তান্যা, অমালক পিছ পেলাই গৌৰৱ খান্নাৰ হাতত বিগ বছৰ ১৯ ৰ ট্ৰফী…
জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৯’এ লাভ কৰিছে বিজয়ী।গৌৰৱ খান্নাই এই ছিজনৰ খিতাপ দখল কৰিছে।
বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় আৰু টিভিৰ আটাইতকৈ বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছে ১৯ সংখ্যক ছিজনৰ বাবে বিজয়ী লাভ কৰিছে।
তান্যা মিত্তল, প্ৰণিত মৰে আৰু অমাল মালিকৰ দৰে শক্তিশালী প্ৰতিযোগীক পিছ পেলাই টিভিৰ ছুপাৰষ্টাৰ গৌৰৱ খান্নাই লাভ কৰিছে বিগ বছ ১৯ ৰ ট্ৰফী।
অৰ্থাৎ গৌৰৱ খান্নাৰ জয়ৰ লগে লগে বিগ বছ ১৯ৰ যাত্ৰাৰ অন্ত পৰিল।অনুষ্ঠানটোৰ ৰানাৰ্ছ আপ আছিল ভৰহানা ভাট।
মন কৰিবলগীয়া যে বিগত বৰ্ষত বিগ বছ ১৮ খিতাপ দখল কৰাৰ পিছত কৰণবীৰ মেহৰাক এই অনুষ্ঠানত জয়ী হোৱাৰ বাবে ৫০ লাখ টকা দিয়া হৈছিল।
১৭ সংখ্যক ছিজনতো মুনাৱাৰ ফাৰুকিয়ে লাভ কৰিছিল মাত্ৰ ৫০ লাখ টকা।এইবাৰ বিগ বছ বিজয়ী গৌৰৱকো ট্ৰফীৰ লগতে ৫০ লাখ টকা প্ৰদান কৰা হয়।
শ্ব’টোৰ প্ৰথম দিনাৰ পৰাই অভিনেতা গৰাকীয়ে নিজৰ জ্ঞান, শান্ত স্বভাৱ আৰু কৌশলেৰে আদৰ্শ দাঙি ধৰিছে।বিগ বছৰ বুলিলে সকলোৰে মনত কেৱল চিঞৰি,বিতৰ্কই আহে।
সকলোৱে জানে যে যিয়ে নিজৰ মতামত চিঞৰি বা কাজিয়া কৰি প্ৰকাশ কৰে তেওঁ জয়ী হয়।কিন্তু এতিয়া গৌৰৱে এই জয়েৰে সেই চিন্তাধাৰা সলনি কৰিছে।গোটেই শ্ব’টোত তেওঁ কোনো বিতৰ্কত জড়িত নহ’ল।
চলিত বছৰত গৌৰৱৰ এইটো দ্বিতীয়টো ডাঙৰ জয়।বিগ বছ ১৯ৰ পূৰ্বে তেওঁ ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ৰ খিতাপ জয় কৰিছিল।তেওঁক টিভিৰ ছুপাৰষ্টাৰ বুলি কোৱা হয় আৰু এতিয়া ৰিয়েলিটি শ্ব’ৰো নায়কও হৈ পৰিছে।
লগতে পঢ়ক: ‘জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো’… স্মৃতি মন্ধানাৰ সৈতে বিবাহক লৈ মৌনতা ভংগ কৰিলে পলাশে