নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড; পৰ্যটকসহ ২৫জনৰ মৃত্যু
এটা নাইট ক্লাবত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাত ২৫ লোকে প্ৰাণ হেৰুৱাইছে । এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
উত্তৰ গোৱাৰ অৰপোৰা গাঁৱৰ এটা নাইট ক্লাবত যোৱা নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত কমেও ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । আৰক্ষীৰ মতে, এই পৰ্যন্ত ১৪ জন ক্লাবৰ কৰ্মচাৰী, ৪ জন পৰ্যটক আৰু ৭ জন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়াবহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্টত তেওঁ কয় যে এই দুৰ্ঘটনা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আপোনজনক হেৰুওৱা সকলো পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ক্ষতিগ্ৰস্তসকলক ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছে বুলিও কয় । লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে ।
ক্ষতিপূৰণৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ-
তদুপৰি গোৱাৰ নাইট ক্লাবত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত নিহতসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা লাভ কৰিব । দুৰ্ঘটনাত আহতসকলে লাভ কৰিব ৫০ হাজাৰ । কেন্দ্ৰীয় চৰকাৰে এই শোকৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে থিয় দিছে বুলি উল্লেখ কৰে ।
কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছেঃ মুখ্যমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীৰ এই পোষ্টৰ প্ৰতি সঁহাৰি জনাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে অৰ্পোৰাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰে আৰু পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় । সাৱন্তে উল্লেখ কৰে যে তেওঁ প্ৰধানমন্ত্ৰীক সমগ্ৰ ঘটনা আৰু ঘটনাস্থলীত চলি থকা সাহায্যৰ বিষয়ে অৱগত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই জটিল সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক গোৱা চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছে ।
ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী সাৱন্ত-
নাইট ক্লাবৰ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু স্থানীয় বিধায়ক মাইকেল লোবো । ইফালে, বিষয়াসকলে জনোৱা মতে, জুই নিয়ন্ত্ৰণ আৰু অধিক তদন্তৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ।
লগতে পঢ়ক : ভাৰত ৰক্তাক্ত-ৰ লক্ষ্য জইছ-ই-মহম্মদৰ মহিলা ব্রিগেডৰ