ অহাৰ লগে লগে তেওঁ ইউ এছ এ আই ডিৰ জৰিয়তে বাংলাদেশলৈ আমেৰিকাৰ সাহায্য বন্ধ কৰি দিয়ে ।

শীঘ্ৰেই ভাৰতে লাভ কৰিব বিশ্বৰ আটাইতকৈ বিপদজনক অস্ত্ৰ; মোদীৰ সন্মুখত ট্ৰাম্পৰ ডাঙৰ ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কৈছিল যে আমেৰিকাই ভাৰতক এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেট বিক্ৰী কৰিব।

যদি এনে হয়, তেনেহলে ভাৰত সেই নিৰ্বাচিত দেশসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব যাৰ ওচৰত এই আধুনিক প্ৰযুক্তি যুঁজাৰু বিমান আছে।

ট্ৰাম্পে ৱাশ্বিংটনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন সংবাদমেলত কয় যে, ‘এই বছৰৰ পৰা আমি ভাৰতক কেইবা বিলিয়ন ডলাৰ মূল্যৰ অস্ত্ৰ বিক্ৰী কৰিবলৈ গৈ আছো। আমি ভাৰতক এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেট প্ৰাপ্ত কৰাৰ পথও মুকলি কৰি আছো।

অৱশ্যে, এই চুক্তিত কেইবাটাও বাধা থাকিব পাৰে। ৰাছিয়াৰ সৈতে ভাৰতৰ ভাল প্ৰতিৰক্ষা সম্পৰ্ক আছে, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সেই দেশবোৰক এফ-৩৫ বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে।

য’ত প্ৰযুক্তি লিকেজ হোৱাৰ আশংকা আছে।এইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰই তুৰ্কীক এফ-৩৫ দিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো ই আশংকা কৰিছিল যে ৰাছিয়াই ইয়াৰ প্ৰযুক্তি চুৰি কৰিব পাৰে।

এফ-৩৫ বিক্ৰী কৰিবলৈ কেইবা বছৰ লাগিব পাৰে কিয়নো ই এক অত্যন্ত কঠিন প্ৰক্ৰিয়া। ভাৰতে ২০০৮ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২০ বিলিয়ন ডলাৰৰ অধিক প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰিছে।

যোৱা বছৰ, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক প্ৰায় ৪ বিলিয়ন ডলাৰ মূল্যৰ ড্ৰোন, মিছাইল আৰু বোমা বিক্ৰী কৰিবলৈ অনুমোদন জনাইছিল।

এই চুক্তিক ৰাছিয়াৰ পৰা ভাৰতক দূৰ ত্বৰান্বিত কৰাৰ আমেৰিকাৰ ৰণনীতিৰ অংশ হিচাপে দেখা যায়, কিয়নো ভাৰতে ২০১৮ চনত ৰাছিয়াৰ পৰা এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী ক্ৰয় কৰিছিল।

এফ-৩৫ হৈছে লকহিড মাৰ্টিনৰ দ্বাৰা বিকশিত এক অতি উন্নত ষ্টিল্থ মাল্টিৰোল ফাইটাৰ জেট। বিভিন্ন সামৰিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াক তিনিটা প্ৰকাৰত ডিজাইন কৰা হৈছে।

এফ-৩৫এ – পৰম্পৰাগত উৰণ আৰু অৱতৰণৰ বাবে, বায়ু সেনাৰ বাবে।

এফ-৩৫বি – মেৰিন কৰ্পৰ বাবে উলম্ব টেকঅফ আৰু লেণ্ডিং (ভিটিঅ’এল) সামৰ্থ্য।

এফ-৩৫চি – বিমান বাহক ৰ কামৰ বাবে, নৌসেনাৰ বাবে।

কুম্ভমেলাত প্ৰধানমন্ত্ৰী, ত্ৰিবেণী সংগমত স্নান কৰি ল’লে মা গংগাৰ আশিস

বুধবাৰে প্ৰয়াগৰাজৰ সংগমত পবিত্ৰ স্নান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়ত তেওঁ গেৰুৱা ৰঙৰ কাপোৰ পৰিধান কৰিছিল । লগতে হাত আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা আছিল । মন্ত্ৰ জপৰ মাজতে মোদীয়ে সংগমত স্নান কৰে ।

স্নানৰ পাছত প্ৰধানমন্ত্ৰীয়ে সূৰ্য্যক অৰ্ঘ্য আগবঢ়ায় । প্ৰায় ৫ মিনিট মন্ত্ৰ জপ কৰি সূৰ্য্য পূজা কৰে তেওঁ । সংগমত গংগা পূজা কৰে তেওঁ ।

