চিকিমৰ ভয়াৱহ সুৰংগ দুৰ্ঘটনা: মৃত্যুৰ সংখ্যা ১১ লৈ বৃদ্ধি
বিষয়াসকলে জনোৱা অনুসৰি, সুৰংগটোৰ ভিতৰত আৰু আঠটা মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে
চিকিমৰ নামচি জিলাত অৱস্থিত এন এইচ পি চি (NHPC)-ৰ নিৰ্মাণৰত তিস্তা পৰ্যায়-VI জলবিদ্যুৎ প্ৰকল্পত সংঘটিত এক ভয়াবহ সুৰংগ দুৰ্ঘটনাত মঙলবাৰে সন্ধিয়ালৈকে মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে । সোমবাৰে দুপৰীয়া সামাৰডুং, ঝোলুংগে স্থিত প্ৰকল্পস্থলীত খনন কাৰ্যৰ সময়ত আকস্মিকভাৱে মিথেন গেছৰ বিস্ফোৰণ ঘটে, যাৰ ফলত সুৰংগটোৰ গভীৰত কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ পৰে ।
বিষয়াসকলে জনোৱা অনুসৰি, সুৰংগটোৰ ভিতৰত আৰু আঠটা মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে । অক্সিজেনৰ অভাৱ, বিষাক্ত বতাহ আৰু অস্থিৰ মাটিৰ বাবে উদ্ধাৰ অভিযান তীব্ৰ প্ৰত্যাহ্বানৰ মুখত পৰিছে । প্ৰথম অৱস্থাত সুৰংগত প্ৰৱেশ কৰা ৰংপো অগ্নি নিৰ্বাপক সেৱাৰ কেইবাজনো কৰ্মী বিষাক্ত গেছৰ বাবে অসুস্থ হৈ পৰাত পিছহুঁহকি আহিবলগীয়া হয় । বৰ্তমান NDRF, SDRF, চিকিম আৰক্ষী আৰু জিলা প্ৰশাসনে গধুৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি যৌথ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ঘটনাটোৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰাৰ কথা ঘোষণা কৰিছে । লগতে, মৃত শ্ৰমিকসকলৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে । বিস্ফোৰণৰ কাৰণ পৰীক্ষা কৰিবলৈ ঘটনাস্থলীত এটা ৰাসায়নিক বিশ্লেষণকাৰী দল উপস্থিত হৈছে, যিয়ে SIT-ক তদন্তত সহায় কৰিব । জিলা উপায়ুক্তকে ধৰি জ্যেষ্ঠ বিষয়াৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত চিকিমৰ এই অন্যতম ভয়াৱহ ঔদ্যোগিক দুৰ্যোগৰ উদ্ধাৰ আৰু তদন্তকাৰ্য চলাই থকা হৈছে ।
লগতে পঢ়ক : বিধ্বংসী বানত শোকাৱহ ঘটনা, একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