প্ৰথমবাৰৰ বাবে কেছপিয়ান সাগৰত মিছাইল নিক্ষেপ ইজৰাইলৰ; ৰাছিয়া-ইৰাণৰ অস্ত্ৰ যোগান লাইনত আক্ৰমণৰ দাবী

মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে ইজৰাইলে প্ৰথমবাৰৰ বাবে ৰাছিয়া-ইৰাণৰ অস্ত্ৰ যোগান লাইনক লক্ষ্য কৰি কেছপিয়ান সাগৰত আক্ৰমণ চলাইছে।এই পথটো ড্ৰ’ন, গোলাবাৰুদ আৰু সামৰিক প্ৰযুক্তিৰ যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।

মধ্যপ্ৰাচ্যৰ সংঘাত এতিয়া এনে এটা সন্ধিক্ষণত উপনীত হৈছে য’ত ইয়াৰ সীমা অহৰহ বিলুপ্ত হৈ থকা যেন অনুভৱ হৈছো।ইজৰাইলে কেছপিয়ান সাগৰত প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰি  ৰাছিয়া আৰু ইৰাণৰ মাজৰ জটিল অস্ত্ৰ যোগান লাইনক লক্ষ্য কৰি লৈছে।এই আক্ৰমণ কেৱল সামৰিক অভিযান নহয়, ই এক ডাঙৰ কৌশলগত বাৰ্তা যে যুদ্ধ এতিয়া পৰম্পৰাগত সীমাৰ বাহিৰলৈ গৈছে।

কেছপিয়ান সাগৰ, যাক বিশ্বৰ সৰ্ববৃহৎ অভ্যন্তৰীণ জলভাগ বুলি গণ্য কৰা হয়, দীৰ্ঘদিন ধৰি ৰাছিয়া আৰু ইৰাণৰ মাজত এক নিৰাপদ কৰিডৰ হৈ আছে।যাৰ দ্বাৰা দুয়োখন দেশেই বিশেষ বিপদ নোহোৱাকৈ এই স্থানেৰে অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী যোগান ধৰিব পাৰিছিল।

এই পথটো ব্যৱহাৰ কৰিয়েই ড্ৰোন, আৰ্টিলাৰীৰ গোলা আৰু লাখ লাখ গুলী পৰিবহণ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি,এই পথেৰে ৩ লাখতকৈ অধিক আৰ্টিলাৰী শ্বেল আৰু প্ৰায় ১০ লাখ গুলী স্থানান্তৰ কৰা হৈছিল।

বিশেষকৈ ইৰাণৰ “শ্বাহেদ ড্ৰ’ন”ৰ যোগান শৃংখলৰ আটাইতকৈ জটিল যোগসূত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।এই ড্ৰোনসমূহ ব্যৱহাৰ কৰিয়েই ৰাছিয়াই ইউক্ৰেইনৰ চহৰসমূহত আক্ৰমণ চলাইছে,ইফালে ইৰাণে সেইবোৰ ব্যৱহাৰ কৰি উপসাগৰীয় অঞ্চলৰ আমেৰিকাৰ ঘাটি আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে।

এই নেটৱৰ্কটোকে ভাঙি পেলাবলৈ ইজৰাইলে ইৰাণৰ কেছপিয়ান উপকূলত অৱস্থিত বাণ্ডাৰ আঞ্জালী বন্দৰত আক্ৰমণ চলায়। এই আক্ৰমণত কেইবা ডজন সামৰিক স্থান—য’ত যুদ্ধজাহাজ, নৌসেনাৰ কমাণ্ড চেণ্টাৰ, জাহাজ নিৰ্মাণ কাৰখানা আৰু মেৰামতিৰ সুবিধাও আছিল— সেয়া ধ্বংস কৰা হৈছে বুলি দাবী কৰিছে।

লগতে পঢ়ক: আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীলৈ ফোন ট্ৰাম্পৰ