চেম্পিয়নছ ট্ৰফীৰ দলক লৈ গৌতম-ৰোহিতৰ মতভেদ; গিলক নহয়, প্ৰশিক্ষকে এইজন খেলুৱৈক হে বিচাৰিছিল উপ-অধিনায়ক হিচাপে

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলৰ ঘোষণা কৰা হৈছে। সঞ্জু চেমছনক দলত স্থান দিয়া হোৱা নাই, আনহাতে শুভমান গিলক উপ-অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে।

কিন্তু এক প্ৰতিবেদন অনুসৰি প্ৰশিক্ষক গৌতম গম্ভীৰে শুভমান গিলক উপ-অধিনায়ক বনোৱাৰ পক্ষপাতী নাছিল।প্ৰতিবেদনত কোৱা হৈছে যে গম্ভীৰে হাৰ্দিকক উপ-অধিনায়কত্ব দিয়াটো বিচাৰিছিল।

কিন্তু অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰ হাৰ্দিকৰ পক্ষত নাছিল। ৰোহিত আৰু অজিত আগৰকাৰে গিলক উপ-অধিনায়কৰ পদত চাব বিচাৰিছিল।

১৮ জানুৱাৰীত টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছিল। প্ৰথম দলটো দুপৰীয়া ১২:৩০ বজাৰ ভিতৰত ঘোষণা কৰিব লাগিছিল কিন্তু নিৰ্ধাৰিত সময়ত দলটো ঘোষণা কৰিব পৰা নগ’ল।

তাৰ তিনি ঘণ্টাৰ পিছত হে, চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলটোক ঘোষণা কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, প্ৰশিক্ষক গম্ভীৰ, অধিনায়ক ৰোহিত আৰু নিৰ্বাচক অজিত আগৰকাৰে দলটোত হাৰ্দিক পাণ্ডিয়া আৰু সঞ্জু চেমছনক বাছনি কৰাৰ বিষয়ে কথা পাতি আছিল। হাৰ্দিক ২০২৩ চনৰ বিশ্বকাপত ভাৰতীয় দলৰ উপ-অধিনায়ক আছিল।

গম্ভীৰে উইকেটকিপাৰৰ বাবে সঞ্জু চেমছনক দলত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল কিন্তু ৰোহিত আৰু আগৰকাৰ পন্তৰ পক্ষত আছিল।

এটা বৰ্ষত তিনিটা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা গম্ভীৰে চেম্পিয়নছ ট্ৰফী দলত সঞ্জুক উইকেটকিপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল, কিন্তু ৰোহিত আৰু আগৰকাৰে পন্তক দলত অন্তৰ্ভুক্ত কৰাৰ বাবে অটল আছিল, যাৰ পিছত পন্ত সন্মত হৈছিল।

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট দলত –

ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেট-ৰক্ষক), ঋষভ পন্ত (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, অক্সাৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, যশৱী জয়ছোৱাল, ৰবীন্দ্ৰ জাদেজাৰ নাম ঘোষণা কৰা হৈছে।

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল…যশপ্ৰীত বুমৰাহক লৈ ছাচপেন্স

ভাৰতীয় ক্ৰিকেট দলটোৱে ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব । এই এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । ১৮ জানুৱাৰীত মুম্বাইত এখন সংবাদমেলযোগে ৰোহিত শৰ্মা আৰু অজিত আগকাৰে দল ঘোষণা কৰে । এই এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া প্ৰায় একেখিনি খেলুৱৈকে অন্তৰ্ভুক্ত কৰা হৈছে । বুমৰাহ এদিনীয়া শৃংখলাৰ বাবেও দলৰ অংশ যদিও তেওঁৰ খেলাৰ সিদ্ধান্ত পিছত লোৱা হ’ব । এনে পৰিস্থিতিত হৰ্ষিত ৰাণাকো দলত সুযোগ দিয়া হৈছে ।

