পাকিস্তানক প্ৰত্যাহ্বান ছানী দেওলৰ… মুক্তি পালে বৰ্ডাৰ ২ৰ টিজাৰ

ছানী দেওলৰ গৰ্জন… বিজয় দিৱসৰ দিনাই মুক্তি পালে বৰ্ডাৰ ২ৰ টিজাৰ । এই টিজাৰ মুকলিৰ লগে লগে ছবিখনক লৈ দৰ্শকৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ।

ছানী দেওল, দিলজিৎ দোছাঞ্জ, বৰুণ ধাৱান আৰু আহান শ্বেট্টী অভিনীত “বৰ্ডাৰ ২” ২০২৬ চনৰ অন্যতম প্ৰত্যাশিত আৰু প্ৰথম বৃহৎ মুক্তি পাবলগা ছবিৰ অন্যতম । চিনেমাখনে ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বে নিৰ্মাতাসকলে ১৬ ডিচেম্বৰত, বিজয় দিৱস উপলক্ষে “বৰ্ডাৰ ২”ৰ দেশপ্ৰেমমূলক টিজাৰ মুকলি কৰিছে ।

১৯৭১ চনৰ যুদ্ধত ভাৰতৰ বিজয়ৰ স্মৃতিত পালন কৰা এই ঐতিহাসিক দিনটোত “বৰ্ডাৰ ২”ৰ টিজাৰ মুকলি কৰি নিৰ্মাতাসকলে ভাৰতীয় সৈনিকৰ সাহস আৰু ত্যাগক দেশজুৰি শ্ৰদ্ধাঞ্জলি জনাইছে । “বৰ্ডাৰ ২”ৰ টিজাৰটো আকৰ্ষণীয় । পাকিস্তানক ধ্বংস কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ ছানী দেউলক পুনৰবাৰ যুদ্ধক্ষেত্ৰত দেখি দৰ্শক উৎফুল্লিত হৈ পৰিছে ।

বৰ্ডাৰ ২ৰ প্ৰথমটো টিজাৰত ছানী দেউলক শক্তিশালী ৰূপত দেখা গৈছে । লিড ষ্টাৰ কাষ্টৰ লুক পোষ্টাৰ মুকলি কৰাৰ পিছত মেকাৰসকলে মুকলি কৰিছে এটা শক্তিশালী টিজাৰ । টিজাৰৰ আৰম্ভণিতে পৰ্দাত লিখা দেখা গৈছে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ । ইয়াৰ পিছত যুদ্ধৰ ছাইৰেন শুনা যায় আৰু তেতিয়াই ছানী দেওলৰ মাত শুনা যায় ।

এই সময়ত বৰুণ, দিলজিত, আহান শ্বেট্টীৰ চৰিত্ৰৰ আভাসো দেখুওৱা হয় আৰু শেষত ছানী দেওলে হাতত বন্দুক লৈ গুলী চলাই থকা দেখা যায় । ছানীয়ে নিজৰ সেনাবাহিনীক উৎসাহিত কৰা দেখা যায় । মুঠতে বৰ্ডাৰ ২ৰ টিজাৰ প্ৰচণ্ড উত্তেজনাৰে ভৰা আৰু ছবিখনৰ প্ৰথম আভাস দেখাৰ পিছত অনুৰাগীসকল ইয়াক লৈ আৰু অধিক উত্তেজিত হৈ পৰিছে ।

ইয়াৰ পূৰ্বে বৰুণ ধাৱানে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত বৰ্ডাৰ ২ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, “বিজয় দিৱসৰ উত্তেজনা, ১৯৭১ চনৰ জয়ৰ স্মৃতি আৰু বছৰৰ আটাইতকৈ গ্ৰেণ্ড টিজাৰ মুকলি- সকলো একেলগে! বৰ্ডাৰ ২ৰ টিজাৰ ১৬ ডিচেম্বৰত ১:৩০ বজাত মুক্তি পাব । ২০২৬ চনৰ ২৩ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব ।”

ছবিখনৰ নতুন পোষ্টাৰত সেনাবাহিনীৰ পোছাক পৰিহিত চাৰিজন মূল অভিনেতা – ছানী দেওল, বৰুণ ধাৱান, দিলজিৎ দোছাঞ্জ আৰু আহান শেট্টীক দেখা গৈছে । বিভিন্ন চৰিত্ৰৰ পোষ্টাৰ মুক্তিৰ ফলত দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে ।

