ধৰ্মশালাত আই পি এলৰ ‘মহাযুঁজ’! কাৰ ভাগ্যত ফাইনেলৰ প্ৰথমটো টিকট
আই পি এল ২০২৬ৰ আটাইতকৈ ডাঙৰ আৰু নকআউট সপ্তাহ আজিৰ পৰা আৰম্ভ হ’ব। ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত কোৱালিফায়াৰ ১ত মুখামুখি হ’ব পইণ্ট টেবুলৰ শীৰ্ষ দুটা দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ।
সামৰণি পৰিল আই পি এল ২০২৬ৰ লীগ পৰ্যায়। এতিয়া সকলোৰে দৃষ্টি কোৱালিফায়াৰ মেচবোৰৰ ওপৰত নিবদ্ধ হৈ আছে ।২৬ মে’ মঙলবাৰে ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব আই পি এল কোৱালিফায়াৰ ১ৰ খেলখন।পইণ্ট টেবুলৰ শীৰ্ষ দুটা স্থান দখল কৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছ কোৱালিফায়াৰ ১ৰ মেচত মুখামুখি হ’ব।
আমোদজনক কথাটো হ’ল দুয়োটা দলে ১৮ পইণ্টকৈ লীগ পৰ্যায়ত অন্ত পেলায়।পইণ্ট তালিকাত ১৮ পইণ্টেৰে প্ৰথম স্থানত আছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু ১৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে গুজৰাট টাইটানছ। পাৰ্থক্য মাথোঁ নেট ৰাণ ৰেটৰ আছিল, যিয়ে আৰ চি বিক শীৰ্ষ স্থানলৈ নিয়ে। কিন্তু এতিয়া পইণ্ট টেবুলৰ কোনো তাৎপৰ্য্য নাই।এতিয়া মাত্ৰ ৪০ অভাৰতে সিদ্ধান্ত ল’ব কোনে আই পি এল ২০২৬ৰ ফাইনেলৰ প্ৰথম টিকট লাভ কৰিব।
কোৱালিফায়াৰ প্ৰথম মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰ আৰু গুজৰাট টাইটানছৰ অধিনায়ক শুভমীন গিল সন্ধিয়া ৭:০০ বজাত টছৰ বাবে খেলপথাৰলৈ আহিব। কোৱালিফায়াৰ ১ মেচৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন আৰচিবিৰ বাবে খেলুৱৈৰ আঘাত এক ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে।ইংলেণ্ডৰ অল ৰাউণ্ডাৰ জেকব বেথেলে আঙুলিৰ আঘাতৰ বাবে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আছে।যিটো আৰচিবিৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচনা কৰা হৈছে।