৩২,০০০ শিক্ষকৰ মুখত হাঁহি বিৰিঙালে কলকাতা উচ্চ ন্যায়ালয়ে

প্ৰায় ৩২ হাজাৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে সকাহ দিছে কলকাতা উচ্চ ন্যায়ালয়ে ।

প্ৰায় ৩২ হাজাৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে সকাহ দিছে কলকাতা উচ্চ ন্যায়ালয়ে । কলিকতা উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে একক বিচাৰপীঠৰ আদেশ বাতিল কৰিলে, য’ত ২০১৪ চনৰ টেট (শিক্ষক যোগ্যতা পৰীক্ষা)ৰ জৰিয়তে নিযুক্তি পোৱা ৩২ হাজাৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তি বন্ধ কৰা হৈছিল।

আদালতে নিয়োগ পুনৰ বাহাল ৰখাৰ আদেশ জাৰি কৰিছে।এই গোচৰটো পশ্চিম বংগৰ কুখ্যাত নগদ ধনৰ বিনিময়ত কেলেংকাৰিৰ সৈতে জড়িত আছিল।

ন্যায়ালয়ে কৈছে যে,যিসকল শিক্ষকে ৯ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে,তেওঁলোকৰ চাকৰিবোৰ কাঢ়ি নিলে পৰিয়ালবোৰৰ ওপৰত বৃহৎ প্ৰভাৱ পৰিব।

ন্যায়াধীশ তপব্রত চক্রৱৰ্তী নেতৃত্বাধীন ডিভিজন বেঞ্চে তৎকালীন ন্যায়াধীশ অভিজিত গঙ্গোপাধ্যায়ে দিয়া এজনীয়া বিচাৰপীঠৰ ৰায় বাতিল কৰে। এই ৰায় দিয়াৰ পিছতে পশ্চিমবঙ্গৰ উচ্চ শিক্ষামন্ত্ৰী ব্রাত্য বসুৱেও শিক্ষকসকলক অভিনন্দন জনায়।

উল্লেখ্য যে, চিবিআইৰ তদন্তত ২৬৪টা নিযুক্তিত অনিয়ম পোৱা গৈছিল,আৰু পিছত আৰু ৯৬টা গোচৰত সন্দেহৰ সৃষ্টি হয়।এনে পৰিস্থিতিত সমগ্ৰ নিৰ্বাচন বাতিল কৰাৰ কোনো ভিত্তি নাই।

লগতে পঢ়ক: অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