এ৩২০ ছিৰিজৰ বিমান সন্দৰ্ভত এয়াৰবাছে জাৰি কৰিছে সতৰ্কবাণী; সূৰ্যৰ পোহৰত ব্যাঘাত বিমান নিয়ন্ত্ৰণত

এ৩২০ ছিৰিজৰ বিমান সন্দৰ্ভত এয়াৰবাছে জাৰি কৰিছে সতৰ্কবাণী

ভাৰতত ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বহু বিমানে সমস্যাৰ সন্মুখীন হ’ব পাৰে,কাৰণ তেওঁলোকৰ এ৩২০ পৰিয়ালৰ ফ্লীটত কাৰিকৰী বিজুতি পোৱা গৈছে।

ফ্ৰান্সৰ বিমান কোম্পানী এয়াৰবাছে জনোৱা মতে,প্ৰবল সূৰ্যৰ পোহৰে কিছুমান বিমানৰ উৰণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ তথ্যক নষ্ট কৰাৰ সন্দেহ কৰা হৈছে।

যদি এই তথ্য ভুল হয় তেন্তে ইয়াৰ ফলত বিমান নিয়ন্ত্ৰণত প্ৰভাৱ পৰিব পাৰে। আৰু ইয়াৰ বাবেই বহু বিমান চেক আৰু আপডেট কৰাৰ বাবে গ্ৰাউণ্ড কৰিব লাগিব।

এই জৰুৰীকালীন অৱস্থাই যাত্ৰীসকলৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব কাৰণ অনাগত দিনত বিমানৰ পলম আৰু বাতিল বৃদ্ধি হ’ব পাৰে।

দেশত ৫৬০খনতকৈও অধিক এ৩২০ বিমান উৰে,আৰু ইয়াৰে প্ৰায় ২০০–২৫০খন বিমান তৎকালীন পৰিদৰ্শন আৰু সলনি কৰাৰ প্ৰয়োজন।

কিছুমানৰ চফ্টৱেৰ সলনি হ’ব, আনহাতে কিছুমানৰ হাৰ্ডৱেৰ পোন বা সলনি কৰা হ’ব।এই সময়ছোৱাত বিমানসমূহ মাটিত ৰাখিব লাগিব, গতিকে বিমান সেৱা পলম হ’ব পাৰে বা বাতিলো হ’ব পাৰে।

ইউৰোপীয় সংঘৰ বিমান সুৰক্ষা সংস্থাই জৰুৰীকালীন জাননী জাৰি কৰি কয় বিমানত এটা ভাল ইলাক কম্পিউটাৰ ইনষ্টল কৰাটো গুৰুত্বপূৰ্ণ,যিয়ে উৰণ নিয়ন্ত্ৰণ চম্ভালে।

এয়াৰবাছৰ মতে, শেহতীয়াকৈ এ৩২০ বিমান এখনে অবাঞ্চিত পিচ ডাউন মুভমেণ্ট দেখিবলৈ পোৱা গৈছিল যিটোৰ কাৰণ ELAC ৰ বিজুতি হ’ব পাৰে ।

যদি সময়মতে সমস্যাটো সমাধান কৰা নহয় তেন্তে বেয়া হোৱা ELAC  এ অনিয়ন্ত্ৰিত গতিবিধিৰ সৃষ্টি কৰিব পাৰে যিয়ে সুৰক্ষাক বিপদত পেলাব পাৰে।

লগতে পঢ়ক: নিজৰ শুল্কৰ বাবেই বিপদত ট্ৰাম্প; ৬ খনকৈ দেশে বাতিল কৰিলে এফ-৩৫ যুঁজাৰু বিমানৰ চুক্তি