স্মৃতি মন্ধানাই হেৰুৱালে প্ৰথম স্থান; দীপ্তি শৰ্মাই ৰচিলে ইতিহাস… আইচিচিৰ ৰেংকিঙত ডাঙৰ পৰিৱৰ্তন
প্ৰথম স্থানৰ পৰা পিছলিল ভাৰতৰ তাৰকা বেটছমেন স্মৃতি মন্ধানা । আনহাতে প্ৰথমবাৰৰ বাবে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে দিপ্তী শৰ্মাই ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে মহিলা খেলুৱৈৰ শেহতীয়া ৰেংকিং । এইবাৰ ৰেংকিঙৰ যথেষ্ট পৰিৱৰ্তন দেখা গৈছে । ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ দীপ্তি শৰ্মা টি-২০ ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰিছে । ইফালে স্মৃতি মন্ধানাই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । বেটছমেনৰ এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থান হেৰুৱাইছে স্মৃতিয়ে । দক্ষিণ আফ্ৰিকাৰ এগৰাকী তাৰকা বেটছমেনে তেওঁক অভাৰটেক কৰিছে । শেহতীয়াকৈ ঘৰুৱা ক্ষেত্ৰত আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত এইগৰাকী খেলুৱৈয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ।
প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন দীপ্তী শৰ্মাৰ-
প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় বলিং ৰেংকিঙত দীপ্তি শৰ্মাই আধিপত্য বিস্তাৰ কৰিছে । বিশাখাপট্টনমত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৪ অভাৰত মাত্ৰ ২০ ৰানত ১ উইকেট দখল কৰে দিপ্তীয়ে লগতে তেওঁৰ উজ্জ্বল বলিং প্ৰদৰ্শনে ৰেংকিং উন্নত কৰে । পূৰ্বে এই স্থানত অষ্ট্ৰেলিয়াৰ এনাবেল ছাথাৰলেণ্ড আছিল যদিও এতিয়া দীপ্তিয়ে তেওঁক অতিক্ৰম কৰিছে । দীপ্তীৰ কেৰিয়াৰত এয়া এক ডাঙৰ কৃতিত্ব ।
ল’ৰা উলভাৰ্ডে ল’লে স্মৃতি মন্ধানাৰ স্থান-
আনহাতে, দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা উলভাৰ্ডে এদিনীয়া বেটিং ৰেংকিঙত পুনৰ শীৰ্ষস্থান দখল কৰিছে । আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ অন্তিম দুখন মেচত শতক অৰ্জন কৰি প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে তেওঁ । এই প্ৰদৰ্শনে তেওঁক কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং লাভ কৰাৰ লগতে তেওঁ ভাৰতীয় বেটছমেন স্মৃতি মন্ধানাক অতিক্ৰম কৰি প্ৰথম স্থান দখল কৰে । ইয়াৰ পূৰ্বেও ল’ৰা উলভাৰ্ডে এই স্থান দখল কৰিছিল ।
টি-২০ ৰেংকিঙত আধিপত্য বিস্তাৰ ভাৰতীয় বেটছৱমেনৰ-
শেহতীয়া ৰেংকিঙে ভাৰতীয় খেলুৱৈসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে । টি-২০ বেটিঙত শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত অৰ্ধশতকৰ বাবেই জেমিমা ৰড্ৰিগোজে পাঁচটা স্থান আগুৱাই শীৰ্ষ দহত প্ৰৱেশ কৰিছে আৰু এতিয়া তেওঁ নৱম স্থানত আছে । তেওঁৰ সৈতে তৃতীয় স্থানত আছে স্মৃতি মন্ধানা আৰু দশম স্থানত শেফালী বাৰ্মা । ইফালে বলিংত অৰুন্ধতী ৰেড্ডীয়েও ৫টা স্থানত আগুৱাই ৩৬ নম্বৰ স্থান লাভ কৰিছে ।
লগতে পঢ়ক : বিজয় হাজাৰে ট্ৰফীত খেলপথাৰত অনুৰাগীয়ে দেখা নাপাব বিৰাট কোহলীৰ বেটিং…