বুমৰাহ সন্দৰ্ভত এই আপডেট দিলে আগৰকাৰে-

মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বুমৰাহ সন্দৰ্ভত কয়, ‘বুমৰাক পাঁচ সপ্তাহৰ বাবে জিৰণি ল’বলৈ কোৱা হৈছে । বি চি চি আইৰ চিকিৎসা দলে তেওঁৰ সন্দৰ্ভত আপডেট দিব । ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পিছত তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে । বৰ্তমান সময়ত কৰুণ নায়াৰৰ বাবে এই দলত স্থান পোৱাটো অতি কঠিন । কিন্তু প্ৰদৰ্শনৰ ওপৰত নিশ্চয় লক্ষ্য কৰা হ’ব ।‘

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৬ জনীয়া ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ**, মহম্মদ ছামী, অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা ।

উল্লেখ্য যে ভাৰত ভ্ৰমণত ইংলেণ্ড দলে প্ৰথমে ৫খনীয়া মেচৰ টি-২০ ছিৰিজ খেলিব । ২২ জানুৱাৰীত কলকাতাত অনুষ্ঠিত হ’ব প্ৰথমখন খেল । টি-২০ৰ পিছত ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’ব ৩খন এদিনীয়া শৃংখলা । এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী । এনে পৰিস্থিতিত এই শৃংখলা দুয়োটা দলৰ বাবে এক অনুশীলন হ’বলৈ গৈ আছে । অহা ৬ ফেব্ৰুৱাৰীত নাগপুৰত অনুষ্ঠিত হ’ব এই শৃংখলাৰ প্ৰথমখন এদিনীয়া ।

গ্ৰুপ এৰ বাকী তিনিটা দলৰ বিৰুদ্ধে কেনেকুৱা ভাৰতৰ অভিলেখ ?  পাকিস্তানৰ বিৰুদ্ধে জয় কম আৰু পৰাজয় বেছি !

আঠ বছৰৰ মূৰত অনুষ্ঠিত হ’বলৈ যোৱা চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । শনিবাৰে মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই মুম্বাইত সংবাদমেলৰ জৰিয়তে দল ঘোষণা কৰে । ১৫ জনীয়া দলটোত আছে ৭ জন বেটছমেন, ৪ জন অল ৰাউণ্ডাৰ আৰু ৪ জন বলাৰ । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাখনৰ বিপৰীতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব । পাকিস্তানৰ বাহিৰেও ডুবাইত অনুষ্ঠিত হ’ব ইয়াৰ মেচ ।

ভাৰতে নিজৰ সকলো খেল ডুবাইত খেলিব, আনহাতে আন দলসমূহে পাকিস্তানত খেলিব । ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান, নিউজীলেণ্ড আৰু বাংলাদেশৰ লগতে ভাৰতক গ্ৰুপ এত স্থান দিয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, আফগানিস্তান আৰু ইংলেণ্ড গ্ৰুপ বিত আছে । এই প্ৰতিযোগিতাত ভাৰতৰ যাত্ৰা সহজ নহ’ব কাৰণ এই টুৰ্ণামেন্টত পাকিস্তান আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ বিশেষ সন্তোষজনক নহয় । পাকিস্তানৰ বিৰুদ্ধে ভাৰত এই প্ৰতিযোগিতাত জয়ী হোৱাতকৈ অধিক মেচত পৰাস্ত হৈছে ।

পাকিস্তান-

২৩ ফেব্ৰুৱাৰীত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । এই মেচখন ডুবাইত অনুষ্ঠিত হ’ব । অৱশ্যে এই মিনি বিশ্বকাপত ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে জয়তকৈ বেছি পৰাজয়ৰ সন্মুখীন হৈছে । এই প্ৰতিযোগিতাত দুয়োটা দলে ৫ বাৰ মুখামুখি হৈছে আৰু ইয়াৰে দুখনত জয়লাভ কৰিছে টিম ইণ্ডিয়াই । তিনিবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত । ইয়াৰ ভিতৰত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলো অন্তৰ্ভুক্ত । কিন্তু আই চি চিৰ সকলো ধৰণৰ প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নছ ট্ৰফী, এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দুয়োটা দলৰ অভিলেখৰ কথা ক’বলৈ গ’লে,  তেন্তে ২১ বাৰ সংঘৰ্ষ হৈছে ।

