বি চি চি আইৰ নতুন সচিব হিচাপে নিযুক্ত হ’ল প্ৰথমজন অসমীয়া

ভোগালী বিহুৰ প্ৰাকক্ষণতে অসমবাসীৰ বাবে আহিছে এটা ভাল খবৰ। বিচিচিআইৰ নতুন সচিব হিচাপে নিযুক্তি হ’ল প্ৰথমজন অসমীয়া। বিচিচিআইৰ সচিব হিচাপে নিৰ্বাচিত হ’ল অসম সন্তান দেৱজিৎ শইকীয়া।

পূৰ্বে অন্তৱৰ্তীকালীন সচিব হিচাপে কৰ্মৰত আছিল শইকীয়া। বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব পদৰ দায়িত্ব লাভ দেৱজিৎ শইকীয়াৰ। ১০ মাহৰ বাবে সচিবৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিব শইকীয়াই।

BCCIৰ সচিবৰ দায়িত্ব গ্ৰহণ দেৱজিৎ শইকীয়াৰ৷ দায়িত্ব গ্ৰহণৰ পাছতেই বিভিন্নজনৰ শুভেচ্ছা শইকীয়াক৷ 

বি চি চি আইত কোনে  ল’লে জয় শ্বাহৰ ঠাই ? প্ৰাক্তন ক্ৰিকেটাৰক নতুন সচিব হিচাপে নিযুক্তি ব’ৰ্ডৰ সভাপতিৰ

বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে দেৱজিৎ শইকীয়াক ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিছে । ১ ডিচেম্বৰৰ পৰা আই চি চিৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা জয় শ্বাহৰ ঠাইত তেওঁক নিযুক্তি দিয়া হৈছে । স্থায়ী সচিব নিযুক্তি নোপোৱালৈকে অন্তৱৰ্তীকালীন পদত থাকিব অসম সন্তান দেৱজিৎ শইকীয়া । উল্লেখ্য যে ২০১৯ বৰ্ষৰ পৰা জয় শ্বাহে বি চি চি আইৰ সচিবৰ পদত অধিষ্ঠিত আছিল, কিন্তু এতিয়া বিন্নীয়ে নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি এই পদত দেৱজিৎ শইকীয়াক নিযুক্তি দিছে ।

ৰজাৰ বিন্নীয়ে এই ঘোষণা কৰি কয় যে, “বি চি চি আইৰ পৰিস্থিতি আৰু নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এই পদত স্থায়ী নিযুক্তি নোহোৱালৈকে মই আপোনাৰ হাতত সচিব পদৰ দায়িত্ব অৰ্পণ কৰিছো । মই নিশ্চিত যে আপুনি আপোনাৰ সামৰ্থ আৰু গৌৰৱেৰে আপোনাৰ কাম সম্পাদন কৰিব ।” উল্লেখ্য যে, অহা বছৰ ছেপ্টেম্বৰ পৰ্যন্ত কাৰ্যবাহী সচিব পদত থাকিব শইকীয়া । সচিব পদ খালী হোৱাৰ ৪৫ দিনৰ ভিতৰত বি চি চি আইয়ে নতুনকৈ নিযুক্তি দিব লাগে, সেয়েহে বৰ্তমান দেৱজিৎ শইকীয়াক ভাৰপ্ৰাপ্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

কোন হয় দেৱজিৎ শইকীয়া ?

দেৱজিৎ শইকীয়া ভাৰতৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছি, তেওঁ এগৰাকী অধিবক্তা হোৱাৰ উপৰিও ক্ৰিকেট প্ৰশাসনৰ অভিজ্ঞতাও আছে । অসম সন্তানগৰাকীয়ে ৰঞ্জী ট্ৰফীত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল । শইকীয়াই ক্ৰিকেট কেৰিয়াৰত উইকেটকীপাৰ আৰু মিডল অৰ্ডাৰ বেটছমেনৰ ভূমিকা পালন কৰিছিল । ২০২২ চনৰ পৰা বি চি চি আইৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি জয় শ্বাহৰ নেতৃত্বত বহু ডাঙৰ সিদ্ধান্ত লোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে শইকীয়াই ।

ইয়াৰ উপৰিও শইকীয়াই ২০২৩ চনৰ মে’ মাহৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে । প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত তেওঁ অসমৰ হৈ মাত্ৰ ৪ খন মেচ খেলিছিল য’ত তেওঁ ৫৩ ৰান সংগ্ৰহ কৰিছে । উইকেটকীপাৰৰ ভূমিকাত তেওঁ ৮টা কেচ লোৱাৰ লগতে এজন বেটছমেনক ষ্টাম্প কৰিছে ।

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ, BCCIৰ পৰৱৰ্তী সচিবৰ পদত দেৱজিৎ শইকীয়া

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে এটা ভালখবৰ। BCCIৰ পৰৱৰ্তী সচিবৰ পদত অসমৰ দেৱজিৎ শইকীয়া। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ শীৰ্ষ পদবীত স্থান পালে প্ৰথমজন অসমীয়া হ’ল দেৱজিৎ শইকীয়া।

জয় শ্বাহৰ স্থানত দেৱজিৎ শইকীয়াই চম্ভালিব BCCIৰ দায়িত্ব। অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে দেৱজিৎ শইকীয়াক দিলে নিযুক্তি।পূৰ্বে BCCIৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল দেৱজিত শইকীয়াই।

এদিন পূৰ্বে ICCৰ বৰ্ড ডাইৰেক্টৰ হিচাপে শইকীয়াই গ্ৰহণ কৰিছিল দায়িত্বভাৰ। পিছত BCCIৰ পৰৱৰ্তী সচিবৰ পদলৈ পদোন্নতি পালে দেৱজিৎ শইকীয়াই।