ভেন্টিলেটৰত চেলিম খান; চিকিৎসকে দিলে ডাঙৰ খবৰ, হ’ব নেকি মগজুৰ অস্ত্ৰোপচাৰ?
বলীউডৰ প্ৰবীণ চিত্ৰনাট্যকাৰ চেলিম খান বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। প্ৰবীণ চিত্ৰনাট্যকাৰ গৰাকীৰ স্বাস্থ্যক লৈ চিকিৎসকে ডাঙৰ আপডেট দিছে।
প্ৰখ্যাত চিত্ৰনাট্যকাৰ চেলিম খান বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। স্বাস্থ্যৰ অৱনতি ঘটাত মঙলবাৰে তেওঁক মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বৰ্তমান তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে।চেলিম খানৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ খান পৰিয়াল।এতিয়া চেলিম খানৰ স্বাস্থ্য সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে।
ডাঃ জলিল পাৰ্কাৰৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে চেলিম খান।তেওঁ চেলিম খানৰ স্বাস্থ্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য দিছে। চিকিৎসক জলিল পাৰ্কাৰে জানিবলৈ দিয়া মতে,চেলিম খানৰ কোনো অস্ত্ৰোপচাৰ হোৱা নাই।
তেওঁৰ মগজুত অতি সামান্য ৰক্তক্ষৰণ হৈছিল,যাৰ বাবে এটা বিশেষ চিকিৎসা কৰি থকা হৈছে।যাক DSA বুলি কোৱা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে।চিকিৎসাৰ প্ৰতিও তেওঁ সঁহাৰি জনাইছে।
যদি সকলো ঠিকে থাকে তেন্তে কাইলৈৰ ভিতৰত তেওঁক ভেন্টিলেটৰৰ পৰা উলিয়াই দিয়া হ’ব। অৱশ্যে তেওঁলোকে চেলিম খানৰ ডিচচাৰ্জৰ কোনো তথ্য দিয়া নাই।
কালিৰে পৰা বাৰে বাৰে চিকিৎসালয়খনলৈ গৈ আছে ছলমান, আৰবাজ আৰু তেওঁলোকৰ সমগ্ৰ পৰিয়াল।বলীউডৰ কেইবাগৰাকীও চেলিব্ৰিটিয়েও চিকিৎসালয়খনলৈ গৈ চেলিম খানৰ স্বাস্থ্যৰ সন্দৰ্ভত খবৰ লৈছে।
সঞ্জয় দত্ত, জাভেদ আখতাৰকো লীলাৱতী চিকিৎসালয়ৰ বাহিৰত দেখা গৈছিল।চেলিম খানৰ স্বাস্থ্যক লৈ কেৱল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ বলীউড চিন্তিত হৈ পৰিছে।
লগতে পঢ়ক: চিকিৎসালয়ত ভৰ্তি চেলিম খান, পিতৃক সাক্ষাতৰ বাবে উপস্থিত ছলমান খান