ইয়াৰে ভাৰতে ১৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে চাৰিখন মেচত জয়লাভ কৰিছে । এখন মেচ টাই হয় । শেষবাৰৰ বাবে ভাৰতে ২০২১ চনত আই চি চি টুৰ্ণামেণ্টত পাকিস্তানৰ হাতত পৰাজিত হৈছিল, যেতিয়া বাবৰ আজমৰ দলে টি-২০ বিশ্বকাপত কোহলীৰ দলক ১০ উইকেটত পৰাস্ত কৰিছিল । এদিনীয়াত সামগ্ৰিক অভিলেখৰ ক্ষেত্ৰত, ভাৰত আৰু পাকিস্তানে মুঠ ১৩৫ বাৰ মুখামুখি হৈছে । ভাৰতে ৫৭ খন মেচ জিকিছে আৰু পাকিস্তানে ৭৩ খন মেচ জিকিছে । পাঁচখন খেল ফলাফল অবিহনে সমাপ্ত হৈছিল ।

নিউজীলেণ্ড-

২ মাৰ্চত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হ’ব । দুয়োটা দলে চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০০০ চনত খেলা সেই মেচখনত নিউজীলেণ্ডে ভাৰতক চাৰি উইকেটত পৰাস্ত কৰিছিল । আই চি চি প্ৰতিযোগিতাত কিৱিৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ সন্তোষজনক নহয় । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপতহে ভাৰতে কিৱি দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । অন্যথা বেছিভাগ সময় নিউজীলেণ্ডে আধিপত্য বিস্তাৰ কৰি আহিছে । দুয়োটা দলে আই চি চি প্ৰতিযোগিতাত মুঠ ২২ বাৰ মুখামুখি হৈছে । ইয়াৰে টিম ইণ্ডিয়াই মাত্ৰ ৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে ১৫খন মেচত জয়লাভ কৰিছে। এখন মেচ ড্ৰ’ হৈছিল ।

সীমিত অভাৰৰ আই চি চি টুৰ্ণামেণ্টৰ মেচত নিউজীলেণ্ডৰ হাতত ভাৰতৰ অন্তিমটো পৰাজয় আছিল ২০২১ চনত, টি-২০ বিশ্বকাপত । এই মেচত ডুবাইত নিউজীলেণ্ডে ভাৰতক ৮ উইকেটত পৰাস্ত কৰিছিল । মুঠৰ ওপৰত ভাৰত আৰু নিউজীলেণ্ডৰ দল দুটাই এদিনীয়াত মুঠ ১১৮ বাৰ মুখামুখি হৈছে । ইয়াৰে ভাৰতে ৬০খন মেচত জয়ী হোৱাৰ লগতে কিৱি দলে ৫০খন মেচত জয়লাভ কৰিছে । এখন মেচ টাই হৈছিল, আনহাতে ৭খন মেচৰ কোনো ফলাফল ওলোৱা নাছিল ।

বাংলাদেশ-

২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতে চেম্পিয়নছ ট্ৰফীত অভিযান আৰম্ভ কৰিব । দুয়োটা দলে আই চি চি প্ৰতিযোগিতাত মুঠ ১৭ বাৰ মুখামুখি হৈছে । ইয়াত ভাৰতীয় দলে আধিপত্য বিস্তাৰ কৰিছে । টিম ইণ্ডিয়াই ১৭খন খেলৰ ভিতৰত ১৬খন খেলত জয়ী হোৱাৰ লগতে এখনত পৰাস্ত হৈছে । দুয়োটা দল চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০১৭ চনত বাৰ্মিংহামত খেলা সেই মেচখনত ভাৰতীয় দলটোৱে ৯ উইকেটত জয়লাভ কৰিছিল ।

