খিতাপ জয়ৰ সপোন ভগ্ন ভাৰতৰ; ১-০ গ’লত জয়লাভ বেলজিয়ামৰ

খিতাপ জয়ৰ সপোন ভগ্ন ভাৰতৰ

৩০ নৱেম্বৰত মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত ভাৰতক ১-০ গ’লত পৰাস্ত কৰি বেলজিয়ামে চুলতান আজলান শ্বাহ কাপ হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰে।

খেলখনৰ ৩৪ মিনিটত থিবাউট ষ্টকব্ৰুকছে গ’ল দিয়াৰ পাছত ভাৰতে ৰূপৰ পদকত সন্তুষ্ট হ’বলগীয়া হ’য়।এয়া বেলজিয়ামৰ প্ৰথম চুলতান আজলান শ্বাহ খিতাপ জয়।

২৯ নৱেম্বৰত কানাডাৰ বিৰুদ্ধে ১৪-৩ গ’লত ডাঙৰ জয়লাভ কৰাৰ পিছত এই মেচত প্ৰৱেশ কৰা ভাৰতে দুৰ্ভাগ্যজনকভাৱে তিনিটা পেনাল্টি কৰ্ণাৰ এটাকো গ’ললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে।

জুগ্ৰাজ সিং, অমিত ৰোহিদাস আৰু সঞ্জয়ে এই প্ৰতিযোগিতাত পেনাল্টি কৰ্ণাৰ লোৱাত সফল হয় কিন্তু ফাইনেলত বেলজিয়ামৰ ডিফেন্সত ভেদ কৰিব নোৱাৰিলে।

লীগ পৰ্যায়ত ইউৰোপীয় দলৰ হাতত ২-৩ গ’লত পৰাস্ত হোৱাৰ পাছত এই প্ৰতিযোগিতাখনত ভাৰতৰ দ্বিতীয়টো পৰাজয় আছিল।

দুয়োটা দলেই কৌশলগতভাৱে খেলিছিল, বেলজিয়ামৰ হাতত বেছি সময় থকাৰ লগতে তেওঁলোকে ভাল আৰম্ভণি কৰিছিল।

তেওঁলোকৰ আক্রমণে দুয়ো মূৰৰ পৰা ভাৰতীয় ডিফেন্সক অশান্তি দিছিল আৰু ভাৰতীয় গ’লৰক্ষকগৰাকীয়ে কিছু ক্ল’জ ছেভ কৰিবলগীয়া হৈছিল৷

লগতে পঢ়ক: ‘মই মাত্ৰ এটা ফৰ্মেট খেলিছো…’; টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ উৰাবাতৰিত অন্ত বিৰাট কোহলীৰ