২০ বছৰ পূৰ্বে ঘটা এই ঘটনাই এতিয়াও শংকিত কৰি তোলে সকলোকে…খ্ৰীষ্টমাছৰ ঠিক পিছতেই সৃষ্টি হৈছিল ধ্বংসলীলা
২০ বছৰ পূৰ্বে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সংঘটিত হোৱা ভয়ংকৰ ছুনামীৰ স্মৃতি এতিয়াও মানুহৰ মনত সতেজ হৈ আছে । এই ঘটনাত চাৰিশৰো অধিক লোকে প্ৰাণ হেৰুৱাই, আনহাতে তিনি হাজাৰৰো অধিক লোক নিৰুদ্দেশ হৈছিল । আন্দামান-নিকোবৰৰ কেম্পবেল বে আৰু কাৰ নিকোবৰৰ ধ্বংসস্তূপৰ দৃশ্য ইমানেই ভয়ংকৰ আছিল যে আজিও বিদ্যালয়, গীৰ্জা আৰু চৰকাৰী প্ৰতিষ্ঠান ধ্বংস হোৱাৰ ফলত জমা হোৱা ধ্বংসাৱশেষ দেখি মানুহে শংকিত হৈ পৰে ।
২০০৪ চনৰ ছুনামীত প’ৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ৫৩৫ কিলোমিটাৰ নিলগৰ নিকোবৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় । ২০ বছৰ পূৰ্বে কাৰ নিকোবৰৰ তামালু গাঁৱত সংঘটিত হোৱা বিধ্বংসী দৃশ্য আজিও দেখা যায় । প্ৰতি বছৰে নিকোবাৰী জনজাতীয় দলে ইয়াত ‘মৃত্যুৰ ঘৰ’ত সমবেত হৈ ছুনামীত হেৰাই যোৱা পৰিয়াল, বন্ধু-বান্ধৱী আৰু আত্মীয়ক স্মৰণ কৰে ।
২০ বছৰ পূৰ্বৰ ভয়ানক ঘটনা-
তামালু গাঁৱৰ মুৰব্বী পল বেঞ্জামিনে স্মৰণ কৰি কয় যে, “খ্ৰীষ্টমাছ উদযাপনৰ পিছত আমি স্থানীয় গীৰ্জাত প্ৰাৰ্থনাৰ বাবে গোট খাইছিলো । আমি সকলোৱে উৎসৱৰ আনন্দত আছিলো । ২৬ ডিচেম্বৰৰ পুৱা প্ৰায় ৬ বজাত আমি দেখিলোঁ যে ঢৌবোৰ সাগৰৰ পাৰৰ পৰা তিনি কিলোমিটাৰ ভিতৰলৈ গৈছিল । ইয়াৰ পিছত হোৱা বিশাল ভূমিকম্পৰ ফলত সমগ্ৰ দ্বীপটো কঁপি উঠিল । প্ৰকৃতিৰ এনে খং আমি আগতে কেতিয়াও দেখা নাছিলোঁ । কোনো সতৰ্কবাণী ব্যৱস্থা নাছিল আৰু কেইমিনিটমানৰ ভিতৰতে আমি দেখিলোঁ সাগৰৰ বিশাল ঢৌ আমাৰ ফালে আহি আছে । ইয়াৰ পিছত আমি পাহাৰীয়া অঞ্চলত দৌৰি গৈ আমাৰ জীৱন ৰক্ষাৰ চেষ্টা কৰিলোঁ ।“
তেওঁ কয় যে ছুনামীৰ পিছত সকলোতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল । মানুহে নিৰাপদ ঠাই বিচাৰি আছিল । তাচ পাতৰ দৰে ভাঙি গৈছিল অট্টালিকাবোৰ । ভূমিকম্পৰ ভয়াৱহ কঁপনিৰ বাবে একাংশ লোক অচেতন হৈ পৰিছিল । পাকঘৰত থকা মোৰ পত্নীক উলিয়াই আনি আমি সকলোৱে পাহাৰীয়া অঞ্চলৰ হাবিত আশ্ৰয় লৈছিলো । ইয়াত মানুহে ৰেচন বিচাৰিছিল যাতে তেওঁলোকে নিজৰ সন্তানক খুৱাব পাৰে । আমাৰ খাবলৈ একো নাছিল । আমাৰ যি ৰেচন আছিল, আমি ল’ৰা-ছোৱালী আৰু ৰোগীৰ বাবে এৰি দিলোঁ । বাকী সকলোৱে নাৰিকল পানী খাই জীয়াই থাকিবলৈ বাধ্য হ’ল ।
কাচল দ্বীপত সন্ধানহীন হৈছিল ১৬৩৫ জন লোক-
চৰকাৰী তথ্য অনুসৰি প’ৰ্ট ব্লেয়াৰৰ পৰা ২৭৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাৰ নিকোবৰত ছুনামীৰ ফলত ২৬৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৩ জন লোক নিৰুদ্দেশ হয় । ইয়াৰ উপৰিও টেৰেছা দ্বীপত ৫৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন নিৰুদ্দেশ হৈছিল । চৌৰাহাত ৪১ জন নিহত আৰু ১৭ জন নিৰুদ্দেশ, কেম্পবেল বেত ২০ জন নিহত আৰু ৫২০ জন নিৰুদ্দেশ । ইয়াৰ উপৰিও নিকোবৰ জিলাৰ কাচল দ্বীপত সৰ্বাধিক ১৬৩৫ জন লোক সন্ধানহীন হৈছিল । ইয়াত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল এজন । লগতে কামোৰটা আৰু ট্ৰিংকেট দ্বীপত ক্ৰমে ২৯৫ আৰু ৭৫ জন লোক নিৰুদ্দেশ হৈছিল । ইয়াতো এজন লোকৰ মৃত্যু হৈছিল ।