স্পেচএক্সৰ ঐতিহাসিক আইপিঅ’: বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নাৰ’ হোৱাৰ দিশে এলন মাস্ক

আইপিঅ-ৰ জৰিয়তে ৭৫ বিলিয়ন ডলাৰ সংগ্ৰহ এলন মাস্কৰ স্পেচএক্সৰ । লগে লগে এলন মাস্ক আজি বিশ্বৰ প্ৰথমগৰাকী ট্ৰিলিয়নাৰ হিচাপে পৰিগণিত হ’ব ।

বিশ্বৰ অন্যতম শীৰ্ষ ধনী উদ্যোগী এলন মাস্কৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘স্পেচএক্স’ (SpaceX)-এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ ডাঙৰ আইপিঅ’ (IPO) মুকলি কৰি এক নতুন অভিলেখ ৰচনা কৰিছে । অক্সিঅ’চৰ এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে কোম্পানীটোৱে ইয়াৰ প্ৰাৰম্ভিক ৰাজহুৱা উপহাৰ বা আইপিঅ’ৰ জৰিয়তে ৭৫ বিলিয়ন ডলাৰ সংগ্ৰহ কৰে । ইয়াৰ লগে লগে স্পেচএক্সৰ মুঠ বজাৰ মূল্যায়ন প্ৰায় ১.৭৭ ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে । এই ঐতিহাসিক ব্যৱসায়িক সফলতাৰ ফলত এলন মাস্ক আজি বিশ্বৰ প্ৰথমগৰাকী ‘ট্ৰিলিয়নাৰ’ হিচাপে পৰিগণিত হ’ব ।

আমেৰিকাৰ সপ্তম আটাইতকৈ মূল্যৱান কোম্পানী

চিএনবিচি-এ আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ নথিপত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে, স্পেচএক্সে প্ৰতিটো শ্বেয়াৰ ১৩৫ ডলাৰ দৰত মুঠ ৫৫৫.৬ মিলিয়ন (৫৫.৫৬ কোটি) শ্বেয়াৰ বিক্ৰী কৰিছে । এই বৃহৎ বজাৰ মূলধনৰ সৈতে স্পেচএক্স বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ সপ্তম আটাইতকৈ মূল্যৱান কোম্পানী হৈ পৰিছে । উল্লেখনীয় যে, মূল্যায়ণৰ দৌৰত স্পেচএক্সে মাস্কৰে মালিকানাধীন আন এক প্ৰখ্যাত মটৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ‘টেছলা’কো পিছ পেলাই থৈছে ।

শুকুৰবাৰে বিশ্বৰ অন্যতম বৃহৎ শ্বেয়াৰ বজাৰ ‘নাচদাক’-ত স্পেচএক্সে আনুষ্ঠানিকভাৱে ব্যৱসায় আৰম্ভ কৰিব । ইয়াৰ পিছতে আইপিঅ’ত অংশ লব নোৱাৰা সাধাৰণ বিনিয়োগকাৰীসকলেও মুকলি বজাৰৰ পৰা কোম্পানীটোৰ শ্বেয়াৰ ক্ৰয় কৰিব পাৰিব । বজাৰ বিশেষজ্ঞসকলৰ মতে, স্পেচএক্সৰ এই সফলতাই ভৱিষ্যতে ৰাজহুৱা বজাৰলৈ আহিবলগীয়া আন দুটা বৃহৎ কৃত্তিম বুদ্ধিমত্তা প্ৰতিষ্ঠান- ‘অ’পেনএআই’ আৰু ‘এনথ্ৰ’পিক’ৰ বাবে এক দিশনিৰ্ণায়ক বা বেলৱেদাৰ হিচাপে কাম কৰিব ।