আই চি চি টুৰ্ণামেণ্টত ভাৰতীয় দলৰ একমাত্ৰ পৰাজয় ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে আছিল । সেই সময়ত প’ৰ্ট অৱ স্পেইনত ভাৰতক ৫ উইকেটত পৰাস্ত কৰে বাংলাদেশে ।

ক্ৰিকেট অনুৰাগীৰ বাবে ভালখবৰ; মাত্ৰ ৩১০ টকাতে উপভোগ কৰিব পাৰিব চেম্পিয়নছ ট্ৰফী ২০২৫

অনুৰাগীসকলে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইয়াক পাকিস্তানে আয়োজন কৰে, য’ত ভাৰতীয় দলৰ সকলো বোৰ মেচ ডুবাইত অনুষ্ঠিত হ’ব।

কিয়নো বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত, এই টুৰ্ণামেণ্টত হাইব্ৰিড মডেল ফৰ্মুলা গ্ৰহণ কৰা হৈছিল। চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভণি ১৯ ফেব্ৰুৱাৰীৰ পৰা হ’ব।

খেলৰ পূৰ্বেই এতিয়া টিকটৰ মূল্য ইতিমধ্যে প্ৰকাশ পাইছে, য’ত পাকিস্তান ক্ৰিকেট বোৰ্ডে আটাইতকৈ সস্তা টিকট ১০০০ পাকিস্তানী টকাৰ ৰাখিছে। ভাৰতীয় মুদ্ৰাত ই ৩১০ টকাৰ সমান হ’ব।

এইটো পিচিবিৰ এক আভ্যন্তৰীণ প্ৰতিবেদনত কোৱা হৈছে, যাৰ এটা প্ৰতিলিপি পিটিআইৰ ওচৰত আছে।  কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া খেলসমূহৰ বাবে পিচিবিয়ে নিম্নতম ১০০০ পাকিস্তানী টকাৰ টিকটৰ মূল্য নিৰ্ধাৰণ কৰিছে।

পাকিস্তান আৰু বাংলাদেশৰ মাজত ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া খেলসমূহৰ টিকটৰ মূল্য হ’ব ছেমি ফাইনেলৰ বাবে ২০০০ পাকিস্তানী টকা (৬২০ ভাৰতীয় টকা) আৰু ২৫০০ পাকিস্তানী টকা (৭৭৬ ভাৰতীয় টকা)।

পিচিবিয়ে সকলো খেলৰ ভিভিআইপি টিকট ১২০০০ পাকিস্তানী টকা (৩৭২৬ ভাৰতীয় টকা) ৰাখিছে কিন্তু ছেমি ফাইনেলত হ’ব ২৫০০০ (৭৭৬৪ ভাৰতীয় টকা)।

কৰাচীৰ প্ৰিমিয়াৰ ষ্টেণ্ডৰ টিকটৰ মূল্য ৩৫০০ পাকিস্তানী টকা (১০৮৬ ভাৰতীয় টকা), লাহোৰত ৫০০০ (১৫৫০ ভাৰতীয় টকা) আৰু ৰাৱালপিণ্ডিত পাকিস্তান বনাম বাংলাদেশ খেলৰ বাবে ৭০০০ (২১৭০ ভাৰতীয় টকা) টকা ধাৰ্য কৰিছে। পিচিবিয়ে কৰাচীত ভিআইপি ষ্টেণ্ডৰ টিকট ৭০০০, লাহোৰত ৭৫০০ আৰু বাংলাদেশ খেলৰ বাবে ১২৫০০ ত ৰাখিব বিচাৰে।

