উমৰাংছুৰ  কয়লাখনিত ভয়ংকৰ ঘটনা…আৱদ্ধ প্ৰায় ১৫ জনকৈ শ্ৰমিক

সোমবাৰে (০৬ জানুৱাৰী) উমৰাংছুৰ এটা কয়লা খনিত পানী সোমোৱাৰ ফলত প্ৰায় ১৫ জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰে । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডিমা হাচাও জিলাৰ উমৰাংছ’ অঞ্চলত । জানিব পৰা মতে, খনিটোত পানী প্ৰৱেশ কৰে যাৰ বাবে শ্ৰমিকসকল মাটিৰ তলত আবদ্ধ হৈ পৰে ।

ডিমা হাচাওৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাই সংবাদ সংস্থাক কয় যে, “ডিমা হাচাও জিলাৰ উমৰাংছ’ অঞ্চলৰ কয়লা খনিৰ ভিতৰত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । আমি বৰ্তমান সঠিক সংখ্যা ক’ব নোৱাৰো । ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু আৱদ্ধ শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনাৰ বাবে উদ্ধাৰকাৰী দলসমূহে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ।”

হঠাতে বাঢ়ি গ’ল পানীৰ স্তৰ-

জানিব পৰা মতে হঠাতে খনিটো পানীৰে বুৰ যায় আৰু ইয়াৰ বাবেই শ্ৰমিকসকল ওলাই আহিবলৈ সময় নোপোৱাত আৱদ্ধ হৈ পৰে । বৰ্তমান খনিটোত কি কাৰণত পানী ভৰি পৰে সেয়া জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক খবৰ অনুসৰি ভূগৰ্ভস্থ পানীৰ উৎসত ভাঙি যোৱাৰ বাবে হঠাতে পানী ভৰি পৰে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পানীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে বিশৃংখলতাৰ সৃষ্টি হয় আৰু পলায়নৰ পথো বন্ধ হৈ পৰে ।

ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ দলক মাতি একেলগে উদ্ধাৰ অভিযান আৰম্ভ কৰে । খনিটোৰ পৰা পানী পাম্প কৰি উলিয়াবলৈ বিশেষ সঁজুলি স্থাপন কৰা হয় আৰু সহায়ৰ বাবে বহু লোক নিয়োগ কৰা হৈছে ।

উদ্ধাৰ অভিযান বিপদমুক্ত নহয়-

বিষয়াসকলে জনোৱা মতে পানীৰে ভৰা খনিটো অস্থিৰ আৰু অধিক ভাঙি পৰাৰ আশংকা থকাৰ বাবে উদ্ধাৰ অভিযানটো বিপদৰে ভৰা । ইয়াৰ ফলত উদ্ধাৰকাৰী দলটোৰ বাবেও বিপদৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ বাহিৰেও পানীৰ সোঁত অব্যাহত থকাৰ বাবে ইয়াক বন্ধ কৰি খনিটোত আবদ্ধ শ্ৰমিকসকলৰ ওচৰলৈ যোৱাটো কঠিন হৈ পৰিছে । ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই ঘটনাক লৈ সামাজিক মাধ্যমযোগে উদ্বেগ প্ৰকাশ কৰাৰ লগতে উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ দিছে ।