খেলৰত্ন বিষয়ত মৌনতা ভংগ কৰিলে মনু ভাকৰে…আৱেগিক পোষ্টত প্ৰকাশ কৰিলে অনুভৱ
খেলৰত্ন বঁটা প্ৰসংগক লৈ অৱশেষত মৌনতা ভংগ কৰিলে ভাৰতৰ তাৰকা শ্বুটাৰ তথা পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজয়ী ২২ বছৰীয়া মনু ভাকৰে । এই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁ এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে স্পষ্টীকৰণ দিছে ।
উল্লেখ্য যে একাংশ সংবাদ মাধ্যমৰ বাতৰিত মনু ভাকৰ খেলৰত্ন বঁটাৰ বাবে মনোনীত হোৱা নাই বুলি দাবী কৰা হৈছে । মনু ভাকৰৰ পিতৃয়েও এই সমগ্ৰ বিষয়টোক লৈ এক বিবৃতি দি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ।
ইয়াৰ পিছতে এতিয়া মনু ভাকৰে নিজেই আগবাঢ়ি আহি এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে । তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কৈছে যে তেওঁৰ প্ৰথম লক্ষ্য দেশৰ বাবে পদক লাভ কৰা, কোনো বঁটা লাভ কৰা নহয় । মনুৱে কয় যে বঁটা তেওঁৰ বাবে প্ৰেৰণা হ’ব পাৰে, কিন্তু তেওঁৰ লক্ষ্য নহয় ।
তাৰকা শ্বুটাৰ মনুৱে নিজৰ পোষ্টত কি ক’লে ?
মনু ভাকৰে পোষ্টটোত লিখিছে, ‘মোৰ খেলৰত্ন বঁটাৰ মনোনয়নক লৈ বহু চৰ্চা চলিছে । এই বিষয়ে মই ক’ব বিচাৰিছো যে এজন খেলুৱৈ হিচাপে মোৰ কাম হৈছে দেশৰ হৈ খেলা আৰু প্ৰদৰ্শন কৰা । বঁটা বা যিকোনো সন্মানে মোক উৎসাহিত কৰে, কিন্তু এইবোৰ মোৰ লক্ষ্য নহয় ।‘
তেওঁ কয়, ‘মই ভাবো মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল, যিটো শুধৰণি কৰা হৈছে । বঁটা পাওঁ বা নাপাওঁ, দেশৰ বাবে যিমান পাৰি পদক লাভ কৰাৰ চেষ্টা কৰি যাম । সকলোকে অনুৰোধ জনাইছো যে আৰু এই বিষয়ত চৰ্চা নকৰিব ।‘
পেৰিছত মনুৱে লাভ কৰে ২টা অলিম্পিক পদক-
উল্লেখ্য যে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত ইভেণ্টত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰ পিছত একেখন অলিম্পিকতে শ্বুটিংৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত সাৰবজোৎ সিঙৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তেওঁ ।
তেওঁ শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ । তদুপৰি এখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় । এখন অলিম্পিকত তিনিটা পদক লাভ কৰা একমাত্ৰ ভাৰতীয় হৈ ইতিহাস সৃষ্টিৰ পথত আছিল যদিও মনু মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত সামান্য ব্যৱধানত বঞ্চিত হৈছিল ।