অনুৰাগীসকলৰ বাবে ১৮০০০ টিকট উপলব্ধ হ’ব। কিন্তু এজন ব্যক্তিয়ে এটা সময়ত কিমান টিকট কিনিব পাৰে আৰু টিকটবোৰ অনলাইনত উপলব্ধ হ’ব নে নাই সেয়া সিদ্ধান্ত লোৱা নহয়। আইচিচি টুৰ্ণামেণ্টৰ নিয়ম অনুসৰি, আয়োজক দেশে খেলবোৰৰ টিকট বিক্ৰী কৰে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত, কেৱল দলৰ বাছত যাত্ৰা কৰিব সকলো ক্ৰিকেটাৰে… পত্নীৰ বাবেও কঠোৰ নিয়ম

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছত বি চি চি আই (বৰ্ড অৱ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া)লৈছে এটা ডাঙৰ সিদ্ধান্ত । এতিয়া ক্ৰিকেটাৰৰ পত্নীৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়া হৈছে । নতুন নিয়ম অনুসৰি যদি কোনো প্ৰতিযোগিতা ৪৫ দিন বা তাতকৈ অধিক সময়ৰ বাবে হয়, তেন্তে পত্নীক খেলুৱৈগৰাকীৰ লগত মাত্ৰ ১৪ দিনৰ বাবেহে থাকিবলৈ দিয়া হ’ব আৰু যদি ভ্ৰমণ কম দিনৰ হয় তেন্তে সেয়া ৭ দিনৰ বাবে হ’ব পাৰে ।

নতুন নিয়ম অনুসৰি সমগ্ৰ প্ৰতিযোগিতাখনৰ সময়ছোৱাত পত্নীসকল খেলুৱৈৰ সৈতে থাকিব নোৱাৰিব । পত্নী মাত্ৰ ২ সপ্তাহ একেলগে থাকিব পাৰিব । লগতে সকলো খেলুৱৈ দলৰ বাছত যাত্ৰা কৰিব লাগিব ।

গৌতম গম্ভীৰৰ ব্যক্তিগত মেনেজাৰকো ভি আই পি বক্স বা টিম বাছত বহিবলৈ দিয়া নহ’ব । তেওঁ আন কোনো হোটেলত থাকিব লাগিব । যদি খেলুৱৈসকলৰ লাগেজ ১৫০ কিলোগ্ৰামতকৈ অধিক হয় তেন্তে বি চি চি আইয়ে খেলুৱৈসকলক অতিৰিক্ত লাগেজৰ চাৰ্জ নিদিয়ে ।

অলপতে বি চি চি আইয়ে অষ্ট্ৰেলিয়া ছিৰিজৰ পিছত ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । এই সময়ছোৱাত বি চি চি আইয়ে দলৰ সংমিশ্ৰণ সন্দৰ্ভত কোনো ধৰণৰ খৰখেদাকৈ প্ৰতিক্ৰিয়া নিদিবলৈ সিদ্ধান্ত লয় । বুজা গৈছে যে অহা ছয় সপ্তাহত চেম্পিয়নছ ট্ৰফীৰ দৰে গুৰুত্বপূৰ্ণ এদিনীয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া হোৱাৰ বাবে তাৎক্ষণিক যিকোনো প্ৰতিক্ৰিয়াই দলটোৰ লগতে সহায়ক কৰ্মচাৰীৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব ।

অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ পিছত ভাৰতে প্ৰথমে টি-২০ আৰু তাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব । ইয়াৰ পিছত দলটোৱে ফেব্ৰুৱাৰী মাহত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব ।

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ শোচনীয় প্ৰদৰ্শন-

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত পাঁচখনীয়া খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত ১-৩ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া । ইয়াৰ বাবে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । এই কাৰণেই ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তিনিটা ছিজনত প্ৰথমবাৰৰ বাবে ডব্লিউ টি চি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ।

ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ হাতত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আত্মসমৰ্পণ কৰে । ইয়াৰ পূৰ্বে ঘৰুৱা খেলপথাৰত নিউজীলেণ্ডৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া । এই দুটা বিপৰ্যয়ৰ বাবে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ পৰা বঞ্চিত হয় ।