সংগমত স্নান কৰাৰ পাছত মোদীয়ে ছ’চিয়েল মিডিয়াত লিখে– আজি মহাকুম্ভৰ পবিত্ৰ সংগমত স্নান কৰি ময়ো কোটি কোটি মানুহৰ দৰে ধন্য হৈছোঁ ৷ মা গংগাই সকলোকে অসীম শান্তি, প্ৰজ্ঞা, সম্প্ৰীতি আৰু সুস্বাস্থ্য প্ৰদান কৰক ।

গংগা পূজা কৰি মোদীয়ে পোনে পোনে নাৱেৰে অৰাইল ঘাট যায় । তাৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী । সংগমত স্নানৰ সময়ত মোদীৰ সৈতে আছিল মুখ্যমন্ত্ৰী যোগী ।

প্ৰায় দুঘণ্টা প্ৰয়াগৰাজত থাকি ভক্তসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী অতি সীমিত ৰাখিছিল । প্ৰায় দুঘণ্টামান প্ৰয়াগৰাজত আছিল মোদী । এই সময়ত তেওঁ কাকো সাক্ষাৎ কৰা নাছিল । আনকি দুয়োজন উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্য আৰু ব্ৰজেশ পাঠক বামৰৌলী বিমানবন্দৰতে থাকিল ।

পুৱা প্ৰায় ১০.৩০ বজাত দিল্লীৰ পৰা বামৰৌলী বিমানবন্দৰত উপস্থিত হয় মোদীৰ বিমান । বিমানবন্দৰত তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে ডি পি এছ হেলিপেডত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী । ইয়াৰ পৰা তেওঁৰ কনভয় অৰাইলৰ ভি আই পি ঘাটত উপস্থিত হয় । তাৰ পৰা যোগীৰ সৈতে নাৱেৰে সংগম পায় ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মেলাত নিৰাপত্তা অধিক শক্তিশালী কৰা হয় । সংগমত অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয় । ৫৪ দিনৰ ভিতৰত এইবাৰ দ্বিতীয়বাৰৰ বাবে মহাকুম্ভ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ । ইয়াৰ পূৰ্বে ১৩ ডিচেম্বৰত সংগমলৈ গৈছিল তেওঁ ।

“আপৰ পৰা মুক্ত হ’ব দিল্লী,এইবাৰ ফুলিব পদুম…” নিৰ্বাচনী ৰেলীত প্ৰধানমন্ত্ৰী মোদী

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে ৰোহিণীৰ জাপানী পাৰ্কত পৰিৱৰ্তন ৰেলী সম্বোধন কৰে।

এই সময়ছোৱাত তেওঁ কয় যে “দিল্লীক আজি কোটি কোটি উপহাৰ দিয়া হৈছে। পৰৱৰ্তী ২৫ বছৰ দিল্লীৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। তেওঁ লগতে কয় যে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব”।

“একবিংশ শতিকাৰ আৰম্ভণিতে, মই দিল্লীৰ জনসাধাৰণক এক বিশেষ অনুৰোধ কৰিবলৈ ইয়ালৈ আহিছোঁ,মই আপোনালোকক দিল্লীৰ উজ্জ্বল ভৱিষ্যত আৰু আপোনালোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিজেপিক সুযোগ দিবলৈ অনুৰোধ জনাইছো।  কেৱল বিজেপিয়েহে দিল্লীৰ বিকাশ কৰিব পাৰিব”।

আম আদমী পাৰ্টিক আক্ৰমণ কৰি তেওঁ কয় যে “যোৱা ১০ বছৰত দিল্লীয়ে দেখা ৰাজ্য চৰকাৰখন ‘দুৰ্যোগ’তকৈ কম নহয়।দিল্লীত একেই কণ্ঠস্বৰ প্ৰতিধ্বনিত হৈছে যে ‘আপক সহ্য নকৰিব,  ইয়াক সলনি কৰক”।

সমদলটোত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দিল্লীৰ “লোকসকলৰ বিজেপিৰ ওপৰত বিশ্বাস আছে। দেশখনে বিজেপিকো তৃতীয়বাৰৰ বাবে সুযোগ দিছিল।আমি নিশ্চিত যে এইবাৰ দিল্লীত পদুম ফুলিবলৈ গৈ আছে”।

“মই সকলো প্ৰাৰ্থীক ক’ব বিচাৰো যে দিল্লীৰ হৃদয় জয় কৰাৰ এইটো এটা সোণালী সুযোগ। কঠোৰ পৰিশ্ৰম কৰক আৰু দিল্লীক আপৰ পৰা মুক্ত কৰক। দিল্লীক বিশ্বৰ চহৰসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি তোলাটো আমাৰ সংকল্প”।

“দিল্লী হৈছে এনে এখন চহৰ যি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ সপোন পূৰণ কৰে। দিল্লী যুৱসকলৰ বাবে এক নতুন ভৱিষ্যত গঢ়াৰ চহৰ” বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।