চাঞ্চল্যকৰ; এইবাৰ মছজিদৰ চৌহদত পেলাই থৈ গ’ল গাহৰি মাংস

মছজিদৰ চৌহদত পেলাই থৈ গ’ল গাহৰি মাংস

ৰাজ্যত গৰু-গাহৰিৰ বিতৰ্কৰ মাজতে মহৰমৰ দিনাই এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।মহানগৰীৰ পাঞ্জাবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।এইবাৰ গো-মাংস নহয়, পেলাই গ’ল গাহৰিৰ মাংস ।

পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ মছজিদত উদ্ধাৰ হ’ল গাহৰিৰ মাংস। মছজিদৰ গে’টত মাংসৰ এটা টোপোলা পেলাই থৈ গ’ল দুৰ্বৃত্তই।

স্কুটিত অহা এটা দুৰ্বৃত্তই নিশা মাংসৰ টোপোলাটো পেলাই থৈ যায় মছজিদটোৰ চৌহদত। চিচিটিভি ফুটেজত এই কথা জানিব পৰা গৈছে।

দেওবাৰে পুৱা নামাজৰ বাবে আহি একাংশ লোকে গাহৰি মাংসৰ টোপোলাটো প্ৰত্যক্ষ কৰে। ঘটনাৰ সন্দৰ্ভত ঘটনাস্থলীত আৰক্ষীলোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মছজিদ কৰ্তৃপক্ষই ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।  

লগতে পঢ়ক: অসম-মেঘালয় সীমা বিবাদ : চুক্তিৰ ৩৯ মাহৰ পাছত বিবাদিত ভূমিত স্থাপন প্ৰথমটো সীমা স্তম্ভ

গো-মাংসৰে পিকনিক খাই আপলোড কৰিছিল ভিডিঅ’ ;  ৬ যুৱকক গ্ৰেপ্তাৰ

পিকনিকত গো মাংস খাই গ্ৰেপ্তাৰ হ’ল ৬জন যুৱক ৷ পিকনিক খাবলৈ গৈ গো-মাংস খাই ভিডিঅ’ আপলোড কৰিছিল সামাজিক মাধ্যমত৷ তাৰ পিচতে হাতীগাঁও থানাত যুৱক কেইজনৰ বিৰুদ্ধে ৰুজো হয় গোচৰ৷

গোচৰৰ ভিত্তিত হাতীগাঁও, গৰৈমাৰী, ছয়গাঁও, জোৰশিমুলী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱককেইজনক৷ ধৃত যুৱক ৬জন হৈছে—চাহিল খান, হাফিজুৰ ইছলাম,  ৰকিবুল হুছেইন, জাহিদুল ইছলাম, ইজাজ খান আৰু শ্বহিদুল ইছলাম৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ চৰ এখনত গো মাংসৰে পিকনিক খাইছিল যুৱককেইজনে৷তাৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল ধৃত যুৱক কেইজনে৷৷সামাজিক মাধ্যমত গো মাংসৰ ভিডিঅ’ দি ৰঙাঘৰলৈ ৬ যুৱক।