ICC চেম্পিয়নছ ট্ৰফী হ’ষ্ট কৰা পাকিস্তানে এতিয়াও সাজু কৰি তুলিব পৰা নাই এখনো ষ্টেডিয়াম

২০২৫ৰ ICC চেম্পিয় নছ ট্ৰফী হষ্টিং কৰিব পাকিস্তানে।চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰা পাকিস্তানৰ স্থানসমূহ হ’ল ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম আৰু কৰাচীৰ নেশ্যনেল বেংক ষ্টেডিয়াম, আনহাতে ভাৰতে হাইব্ৰিড মডেল অনুসৰি ডুবাইত সকলো খেল খেলিব।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চেম্পিয়নছ ট্ৰফী দেশৰ বাহিৰলৈ স্থানান্তৰিত হোৱাৰ জল্পনা-কল্পনাক আৱৰ্জনা কৰি পেলাইছে, কাৰণ ষ্টেডিয়ামসমূহ এতিয়াও মেচ আয়োজন কৰিবলৈ সাজু হোৱা নাই। এমাহৰ অলপ বেছি সময়ৰ পিছত আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সাজু হোৱা নাই এখনো ষ্টেডিয়াম। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন আৰু বাতৰি অনুসৰি যদি ষ্টেডিয়ামসমূহ সাজু নহয় তেন্তে ইভেণ্টখন দেশৰ বাহিৰলৈ লৈ যোৱা হ’ব।
প্ৰতিযোগিতাখনৰ অন্যতম আয়োজক চহৰ কৰাচীত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানৰ প্ৰস্তুতিৰ বুজ লয় আইচিচিৰ ছয়জনীয়া প্ৰতিনিধি দলে।কাম সম্পূৰ্ণ কৰাৰ শেহতীয়া অন্তিম তাৰিখ ২৫ জানুৱাৰী শনিবাৰ।

চেম্পিয়নছ ট্ৰফীৰ বাবে দুই-তিনি দিনৰ ভিতৰত ঘোষণা হ’ব পাৰে ভাৰতীয় দলৰ তালিকা; কোনে কোনে পাব স্থান

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অহা মাহত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ১২ জানুৱাৰীৰ পূৰ্বে ভাৰতীয় দল ঘোষণা কৰিব পাৰে।

একে সময়তে, ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ দলটোও ১১ জানুৱাৰীৰ ভিতৰত ঘোষণা কৰিব পাৰে।

অৱশ্যে এক তথ্য অনুসৰি, ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীৰ দলটো সেই দিনটোতে বা ১২ জানুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ’ব।

দৰাচলতে চেম্পিয়নছ ট্ৰফীৰ বাবে, সকলো দলে ১২ জানুৱাৰীৰ ভিতৰত প্ৰাৰম্ভিক দল ঘোষণা কৰিব লাগিব। আইচিচিৰ নিয়ম অনুসৰি, আঠটা দলে ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাথমিক দলত পৰিৱৰ্তন কৰাৰ সুযোগ পাব।

যি নিৰ্বাচকসকলক আঘাত দূৰ কৰাৰ আৰু উদ্বেগ গঠন কৰাৰ সুযোগ প্ৰদান কৰিব।চেম্পিয়নছ ট্ৰফী ১৯ ফেব্ৰুৱাৰীৰ পৰা হাইব্ৰিড মডেলৰ সৈতে অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ বাবে, আঠটা দলক চাৰিটাকৈ দুটা গোটত বিভক্ত কৰা হৈছে।

চেম্পিয়নছ ট্ৰফীত ১২ টা লীগ পৰ্যায় থাকিব আৰু তাৰ পিছত ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব।

যদি ভাৰত ফাইনেলত উপনীত হ’বলৈ সফল হয়, তেন্তে খিতাপ মেচখন ডুবাইত খেলা হ’ব। ভাৰতে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে এই প্ৰতিযোগিতাখনত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব।

ইয়াৰ পিছত, তেওঁ ২ মাৰ্চত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব। ইয়াৰ অন্তিম খন খেল ৮ মাৰ্চত অনুষ্ঠিত হ’ব।

