পুৰণি কমেডিক লৈ পুনৰ বিতৰ্কত সময় ৰাইনা
‘ইণ্ডিয়াজ গট লেটেণ্ট ছিজন ২’ লৈ সময় ৰাইনা ঘূৰি অহাৰ লগে লগে নতুন বিতৰ্কৰ সৃষ্টি হয়। এইবাৰো নতুন ভিডিঅ’ক লৈ নহয়, বৰঞ্চ ছিজন ১ৰ এটা পুৰণি ক্লিপক লৈহে বিতৰ্ক হৈছে।
বিখ্যাত কমেডিয়ান সময় ৰাইনা তেওঁৰ জনপ্ৰিয় শ্ব’ ‘ইণ্ডিয়াজ গট লেটেন্ট’ -ৰ দ্বিতীয় ছিজনৰ সৈতে পুনৰ উভতি আহিছে। শ্ব’টোৰ প্ৰথমটো খণ্ডতে আলিয়া ভাট আৰু শৰ্বৰীৰ দৰে ডাঙৰ চেলিব্ৰিটিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। শ্ব’টোক লৈ চৰ্চা চলি থকাৰ মাজতেই সময় ৰাইনা পুনৰ পুৰণি বিতৰ্কৰ বাবে ইন্টাৰনেটত সমালোচনাৰ সন্মুখীন হৈছে। আচলতে ২০২৪ চনৰ এটা পুৰণি ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত পুনৰ ভাইৰেল হৈ পৰিছে, যিয়ে শেহতীয়া ‘৩৭০ টকীয়া বিৰিয়ানী বিতৰ্ক’ৰ পাছত সন্মতি আৰু কমেডিৰ মৰ্যাদাক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
ভাইৰেল হোৱা এই ক্লিপটোত দেখা গৈছে যে সময় ৰাইনাৰ শ্ব’ত দৰ্শকৰ মাজত বহি থকা এগৰাকী যুৱতীয়ে হঠাৎ মাজৰ পৰাই উঠি যাবলৈ ধৰে। আচৰিত হৈ সময় ৰাইনাই কাৰণ সোধাত যুৱতীগৰাকীৰ সৈতে অহা তেওঁৰ বয়ফ্ৰেণ্ডে মিচিকিয়াই কয় যে যুৱতীগৰাকীৰ দেউতাকৰ সামান্য হাৰ্ট এটেক হোৱাত তাই যাব লগা হৈছে। ল’ৰাজনৰ এই নিৰ্লিপ্ততা দেখি সময় ৰাইনাই প্ৰশ্ন কৰে যে সি কেনেকৈ ইমান শান্ত হৈ থাকিব পাৰিছে আৰু কিয় যুৱতীগৰাকীৰ সৈতে যোৱা নাই। ইয়াৰ ঠিক পাছতে সময় ৰাইনাই মঞ্চৰ পৰা এটা আপত্তিকৰ মন্তব্য কৰি কয়, “এতিয়া গৈ কান্দিবি নহয়, ভায়েকে সমৰ্থন আগবঢ়ালেহে তাই মান্তি হ’ব।” সময়ৰ এই কথাষাৰ শুনি তাত উপস্থিত সকলোৱে হাঁহিত ফাটি পৰে, কিন্তু এতিয়া এই মন্তব্যই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে।
সময় ৰাইনাৰ এই মন্তব্যক লৈ এক্স প্লেটফৰ্মত তেওঁক তীব্ৰ সমালোচনা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে খং প্ৰকাশ কৰি লিখিছে যে এগৰাকী যুৱতীৰ দেউতাকৰ গুৰুতৰ পৰিস্থিতিত এনে ধৰণৰ ‘লকাৰ ৰুম’ ভাষা ব্যৱহাৰ কৰাটো অতি লাজৰ কথা। ব্যৱহাৰকাৰীসকলৰ মতে, এই চিন্তাধাৰা শেহতীয়া ‘৩৭০ টকীয়া বিৰিয়ানী’ ঘটনাৰ পৰা বেলেগ নহয়, য’ত মহিলাক এক সামগ্ৰীৰ দৰে গণ্য কৰা হৈছিল। বহুতে কৈছে যে আজিৰ কমেডী পচি যোৱা আৰু মহিলা বিদ্বেষী মানসিকতাক লুকুৱাৰ এক মাধ্যম হৈ পৰিছে। আনহাতে, বহু পুৰণি অনুৰাগীয়ে অনুশোচনা কৰিছে যে তেওঁলোকে কেতিয়াবা এনে ব্যৱহাৰৰ সমৰ্থন কৰিছিল।
লগতে পঢ়ক: শ্ৰদ্ধা কাপুৰৰ ‘ইঠা’ক লৈ বিতৰ্ক!নাম সলনি কৰাৰ দাবী পৰিয়ালবৰ্গৰ