গেৰুৱা ধুমুহাত ধূলিস্যাৎ কংগ্ৰেছ, শোচনীয় পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰত সিঙে কয় যে দলৰ দুৰ্বল প্ৰদৰ্শনৰ ব্যক্তিগত দায়িত্ব স্বীকাৰ কৰি তেওঁ তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ দাখিল কৰিছে

অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৪ মে’ত তেওঁৰ পদৰ পৰা পদত্যাগ কৰে । বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমত একেৰাহে তৃতীয়টো কাৰ্যকাল নিশ্চিত কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে ।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰত সিঙে কয় যে দলৰ দুৰ্বল প্ৰদৰ্শনৰ ব্যক্তিগত দায়িত্ব স্বীকাৰ কৰি তেওঁ “তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ” পদত্যাগ পত্ৰ দাখিল কৰিছে । নিৰ্বাচনত বিজেপিয়ে ৮২খন আসন সুৰক্ষিত কৰাৰ লগতে আন কেইবাখনো আসনত অগ্ৰগতি লাভ কৰি এককভাৱে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰে । আনহাতে এনডিএ-ৰ সহযোগী দলসমূহৰ আসনৰ সংখ্যা যোগ হৈ এই সংখ্যা আৰু বৃদ্ধি পায় । ইয়াৰ বিপৰীতে উচ্চস্তৰীয় নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো কংগ্ৰেছে আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল আৰু এই নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খায় । ১২৬খন বিধানসভা আসনৰ ভিতৰত এনডিএ-ই ১০২খন আসনত জয়লাভ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে উভতি অহাটো নিশ্চিত হৈছে ।

জীতেন্দ্ৰ সিঙে পত্ৰত লিখিছে, “শেহতীয়া নিৰ্বাচনী ফলাফল গভীৰভাৱে হতাশাজনক আৰু এই ফলাফলৰ ক্ষেত্ৰত মোৰ ভূমিকাৰ বাবে মই সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছোঁ । আমাৰ সৰ্বোত্তম প্ৰচেষ্টা স্বত্বেও, আমি অসমৰ জনসাধাৰণক সেৱা কৰিব বিচাৰিছিলোঁ, তেওঁলোকৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম নহ’লোঁ ।”

অসম কংগ্ৰেছৰ ভিতৰচ’ৰাত দীৰ্ঘদিন ধৰি চলি থকা অসন্তুষ্টিৰ মাজতে এই পদত্যাগৰ ঘটনা ঘটিছে । দলীয় কৰ্মীসকলে ইয়াৰ পূৰ্বে কৌশলগত দিশৰ অভাৱ, নিৰ্বাচনী প্ৰস্তুতিৰ দুৰ্বলতা আৰু তেওঁৰ তত্ত্বাৱধানত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সঠিকভাৱে একত্ৰিত কৰিব নোৱাৰাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল ।

অৱশ্যে, সিঙে তেওঁৰ পত্ৰত এক ইতিবাচক সুৰ প্ৰকাশ কৰিছে । তেওঁ লিখিছে, “মই কংগ্ৰেছ দলৰ আদৰ্শ আৰু দৃষ্টিভংগীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম আৰু উপযুক্ত বুলি বিবেচিত যিকোনো ক্ষমতাৰে দলৰ প্ৰচেষ্টাত সহায় কৰি যাম ।” ইয়াৰ লগতে তেওঁ কাৰ্যকালৰ সময়ছোৱাত আগবঢ়োৱা “মাৰ্গদৰ্শন আৰু সমৰ্থনৰ” বাবে খাৰ্গেক ধন্যবাদ জ্ঞাপন কৰে ।

এই পদত্যাগে উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছৰ সমস্যা আৰু বৃদ্ধি কৰিছে, য’ত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত দলটোৱে ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি আহিবলগীয়া হৈছে ।

লগতে পঢ়ক : নিৰ্বাচনী ফলাফল ২০২৬ : কোন জিকিল কোন হাৰিল ?