‘আঘাত দিয়াৰ উদ্দেশ্য নাছিল’; ‘ছাৰ্কে চুনাৰ’ বিতৰ্কক লৈ নোৰা ফতেহীয়ে বিচাৰিলে ক্ষমা

‘ছাৰ্কে চুনাৰ’ গীতটোৰ বিতৰ্কত এন চি ডব্লিউৱে চমন জাৰি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে মুখ খুলিছে নোৰা ফতেহীয়ে।

‘কে ডি: দ্য ডেভিল’ ছবিখনৰ ‘ছাৰ্কে চুনাৰ’ গীতটো মুক্তি পোৱাৰ লগে লগে বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেত্ৰী তথা নৃত্যশিল্পী নোৰা ফতেহী। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই গীতটোৰ কথা আৰু নৃত্যৰ ষ্টেপবোৰ অশ্লীল বুলি দাবী কৰে। যাৰ বাবে ৭ মে’ৰ পুৱা ১১:৩০ বজাত জাছ’লাৰ নেশ্যনেল কমিছন ফৰ উইমেন (এনচিডব্লিউ)ৰ কাৰ্যালয়ত উপস্থিত হয় নোৰা ফতেহী।এন চি ডব্লিউৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পিছত নোৰা ফাতেহীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি ক্ষমা বিচাৰে।

এই বিবাদৰ আৰম্ভণি হৈছিল ২০২৬ চনৰ মাৰ্চ মাহত,যেতিয়া ৰাষ্ট্ৰীয় মহিলা আয়োগে অভিনেত্ৰী নোৰা ফতেহী, অভিনেতা সঞ্জয় দত্ত, গীতিকাৰ ৰকিব আলম, প্ৰযোজক ভেংকট কে নাৰায়ণ, আৰু পৰিচালক কিৰণ কুমাৰক ‘ছাৰ্কে চুনাৰ তেৰী সৰকে’ গীতটোৰ সন্দৰ্ভত চমন জাৰি কৰিছিল।

এন চি ডব্লিউৰ কাৰ্যালয়ৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নোৰা ফতেহীয়ে কয়, ‘মই ক্ষমা বিচাৰিছো।কাৰণ, এজন শিল্পী হিচাপে মই দায়বদ্ধ হোৱা উচিত।কাৰোৰে মনত আঘাত দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল।এই ঘটনাৰ পিছত অনাথ ল’ৰা-ছোৱালীৰ শিক্ষাৰ খৰচ বহন কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত ভিডিঅ’ ৰ জৰিয়তেও বিষয়টো সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছিল।

মুক্তিৰ পিছত এই গীতটোৱে অনলাইনত যথেষ্ট প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছিল। নোৰা ফতেহী আৰু সঞ্জয় দত্তৰ ওপৰত চিত্ৰগ্ৰহণ কৰা এই গীতটোক সমালোচনা কৰিছিল।তেওঁলোকে অভিযোগ কৰে যে গীতৰ কথা আৰু ভিজুৱেলত নাৰীক বস্তু হিচাপে চিত্ৰিত কৰা হৈছে।

লগতে পঢ়ক: তামিলনাডুত ইতিহাস সৃষ্টিৰ দিশে থালাপথী বিজয়ৰ TVK

‘মই জীয়াই আছো’; ভয়ংকৰ দুৰ্ঘটনাৰ পিছত নোৰা ফতেহীৰ প্ৰতিক্ৰিয়া

শনিবাৰে বিয়লি এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰী নোৰা ফতেহী।ভিডিঅ’ৰ যোগেদি জনালে সবিশেষ।

শনিবাৰে বিয়লি এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰী নোৰা ফতেহী।মদ্যপান কৰি গাড়ী চলোৱা এজন ব্যক্তিয়ে অভিনেত্ৰীগৰাকীৰ গাড়ীত খুন্দা মাৰিছিল।

এতিয়া নোৰা ফতেহীয়ে নিজৰ দুৰ্ঘটনাৰ সবিশেষ শ্বেয়াৰ কৰিছে।অভিনেত্ৰী গৰাকীয়ে কৈছে যে, তেওঁ সম্পূৰ্ণ সুস্থ।কিন্তু এতিয়াও ভয় খাই আছো।

দৰাচলতে, নোৰা ফাতেহীয়ে শনিবাৰে বিয়লি মুম্বাইত ডিজে ডেভিদ গুয়েটাৰ কনচাৰ্টলৈ গৈছিল। তাৰ পিছত মদ্যপান কৰি গাড়ী চলাই থকা এজন লোকে নিজৰ গাড়ীৰে নোৰা ফাতেহীৰ গাড়ীত খুন্দা মাৰে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ অনুৰাগী সকল চিন্তিত হৈ পৰিল।এতিয়া অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত এই দুৰ্ঘটনাৰ বিশদ বিৱৰণ দিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে এইটো তেওঁৰ জীৱনৰ আটাইতকৈ ভয়ানক মুহূৰ্ত আছিল।

তেওঁ কৈছে যে,মই আপোনালোক সকলোকে ক’বলৈ আহিছো যে মই একেবাৰে ভালেই আছো।আজি দুপৰীয়া মোৰ এটা অতি ভয়ংকৰ গাড়ী দুৰ্ঘটনা হয়’।

‘এজন মদ্যপান কৰা ড্ৰাইভাৰে মোৰ গাড়ীত জোৰেৰে খুন্দা মাৰিলে।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, মোক গাড়ীখন উফৰি গৈছিল।মোৰ মূৰটো খিৰিকীখনত খুন্দা খাইছিল’।

‘অৱশ্যে, মই জীয়াই আছো। মই সামান্য আঘাত পাইছো।ইয়াতকৈও বেয়া হ’ব পাৰিলেহেঁতেন।গতিকে মই ক’ব বিচাৰিছো যে একেবাৰেই মদ্যপান কৰি গাড়ী চলাব নালাগে ।মিছা নকওঁ, মোৰ বাবে সেইটো আছিল অতি ভয়ংকৰ মুহূৰ্ত।এতিয়াও অলপ ভয় খাই আছো।’   

লগতে পঢ়ক: শীঘ্ৰেই পিতৃ হ’ব অভিনেতা ৰনদীপ হুদা; পত্নীৰ বেবী বাম্পৰ ফটোৰে বিশেষ পোষ্ট