১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি “বৰ্ডাৰ”ৰ ছিকুৱেল “বৰ্ডাৰ ২”। ছবিখনত ছানী দেওলে শিখ চৰিত্ৰত অভিনয় কৰা দেখা যাব । দিলজিৎ দোছাঞ্জৰ চৰিত্ৰ ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ তথা পৰম বীৰ চক্ৰ বিজয়ী নিৰ্মল জীত সিং ছেখোনৰ আধাৰত নিৰ্মিত । ভাৰতীয় সেনাৰ পৰম বীৰ চক্ৰ বিজয়ী কৰ্ণেল হুছিয়াৰ সিং দহিয়াৰ পৰা অনুপ্ৰাণিত হৈছে বৰুণ ধাৱানৰ চৰিত্ৰ । “বৰ্ডাৰ ২” ছবিগৃহত মুক্তি পাব ২০২৬ চনৰ ২৩ জানুৱাৰীত ।

উল্লেখ্য যে, এই ছবিখন ১৯৯৭ চনৰ বোৰ্ডাৰ ছবিৰ ছিকুৱেল । জে পি দত্তাৰ পৰিচালনাত নিৰ্মিত বৰ্ডাৰ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত হোৱা লংগেৱালা যুদ্ধৰ আধাৰত নিৰ্মিত । প্ৰথমখন ছবিৰ অংশ আছিল ছানী দেওল । বাকী অভিনেতা-অভিনেত্ৰী এইবাৰ নতুন । বৰ্ডাৰ ২ৰ কাহিনী এতিয়াও প্ৰকাশ হোৱা নাই যদিও ছবিখনৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : আধৰুৱা হৈ ৰ’ল ধৰ্মেন্দ্ৰৰ এটি সপোন; অশ্ৰুসিক্ত নয়নেৰে প্ৰাৰ্থনা সভাত হেমা মালিনীৰ প্ৰকাশ

ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত পাপাৰাজ্জীৰ ভিৰ; ছানী দেওলৰ ধমক

ছানী দেওলৰ ধমক

যোৱা কেইদিনমানৰ পৰা কঠিন সময়ৰ মাজেৰে পাৰ হৈছে দেওল পৰিয়াল । বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । ১০ নৱেম্বৰ সোমবাৰে ধৰ্মেন্দ্ৰক ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰা হয় । তেতিয়াৰ পৰাই তেওঁৰ পৰিয়ালকে ধৰি আন বহু অভিনেতা-অভনেত্ৰী তেওঁৰ ওচৰলৈ আহিছে । ইফালে ১১ নৱেম্বৰত ধৰ্মেন্দ্ৰৰ মৃত্যুৰ ভুৱা খবৰ ভাইৰেল হৈছিল । ইয়াৰ পিছতে ঈশা দেওল আৰু হেমা মালিনীয়ে সংবাদ মাধ্যম আৰু পাপাৰাজ্জীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল । ইয়াৰ পিছতে এতিয়া ছানী দেওলে নিজৰ মুম্বাইৰ ঘৰৰ বাহিৰত অপেক্ষাৰত ফটোগ্ৰাফাৰসকলৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।

পাপাৰাজ্জীৰ বিৰুদ্ধে ক্ষোভ ছানী দেওলৰ-

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছানী দেওলৰ এটা ভিডিঅ’, য’ত তেওঁৰ খং উঠা দেখা গৈছে । ছানীয়ে ঘৰৰ বাহিৰত ৰৈ থকা ফটোগ্ৰাফাৰসকলক তেওঁ আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তাত অহৰহ হস্তক্ষেপ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰা দেখা গৈছে । তেওঁ কোৱা শুনা গৈছে, “আপোনালোকৰ ঘৰত পিতৃ-মাতৃ আৰু সন্তান আছে । আপোনালোকে মূৰ্খৰ দৰে ভিডিঅ’ পঠিয়াইছে । লাজ নাই নেকি ?”  আনহাতে অনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ছানীৰ ক্ষোভৰ ন্যায্যতা প্ৰদান কৰিছে ।

উল্লেখ্য যে, কিছুদিন চিকিৎসাৰ অন্তত ১২ নৱেম্বৰ বুধবাৰে পুৱা ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় । দেওল পৰিয়ালৰ সদস্যৰ লগতে শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, গোবিন্দাৰ দৰে অভিনেতাই তেওঁক চিকিৎসালয়ত সাক্ষাৎ কৰে । ডিচচাৰ্জৰ পিছত পৰিয়ালে এক বিবৃতিযোগে নিশ্চিত কৰে যে ধৰ্মেন্দ্ৰই ঘৰতে চিকিৎসা লাভ কৰি থাকিব ।

লগতে পঢ়ক : পুত্ৰ ববীৰ সৈতে এম্বুলেন্সত উঠি ঘৰ পালেহি অভিনেতা ধৰ্মেন্দ্ৰ