ভাৰতৰ নতুন স্প্ৰিণ্ট কিং!ভাৰতীয় নৌসেনা জোৱান গুৰিন্দৰৱীৰ সিঙৰ নতুন ইতিহাস
শনিবাৰে ৰাঁচীৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ভাৰতীয় এথলেটিকছৰ বাবে এক ঐতিহাসিক দিন আছিল। পঞ্জাৱৰ ২৫ বছৰীয়া স্প্ৰিণ্টাৰ গুৰিন্দৰৱীৰ সিঙে এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতাত পুৰুষৰ ১০০ মিটাৰ দৌৰ ১০.০৯ ছেকেণ্ডত সম্পূৰ্ণ কৰি এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।
গুৰিন্দৰৱীৰ সিঙে ভাৰতীয় এথলেটিকছত এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে,যাৰ বাবে দেশে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল।ৰাঞ্চিত অনুষ্ঠিত ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বিপত গুৰিন্দৰবীৰ সিঙে মাত্ৰ ১০.০৯ ছেকেণ্ডত পুৰুষৰ ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি তেওঁ এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।ইয়াৰ লগে লগে তেওঁ ১০০ মিটাৰ দৌৰত ১০.১০ ছেকেণ্ডৰ তলৰ সময় লাভ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ স্প্ৰিণ্টাৰ হিচাপে পৰিগণিত হয়।
২৪ বছৰীয়া গুৰিন্দৰবীৰ সিঙে ২৩ মে’ শনিবাৰে বীৰছা মুণ্ডা এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত দৌৰত স্বৰ্ণ পদক দখল কৰে।তেওঁ ১০.০৯ ছেকেণ্ডৰ সময়েৰে ভাৰতীয় স্প্ৰিণ্টিংক নতুন উচ্চতালৈ আগুৱাই লৈ গৈছে। ছেমিফাইনেলত গুৰিন্দৰবীৰে প্ৰথমে ১০.১৭ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।অৱশ্যে মাত্ৰ কেইমিনিটমান পিছতে অনিমেশ কুজুৰে ১০.১৫ ছেকেণ্ডৰ সময়েৰে অভিলেখ দখল কৰে।
অৱশ্যে ফাইনেলত গুৰিন্দৰবীৰ সিঙে সকলোকে এৰি নতুন ইতিহাসৰ চিত্ৰনাট্য ৰচনা কৰি শক্তিশালী প্ৰত্যাৱৰ্তন কৰে।এই ভয়ংকৰ প্ৰদৰ্শনেৰে গুৰিন্দৰবীৰ সিং আৰু অনিমেশ কুজুৰ দুয়োজনেই গ্লাছগো কমনৱেলথ গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।এতিয়া ভাৰতৰ দুয়োগৰাকী স্প্ৰিণ্টাৰে দেশক ১০০ মিটাৰ ইভেণ্টত প্ৰতিনিধিত্ব কৰিব।
ইতিহাস ৰচনা কৰাৰ পিছত গুৰিন্দৰবীৰ সিঙে কয়”মোক আগতে কোৱা হৈছিল যে ১০০ মিটাৰত ভাৰতীয়ৰ ভৱিষ্যত নাই।আগতে কোৱা হৈছিল যে ভাৰতীয় বডি টাইপটো ১০০ মিটাৰৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল।কিন্তু মই সিহঁতক ভুল প্ৰমাণ কৰিব বিচাৰিছিলো।মই প্ৰমাণ কৰিব বিচাৰিছিলো যে ভাৰতীয় জিনবোৰো শক্তিশালী।”
লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬ : ভাৰতত টিভি সম্প্ৰচাৰক লৈ ডাঙৰ খবৰ, অন্ত পৰিব অনিশ্চয়তাৰ