ব্ৰহ্মপুত্ৰৰ মেগা ডেমক লৈ হাহাকাৰ! চীনৰ নিজৰ বিজ্ঞানীৰ গৱেষণাতে ওলাল ভয়ংকৰ তথ্য

চীনে বিগত ২০২৫ চনৰ জুলাই মাহত প্ৰায় ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এই সপোনৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছিল ।

তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ (যাক চীনত য়াৰলুং ছাংপো বুলি জনা যায়) ওপৰত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্পটোক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আশ্চৰ্যজনকভাৱে, এইবাৰ কোনো বিদেশী সংস্থা নহয়, বৰং চীনৰ নিজৰ বিজ্ঞানীসকলৰ এটা নতুন গৱেষণাতহে এই মেগা ডেমটোৰ সুৰক্ষাক লৈ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । গৱেষণাটোৰ মতে, যিটো স্থানত এই বিশাল বান্ধটো নিৰ্মাণ কৰা হৈছে, তাৰ ঠিক তলিৰেই পাৰ হৈ গৈছে এটা অতি সক্ৰিয় ফল্ট লাইন (Active Fault Line) । ইয়াৰ ফলত ভৱিষ্যতে এক ডাঙৰ ভূমিকম্পই সমগ্ৰ অঞ্চলটোত প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা ঘনীভূত হৈ পৰিছে ।

কি আছে এই বিতৰ্কিত প্ৰকল্পটোত?

চীনে বিগত ২০২৫ চনৰ জুলাই মাহত প্ৰায় ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এই সপোনৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছিল । তিব্বতৰ যিটো খণ্ডত ব্ৰহ্মপুত্ৰই হিমালয়ৰ অতি গভীৰ উপত্যকাৰ মাজেৰে গতি কৰি ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে, ঠিক সেই কৌশলগত স্থানতে এই বান্ধটো সাজি থকা হৈছে । চীনৰ দাবী আছিল যে এই প্ৰকল্পৰ পৰা বছৰি ৩০০ বিলিয়ন কিলোৱাট-ঘণ্টাতকৈও অধিক বিদ্যুৎ উৎপাদন হ’ব, যাৰ দ্বাৰা প্ৰায় ৩০ কোটি মানুহৰ বিদ্যুতৰ প্ৰয়োজন পূৰণ কৰিব পৰা যাব ।

চীনৰ চৰকাৰী বিজ্ঞানীৰ গৱেষণাত কি ওলাইছে?

চীনৰ ‘চেনগ্দু ইউনিভাৰ্চিটি অফ টেকন’লজী’ আৰু ‘চাইনা জিঅ’লজিকেল চাৰ্ভে’ৰ দৰে আগশাৰীৰ চৰকাৰী প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে যুটীয়াভাৱে কৰা এই অধ্যয়নটো অলপতে চীনা ভাষাৰ এখন প্ৰতিষ্ঠিত বৈজ্ঞানিক জাৰ্নেলত প্ৰকাশ পাইছে । এই গৱেষণাৰ মূল দিশসমূহ হ’ল :

-বান্ধটোৰ নিৰ্মাণস্থলীৰ একেবাৰে ওচৰতে থকা পাইঝেন ফল্ট লাইনটো দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে । টেকটনিক প্লেটৰ ধাৰাবাহিক লৰচৰৰ বাবে ইয়াৰ আশে-পাশে থকা পাহাৰীয়া শিলাসমূহ ইতিমধ্যে অত্যন্ত দুৰ্বল আৰু থুনুকা হৈ পৰিছে ।

-বিজ্ঞানীসকলে সকীয়াই দিছে যে যিকোনো সময়তে ইয়াত বৃহৎ ভূমিকম্প হ’ব পাৰে । গৱেষণা পত্ৰখনত ২০১৭ চনত এই অঞ্চলৰ মিলিনত অহা ৬.৯ প্ৰাবল্যৰ ভূমিকম্পৰ উদাহৰণ দি কোৱা হৈছে যে এই ফল্ট লাইনটো এতিয়াও জীৱন্ত ।

-ভূমিকম্পৰ জোকাৰণিয়ে বান্ধ, সুৰংগ, দলং আৰু বৃহৎ জলাশয়ৰ ভেটি লৰাই দিব পাৰে । ইয়াৰ উপৰি প্ৰচণ্ড ভূমিস্খলন আৰু পাহাৰ খহি বান্ধটো সম্পূৰ্ণৰূপে ধ্বংস হ’ব পাৰে ।

ভাৰত আৰু বাংলাদেশৰ বাবে কিয় চিন্তাজনক?

