দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পিতবাৰে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । নিৰ্ধাৰিত সূচী অনুসৰি, অমিত শ্বাহ আজি বিয়লি ডিব্ৰুগড়ত উপস্থিত হ’ব আৰু নিশা চহৰখনতে কটাই কাইলৈ অৰ্থাৎ ৩০ জানুৱাৰীত ব্যস্ত ভ্ৰমণসূচীত অংশ ল’ব ।
অমিত শ্বাহৰ বিশেষ কাৰ্যসূচী-
বিধানসভা ভৱনৰ আধাৰশিলা : ডিব্ৰুগড়ৰ খনিকৰত অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ক ৰাজ্যৰ ‘দ্বিতীয় ৰাজধানী’ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
বন্যপ্ৰাণী গৱেষণা কেন্দ্ৰ : চাবুৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলাও স্থাপন কৰিব ।
মিচিং সাংস্কৃতিক উৎসৱ : ডিব্ৰুগড়ৰ কাৰ্যসূচী সামৰি গৃহমন্ত্ৰীগৰাকী ধেমাজি জিলালৈ ৰাওনা হ’ব আৰু তাত মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব ।
ৰাজনৈতিক আলোচনা : ভ্ৰমণৰ শেষত সন্ধিয়া তেওঁ গুৱাহাটীৰ অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বুজ ল’ব ।
উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । যোৱা ২৯ ডিচেম্বৰতো তেওঁ অসম ভ্ৰমণলৈ আহি কেইবাটাও প্ৰকল্প মুকলি কৰিছিল । অসম ভ্ৰমণ সামৰি কাইলৈ সন্ধিয়া ৭ বজাত গুৱাহাটীৰ পৰা তেওঁ পশ্চিম বংগলৈ ৰাওনা হ’ব ।
লগতে পঢ়ক : ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং