ধৰ্মেন্দ্ৰৰ পিছতে বিয়পিল কিংবদন্তি অভিনেতা জেকী চানৰ মৃত্যুৰ উৰাবাতৰি
কিংবদন্তি অভিনেতা জেকী চানৰ মৃত্যুৰ উৰাবাতৰি
বলীউডৰ পৰা হলিউডলৈকে কেইবাজনো তাৰকা ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে । ২০২৫ চনৰ ১১ নৱেম্বৰত ছ’চিয়েল মিডিয়াত ভুৱা খবৰৰ ঢৌ উঠিছিল । একাংশই দাবী কৰিছিল যে বলীউডৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যু হৈছে । আন একাংশই দাবী কৰিছিল যে ৭১ বছৰীয়া কিংবদন্তি চীনা আৰু হলিউডৰ অভিনেতা জেকী চানৰ মৃত্যু হৈছে । এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত ভাইৰেল পোষ্টত কোৱা হৈছে যে দশক পুৰণি আঘাতৰ জটিলতাৰ বাবে জেকী চানৰ মৃত্যু হয় । আনকি একাংশই দাবী কৰিছিল যে তেওঁৰ পত্নী আৰু কন্যাই এই কথা নিশ্চিত কৰিছে ।
জেকী চানক লৈ বিয়পিল উৰাবাতৰি-
ভাইৰেল এই পোষ্টে বিশ্বজুৰি অনুৰাগীৰ মাজত আতংকৰ সৃষ্টি কৰিছিল । বিভিন্ন পোষ্টত লিখা আছিল, “দশক পুৰণি আঘাতৰ সৈতে যুঁজি ৭১ বছৰ বয়সত জেকী চানে মৃত্যুবৰণ কৰিছে ।” এনে কেইবাটাও পোষ্টত দাবী কৰা হৈছিল যে অভিনেতাগৰাকীয়ে কেইবামাহো ধৰি চিকিৎসাধীন হৈ আছিল আৰু অৱশেষত অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰিছে । এটা পোষ্টত কোৱা হৈছে যে, “২০১৬ চনৰ অস্কাৰ বিজয়ী কিংবদন্তি জেকীৰ কেইবামাহো চিকিৎসাৰ অন্তত মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে ।
অৱশ্যে বাতৰি প্ৰকাশন আৰু অফিচিয়েল ফেন ক্লাবৰ পেজসমূহে এই সকলোবোৰ বাতৰি সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰি দিছে । অভিনেতাগৰাকী জীয়াই আছে, সুস্থ আৰু তেওঁৰ আগন্তুক প্ৰকল্পৰ বাবে প্ৰস্তুতি চলাই আছে । অনুৰাগীসকলক আশ্বাস দিয়া হৈছে যে অভিনেতাগৰাকীৰ স্বাস্থ্য ভাল আৰু বিভ্ৰান্তিকৰ পোষ্টসমূহ সম্পূৰ্ণ ভিত্তিহীন উৰাবাতৰি ।
উল্লেখ্য যে, জেকী চানৰ মৃত্যুৰ উৰাবাতৰি বিয়পা এয়াই প্ৰথম নহয় । ২০১৫ চনত তেওঁ একেধৰণৰ ভুৱা বাতৰিৰ উত্তৰত কৈছিল, “বিমানৰ পৰা নামি অহাৰ লগে লগে দুটা খবৰ পাই মই স্তম্ভিত হৈ পৰিলোঁ । প্ৰথমতে, চিন্তা নকৰিব । মই এতিয়াও জীয়াই আছো । দ্বিতীয়তে, মোৰ নামত ৰেড পকেট বিক্ৰী হোৱাৰ বিষয়ে ভিবিঅ’ত চলি থকা কেলেংকাৰীক বিশ্বাস নকৰিব ।”
লগতে পঢ়ক : হেমা মালিনীয়ে জনালে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ খবৰ… ক’লে এই কথা