বিহাৰ ৰাজনীতিৰ ডাঙৰ খবৰ; জে ডি ইউত যোগদান নিশান্ত কুমাৰৰ
নিশান্ত কুমাৰৰ জেডিইউত যোগদানৰ সময়ত উপস্থিত নাছিল নীতিশ কুমাৰ। নিশান্তই পাটনা স্থিত দলৰ কাৰ্যালয়ত সদস্যপদ গ্ৰহণ কৰে।
নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে আজি পাটনাত জেডিইউত যোগদান কৰে। তেওঁ পাটনাৰ জেডিইউৰ কাৰ্যালয়ত দলৰ সদস্যপদ গ্ৰহণ কৰে।এই সময়ত দলৰ সকলো জ্যেষ্ঠ নেতা লল্লন সিং, বিজয় চৌধুৰী, সঞ্জয় ঝা, শ্ৰৱণ কুমাৰ বিশিষ্ট উপস্থিত থাকে।
আচৰিত কথাটো হ’ল যে,নিশান্ত কুমাৰে জে ডি ইউত যোগদানৰ সময়ত উপস্থিত নাছিল নীতিশ কুমাৰ।এনে পৰিস্থিতিত এই বিষয়টো ৰাজনীতিত বহু চৰ্চিত হৈ পৰিছে।
দলৰ কাৰ্যালয়ত কৰ্মীসকলক সম্বোধন কৰি নিশান্ত কুমাৰে কয়, “ইয়াত উপস্থিত থকা আপোনালোক সকলোকে মই অভিনন্দন জনাইছো।আপোনালোক সকলোৱে নিজৰ বহুমূলীয়া সময় উলিয়াই ইয়ালৈ আহিছে।তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ”।
“মই জেডিইউ দলৰ কাৰ্যালয়লৈ জেডিইউৰ সদস্যপদ ল’বলৈ আহিছো।মই এজন সক্ৰিয় সদস্য হিচাপে দলৰ যত্ন ল’বলৈ চেষ্টা কৰিম।দেউতাই ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্ত লৈছে।এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত।মই সেইটো মানি লওঁ আৰু সেইটোক সন্মান কৰো। আমি সকলোৱে মোৰ পিতৃ নীতিশ কুমাৰৰ নিৰ্দেশনাত কাম কৰিম।দল আৰু ৰাইজে মোৰ ওপৰত যি আস্থা ৰাখিছে,মই সেই অনুসৰি জীয়াই থাকিবলৈ চেষ্টা কৰিম।”
নিশান্তই লগতে কয় যে,‘এজন দলৰ কৰ্মী হিচাপে মই দলটোক শক্তিশালী কৰাৰ চেষ্টা কৰিম।২০ বছৰত পাপাই যি কৰিলে, তাক ৰাইজৰ মাজত বিয়পাই দিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ অন্তৰত নিজৰ বাবে ঠাই গঢ়ি তুলিবলৈ চেষ্টা কৰিম।মোৰ দেউতাই যিবোৰ কৰি গৈছে, তাক সকলোৱে মনত ৰাখিব। মোৰ পিতৃ নীতিশ কুমাৰক লৈ সমগ্ৰ দেশ আৰু ৰাজ্যই গৌৰৱ অনুভৱ কৰিছে।আপোনালোক সকলোৱে মোৰ পিতৃ নীতিশ কুমাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে।”
লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন