কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান; দীৰ্ঘদিনে আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত

শেষ নিশ্বাস ত্যাগ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। শুকুৰবাৰে বিয়লি ২বাজি ২০ মিনিটত মৃত্যুক সাৱটিলে গায়ত্ৰী হাজৰিকাই।

জানিব পৰা মতে প্ৰায় এবছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিল্পীগৰাকী৷ মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী।

দীৰ্ঘদিন ধৰি  দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই।সৰা পাতে পাতে গীতেৰে শ্ৰোতাৰ মন জয় কৰিছিল তেওঁ।

জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ‘ৰত্নাকৰ’তো ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটিৰ লগতে জুবিন গাৰ্গৰ কাঞ্চনজংঘাতো কণ্ঠদান কৰিছিল গায়ত্ৰী হাজৰিকাই। কণ্ঠশিল্পী গৰাকীৰ মৃত্যুত অসমৰ সংগীত জগতত শোকৰ ছাঁ পৰিছে।

মঞ্চতে মহিলাক চুম্বন উদিত নাৰায়ণৰ; ভিডিঅ’ ভাইৰেল, সামাজিক মাধ্যমত তীক্ষ্ণ সমালোচনা

বলীউডৰ বিখ্যাত গায়ক উদিত নাৰায়ণ, যি তেওঁৰ সুমধুৰ কণ্ঠৰ বাবে জনাজাত।’পেহলা নাছা’, ‘জাদু তেৰি নাজাৰ’, ‘চান্দ চুপা বাদল মে’, আৰু ‘দিল তো পাগল হে’ৰ দৰে সুন্দৰ গানবোৰত কণ্ঠদান কৰিছিল।

তেওঁৰ হিট গানে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। অৱশ্যে, শেহতীয়াকৈ কণ্ঠশিল্পী গৰাকী এক ডাঙৰ বিতৰ্কত সোমাই পৰিছে।

তেওঁৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে, যাৰ পিছত সকলোৱে তেওঁৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে। ভিডিঅ’টোত, উদিত নাৰায়ণক এটা অনুষ্ঠানৰ সময়ত দুগৰাকী মহিলা অনুৰাগীক চুম্বন কৰা দেখা গৈছে, যিয়ে বহু অনুৰাগীক বিচলিত কৰিছে।

৬৯ বছৰীয়া উদিত নাৰায়ণে এই ভিডিঅ’টোত মঞ্চত প্ৰদৰ্শন কৰি আছিল। এই সময়ছোৱাত, এগৰাকী মহিলা অনুৰাগী তেওঁৰ ওচৰলৈ আহিছিল আৰু চেলফি ল’বলৈ আৰম্ভ কৰিছিল।

তাৰ পিছত কণ্ঠশিল্পী গৰাকীয়ে যুৱতী গৰাকীৰ গালত চুমা খাইছিল। তাৰ পিছত, আন এগৰাকী মহিলাই তেওঁৰ সৈতে চেলফি লবলৈ লওতেই পুনৰ মহিলাগৰাকীক চুমা খালে উদিত নাৰায়ণে।

তাৰ পিছতেই বহু অনুৰাগীয়ে তেওঁৰ এই কাণ্ডক লৈ সামাজিক মাধ্যমত কণ্ঠশিল্পী গৰাকীক তীক্ষ্ণ সমালোচনা কৰিছে।

বিহুৰ বতৰতে শোকাৱহ খবৰ, জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই

-বিহুৰ বতৰতে শোকাৱহ খবৰ
-জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই
-গীত পৰিৱেশনৰ মাজতে মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী
-ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল তেওঁক
-আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু শিল্পীগৰাকীৰ
-গীত গাই থাকোতে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰিছিল শিল্পীগৰাকী
-ফিল’বাৰী ৰহবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি আছিল ৰাজীৱ শদিয়াই