টেটু অংকন কৰাম বুলি ভাবিছে নেকি? জানি লওক এই সমূহ গুৰুত্বপূৰ্ণ কথা
টেটু অংকন কৰাম বুলি ভাবিছে নেকি?
বৰ্তমান সময়ত টেটু কৰাটো এটা ফেশ্বন ট্ৰেণ্ডত পৰিণত হৈছে। আনহাতে আগতে ইয়াক ‘গোদনা’ বুলি কোৱা হৈছিল আৰু ইয়াক গ্ৰাম্য পৰম্পৰাৰ অংশ হিচাপে গণ্য কৰা হৈছিল।
চহৰৰ পৰা গাঁৱলৈকে টেটুৰ উন্মাদনা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও অতি কমসংখ্যক লোকেহে জানে যে টেটু দেখাত যিমান আকৰ্ষণীয়, সমানে স্বাস্থ্যৰ বাবে ই বিপদজনকো হ’ব পাৰে।
বিশেষজ্ঞ সকলৰ মতে, টেটু কৰাৰ সময়ত ছালৰ ভিতৰৰ তৰপত চিয়াঁহী সুমুৱাই দিয়া হয়।এই চিয়াঁহীত প্ৰায়ে এনে ৰাসায়নিক পদাৰ্থ থাকে যিয়ে এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে,সংক্ৰমণ বা অন্যান্য ছালৰ লগত জড়িত ৰোগ হ’ব পাৰে।
যদি ব্যৱহৃত বেজী বা সঁজুলিবোৰ সঠিকভাৱে বীজাণুমুক্ত নহয়, তেন্তে ইয়াৰ ফলত হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু এইচ আই ভি আদি গুৰুতৰ সংক্ৰমণৰ আশংকাও হ’ব পাৰে।
ছালৰ বিশেষজ্ঞসকলে কয় যে টেটু কৰাৰ আগতে এইবোৰ কথা মনত ৰাখিব লাগে:
সদায় প্ৰমাণিত আৰু পৰিষ্কাৰ টেটু ষ্টুডিঅ’ বাছি লওক, টেটু আৰ্টিষ্টৰ অনুজ্ঞাপত্ৰ আৰু অভিজ্ঞতা থাকিব লাগিব, কেৱল এবাৰ ব্যৱহাৰ কৰিব পৰা (একক ব্যৱহাৰৰ) বেজী ব্যৱহাৰ কৰিব লাগে, টেটু কৰাৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মইশ্ব’ৰাইজিঙৰ যত্ন লওক।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: খালী পেটত সেৱন কৰক পানীলাওৰ ৰস; হ্ৰাস পাব ইউৰিক এচিড