যশপ্ৰীত বুমৰাহৰ আঘাতক লৈ আহিছে ডাঙৰ খবৰ; চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱাৰ আশংকা!  ৩ মাহলৈ ল’ব পাৰে বিশ্ৰাম  

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ৫ জানুৱাৰীত সমাপ্ত হৈছিল। এই পাঁচখন খেলৰ টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই ১-৩ ত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।

এই শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ছিডনীত অনুষ্ঠিত হৈছিল, যাৰ দ্বিতীয় দিনা যশপ্ৰীত বুমৰাহে পিঠিৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰলৈ গৈছিল আৰু তাৰ পিছত তেওঁ বল কৰিবলৈ খেলপথাৰলৈ আহিব নোৱাৰিলে।

তৃতীয় দিনা বলিংত টীম ইণ্ডিয়াই ইয়াৰ ফল ভুগিব লগা হৈছিল। বুমৰাহৰ অনুপস্থিতিত ভাৰতীয় বলিং দুৰ্বল হৈ পৰে আৰু অষ্ট্ৰেলিয়াই মেচখন ৬ উইকেটত জয় লাভ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁলোকৰ স্থান নিশ্চিত কৰে।

ইফালে, যশপ্ৰীত বুমৰাহৰ পিঠিৰ আঘাতৰ বিষয়ে এটা ডাঙৰ খবৰ ওলাইছে।জানিব পৰা মতে বুমৰাহৰ এই আঘাতৰ সম্বন্ধ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ কামৰ বোজাৰ সৈতে সম্পৰ্কিত।

এনে পৰিস্থিতিত, বিচিচিআইৰ চিকিৎসা দলে বুমৰাহক আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে প্ৰস্তুত কৰিব পৰাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে।কিয়নো প্ৰতিযোগিতাখনত তেওঁৰ অংশগ্ৰহণ টীম ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত যশপ্ৰীত বুমৰাহে ১৫০ অভাৰতকৈ অধিক বলিং কৰে আৰু তেওঁ ৩২ টা উইকেট দখল কৰে। যে বুমৰাহৰ পিঠিৰ ক্ৰেম্পৰ গ্ৰেড এতিয়াও জানিব পৰা হোৱা নাই

।যদি বুমৰাহৰ আঘাত গ্ৰেড ১ শ্ৰেণীত থাকে,  তেন্তে খেলুৱৈ গৰাকীক উভতি অহাৰ পূৰ্বে কমেও দুইৰ পৰা তিনি সপ্তাহৰ  প্ৰয়োজন হ’ব।গ্ৰেড ২ আঘাতৰ ক্ষেত্ৰত, আৰোগ্য হ’বলৈ ৬ সপ্তাহ লাগিব পাৰে আনহাতে গ্ৰেড৩, যি আটাইতকৈ গুৰুতৰ প্ৰকৃতিৰ, কমেও তিনি মাহৰ বিশ্ৰাম আৰু পুনৰ্সংস্থাপন কাৰ্যসূচীৰ প্ৰয়োজন হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে, ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খন খেলৰ টি-২০ শৃংখলা ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। ইয়াৰ পিছত, ৬ ফেব্ৰুৱাৰীৰ পৰা দুয়োটা দলৰ মাজত ৩ খন এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব।

এদিনীয়া শৃংখলাৰ পিছত, ভাৰতীয় দলে ২০ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব। এনে পৰিস্থিতিত বুমৰাহৰ আঘাতে টীম ইণ্ডিয়াক চিন্তাত পেলাইছে।

যদি বুমৰাহ আঘাতৰ বাবে ১ মাহৰ বাবেও বাহিৰ হয়, তেন্তে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বঞ্চিত হ’ব পাৰে। যদি তেওঁৰ আঘাত অধিক গুৰুতৰ হয়, তেনেহ’লে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱাৰ আশংকা থাকিব পাৰে।