ব্ৰহ্মপুত্ৰ নদীৰ নামনি ভাগত ভাৰত (বিশেষকৈ অসম আৰু অৰুণাচল) আৰু বাংলাদেশ অৱস্থিত । যদি ভূমিকম্পৰ বাবে তিব্বতৰ এই আটাইতকৈ বৃহৎ বান্ধটোত কিবা বিজুতি ঘটে বা ই ভাঙি পৰে, তেন্তে নামনিৰ সমগ্ৰ অঞ্চল মুহূৰ্তৰ ভিতৰতে এক প্ৰলয়ংকাৰী বানৰ কৱলত পৰিব । ই কোটি কোটি মানুহৰ জীৱন আৰু সম্পত্তিৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে । চীনা বিজ্ঞানীসকলেও ইতিমধ্যে বান্ধৰ আশে-পাশে থকা পাহাৰীয়া ঢালবোৰ জৰুৰীভাৱে শক্তিশালী কৰিবলৈ অতিৰিক্ত সুৰক্ষা ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক : ভাৰত মহাসাগৰ কঁপাবলৈ সাজু থলুৱা প্ৰযুক্তিৰ নতুন সমুদ্ৰ প্ৰহৰী ‘মহেন্দ্ৰগিৰি’

ভাৰতত ইয়াৰ কোনো প্ৰভাৱ নপৰে… ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’বলগীয়া বান্ধ সন্দৰ্ভত চীনৰ স্পষ্টীকৰণ

চীনৰ নতুন বান্ধ প্ৰকল্পই ভাৰত আৰু বাংলাদেশৰ বাবে মূৰৰ বিষ বুলি প্ৰমাণিত হৈছে । ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহত প্ৰভাৱ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ সুক্ষ্ম ভৌগোলিক অৱস্থাও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে চীনে সোমবাৰে কয় যে প্ৰস্তাৱিত প্ৰকল্পটোৰ সম্পূৰ্ণ বৈজ্ঞানিক পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰ ফলত নদীখনৰ তলত অৱস্থিত ভাৰত আৰু বাংলাদেশত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে । প্ৰায় ১৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’ব বুলি অনুমান কৰা এই প্ৰকল্পটো সঘনাই ভূমিকম্পৰ প্ৰৱণতা থকা পৰিৱেশগতভাৱে ভংগুৰ হিমালয় অঞ্চলৰ টেকটনিক প্লেটৰ সীমাত অৱস্থিত ।

যোৱা মাহত চীনে তিব্বতত ভাৰতৰ সীমান্তৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ নদীত য়াৰলুং জাংবো নামৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনাত অনুমোদন জনাইছিল । পৰিকল্পনা অনুসৰি হিমালয়ৰ ঢালৰ বিশাল উপত্যকাৰ ওপৰেৰে এই বৃহৎ নদীবান্ধটো নিৰ্মাণ কৰা হ’ব, য’ৰ পৰা ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশলৈ আৰু তাৰ পিছত বাংলাদেশলৈ বৈ যায় ।

ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰিবলৈ যোৱা চীনে কি ক’লে ?

চীনৰ নতুন বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে সংবাদমেলযোগে বান্ধ সন্দৰ্ভত উদ্বেগ প্ৰকাশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে য়াৰলুং ছাংপো নদী (ব্ৰহ্মপুত্ৰ নদীৰ তিব্বতী নাম)ৰ তলৰ অংশত চীনে নিৰ্মাণ কৰি থকা জলবিদ্যুৎ প্ৰকল্পটো ভালদৰে বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা হৈছে । ইয়াৰ ফলত তলৰ দেশসমূহৰ পৰিৱেশ, ভূতাত্ত্বিক আৰু জলসম্পদত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে ।