“ উইকেটো সপোনৰ দৰে আছিল”; বিৰাট কোহলীৰ উইকেটক লৈ ছাকিব হুছেইনৰ ডাঙৰ মন্তব্য

শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে পৰাজয় লাভ কৰে। খেলখনত বিৰাট কোহলীৰ উইকেট ছাকিব হুছেইনে দখল কৰে।

শুকুৰবাৰে খেলা মেচখনত বিৰাট কোহলীয়ে ডাঙৰ স্ক’ৰ কৰিব নোৱাৰিলে। ১১টা বলত ১৫ ৰান সংগ্ৰহ কৰি পাৱাৰপ্লেৰ অন্তিম অভাৰত তেওঁক আউট কৰা হয়। আই পি এলৰ প্ৰথম ছিজন খেলা ২১ বছৰীয়া ছাকিব হুছেইনে এই উইকেটো দখল কৰে।খেলৰ অন্তত তেওঁ কয় যে এই উইকেটটো তেওঁৰ বাবে সপোনৰ দৰে আছিল।

বিহাৰৰ গোপালগঞ্জৰ পৰা অহা ছাকিব হুছেইনক আই পি এল ২০২৬ৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩০ লাখ টকাত ক্ৰয় কৰিছিল,অৱশ্যে ইয়াৰ পূৰ্বে ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ক্ৰয় কৰিছিল যদিও অভিষেক ঘটাব নোৱাৰিলে। এয়া ছাকিবৰ অভিষেক ছিজন, য’ত তেওঁ প্ৰথমখন মেচতে ৪টা উইকেট দখল কৰি এক দৰ্শনীয় আৰম্ভণি কৰিছিল।এতিয়া শুকুৰবাৰে তেওঁ ফাইন ডেলিভাৰীৰে বিৰাট কোহলীক আউট কৰে।

খেলৰ অন্তত ছাকিব হুছেইনে কয়, উইকেট অনুযায়ী বলিং কৰাৰ পৰিকল্পনা আছিল। বৰুণ দাদাই (বৰুণ এৰন, এছ আৰ এইচৰ বলিং প্ৰশিক্ষক) মোক কৈছিল যে মই মোৰ শক্তি অনুযায়ী বলিং কৰো।বিৰাট কোহলীৰ উইকেটটো মোৰ বাবে সপোনৰ দৰেই আছিল।উইকেটো লৈ বহুত ভাল লাগিছে। ’

তেওঁ আৰু কয় যে, পৰিকল্পনা আছিল লেহেমীয়া ডেলিভাৰী বল কৰা, কিয়নো বলে খেলপথাৰখন বলটো গ্ৰিপ কৰি আছিল আৰু ৰৈ ৰৈ আহিছিল। মই আৰু ভাল হ’ব বিচাৰো।মই মাত্ৰ মোৰ ১০০ শতাংশ দিব বিচাৰো।

লগতে পঢ়ক: ২২ বছৰীয়া অপেক্ষাৰ অন্ত : ইণ্টাৰ কাশীক হৰুৱাই প্ৰথমবাৰৰ বাবে ISL চেম্পিয়ন ইষ্ট বেংগল

মুল্লনপুৰত শ্ৰেয়াছ আয়াৰৰ ধুমুহা, বৃহৎ লক্ষ্য দিও পঞ্জাৱৰ হাতত ধৰাশায়ী হায়দৰাবাদ

ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে পঞ্জাৱ কিংছে

আই পি এল ২০২৬ৰ শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে পঞ্জাৱ কিংছে । মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে বান্ধি দিয়া ২২০ ৰানৰ কঠিন লক্ষ্যত আনায়াসে উপনীত হয় পঞ্জাব কিংছ । ১৮.৫ অভাৰতে বিজয় লক্ষ্যত উপনীত হয় দলটো । পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩৩টা বলত অপৰাজিত ৬৯ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই দৰ্শনীয় ইনিংছত ৫টা চাৰি আৰু ৫টা ছয় আছিল । চলিত ছিজনত পঞ্জাব কিংছৰ এয়া আছিল তৃতীয়টো জয় ।

চলিত আই পি এলত পঞ্জাৱ কিংছৰ আৰম্ভণি আছিল শক্তিশালী । গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিছে ।

পঞ্জাৱ কিংছৰ ইনিংছ-

২২০ ৰানৰ লক্ষ্য আগত লৈ পঞ্জাব কিংছে শক্তিশালী আৰম্ভণি কৰে । প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসিমৰন সিঙে ৩৮ বলত প্ৰথম উইকেটৰ বাবে ৯৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । এই অংশীদাৰিত্বৰ সময়ছোৱাত প্ৰিয়ংশে মাত্ৰ ১৬টা বলত নিজৰ অৰ্ধ শতক অৰ্জন কৰে । স্পীনাৰ শিৱাং কুমাৰে প্ৰিয়ংশক আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে । প্ৰিয়ংশে ২০টা বলত ৫টা ছয় আৰু ৫টা চাৰিৰ সহায়ত ৫৭টা ৰান সংগ্ৰহ কৰে ।

তাৰ পিছত শিৱাং কুমাৰে অৰ্ধশতক অৰ্জন কৰা প্ৰভসিমৰণ সিঙক পেভিলিয়নৰ বাট দেখুৱাই । প্ৰভসিমৰনে ২৫টা বলত ৪টা ছয় আৰু চাৰিটা চাৰিৰ সহায়ত ৫১ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে শিৱাং কুমাৰে কুপাৰ কনলি (১১)ক আউট কৰে ।

ইয়াৰ পিছতে অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু ‘ইমপেক্ট চাব’ নেহাল ৱাধেৰা (১৪ ৰান)য়ে চতুৰ্থ উইকেটৰ বাবে ৬৯ ৰানৰ অংশীদাৰিত্বৰে মেচখন সম্পূৰ্ণ পঞ্জাব কিংছৰ পক্ষলৈ আনে ।

হায়দৰাবাদৰ ইনিংছ-

মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছ হেৰুৱাই প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰে । প্ৰথমে বেট ধৰি দলটোৱে ৬ উইকেটত ২১৯ ৰান সংগ্ৰহ কৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি বিস্ফোৰক আছিল । অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে ৪৯টা বলত ১২০ ৰানৰ অংশীদাৰিত্ব গঢ়ে । মাত্ৰ ১৮টা বলত ৫টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত অভিষেকে অৰ্ধ শতক অৰ্জন কৰে । শশাংক সিঙে ট্ৰেভিছ হেডৰ উইকেট দখল কৰি এই অংশীদাৰিত্ব ভংগ কৰে । ৫টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ২৩টা বলত ৩৮ ৰান সংগ্ৰহ কৰে হেডে । ইয়াৰ পিছতে শশাংক সিঙে ৯ নং অভাৰত অভিষেক শৰ্মাক আউট কৰে ।

অভিষেক শৰ্মাই ২৮টা বলত ৭৪ ৰান সংগ্ৰহ কৰে, য’ত ৮টা ছয় আৰু ৫টা চাৰিটা আছিল । ইয়াৰ পিছতে হেনৰিখ ক্লাচেন আৰু অধিনায়ক ঈশান কিষানে তৃতীয় উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অৰ্শদীপ সিঙে ২৭ ৰানত আউট কৰে ঈশানক ।

সলিল অৰোৰাই ৯ ৰানত অৰ্শদীপ সিঙৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে । হেনৰিখ ক্লাচেন আউট হোৱা ষষ্ঠজন বেটছমেন আছিল । ক্লাচেনক শেষৰ অভাৰত জেভিয়াৰ বাৰ্টলেটে আউট কৰে । ক্লাচেনে ৩৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰে, য’ত এটা চাৰি আৰু এটা ছয় আছিল । পঞ্জাৱ কিংছৰ হৈ অৰ্শদীপ সিং আৰু শশাংক সিঙে দুটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছত হিটমেনৰ ১৫ বছৰ… ভাইৰেল হাৰ্দিক পাণ্ডিয়াৰ প্ৰতিক্ৰিয়া