বিত্তীয় স্থিতি: বৃদ্ধি পাইছে ৰাজহ, কিন্তু লোকচানো অব্যাহত

এছইচি ফাইলঙত স্পেচএক্সে সদৰী কৰা অনুসৰি, চলিত বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত কোম্পানীটোৰ বিত্তীয় ভেটি যথেষ্ট শক্তিশালী হৈছে । যোৱা বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ ৪.০৭ বিলিয়ন ডলাৰৰ তুলনাত এইবাৰ ৰাজহ ১৫% বৃদ্ধি পাই ৪.৬৯ বিলিয়ন ডলাৰ হৈছে । ২০২৫ বৰ্ষত ৪.৯৪ বিলিয়ন ডলাৰ লোকচান ভৰাৰ পিছত, শেহতীয়া ত্ৰৈমাসিকত কোম্পানীটোৱে ৪.২৮ বিলিয়ন ডলাৰৰ লোকচান পঞ্জীয়ন কৰিছে ।

স্পেচএক্সত মাস্কৰ একছত্ৰী নিয়ন্ত্ৰণ আৰু ভৱিষ্যতৰ লক্ষ্য

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, স্পেচএক্সত এলন মাস্কৰ ৫০ শতাংশ অংশীদাৰিত্ব বা শ্বেয়াৰ আছে, যাৰ বৰ্তমান মূল্য প্ৰায় ৭৫২ বিলিয়ন ডলাৰতকৈও অধিক । কেৱল সেয়াই নহয়, ‘ছুপাৰ-ভোটিং’ শ্বেয়াৰৰ জৰিয়তে কোম্পানীটোৰ ৮৫ শতাংশতকৈও অধিক ভোটদানৰ ক্ষমতা মাস্কৰ হাতত সুৰক্ষিত আছে । অৱশ্যে চৰকাৰী নিয়ম অনুসৰি, কোম্পানীটোৱে কিছুমান নিৰ্দিষ্ট কাৰ্যক্ষম লক্ষ্যত উপনীত নোহোৱালৈকে মাস্কৰ একাংশ শ্বেয়াৰ বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা থাকিব ।

মূলধন ক’ত ব্যৱহাৰ হ’ব?

আইপিঅ’ৰ জৰিয়তে সংগৃহীত ৭৫ বিলিয়ন ডলাৰৰ এক বুজন অংশ মহাকাশত কক্ষপথীয় তথ্য কেন্দ্ৰ স্থাপন, চন্দ্ৰত এক বিশেষ কাৰখানা নিৰ্মাণ আৰু ভৱিষ্যতৰ অভিলাষী মংগল গ্ৰহৰ অভিযানৰ পুঁজি হিচাপে ব্যৱহাৰ কৰা হ’ব ।

লগতে পঢ়ক : পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ

এলন মাস্কৰ অভিলেখ ; সম্পত্তিৰ পৰিমাণে স্পৰ্শ কৰিলে ৫০০ বিলিয়ন ডলাৰ

৫০০ বিলিয়ন ডলাৰ স্পৰ্শ এলন মাস্কৰ

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক বুধবাৰে বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে, যাৰ মুঠ সম্পত্তি ৫০০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে । এই কৃতিত্বৰ কাৰণ আছিল টেছলাৰ শ্বেয়াৰত উত্থান আৰু তেওঁৰ আন টেক কোম্পানীসমূহৰ দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যায়ন । ফৰ্বছৰ কোটিপতি তালিকাৰ মতে, বুধবাৰে সন্ধিয়া (পশ্চিমীয়া সময়) ৪.১৫ বজালৈ এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৫০০.১ বিলিয়ন ডলাৰ ।

এলন মাস্কৰ সম্পত্তিৰ এটা বৃহৎ অংশ টেছলাৰ সৈতে সংযুক্ত হৈ আছে । ১৫ ছেপ্টেম্বৰলৈকে এলন মাস্কৰ টেছলাত ১২.৪ শতাংশতকৈ অধিক অংশীদাৰিত্ব আছিল । টেছলাৰ শ্বেয়াৰ এই বছৰ এতিয়ালৈকে ১৪ শতাংশতকৈ অধিক বৃদ্ধি পাইছে আৰু বুধবাৰে ৩.৩ শতাংশ বৃদ্ধি পাই সম্পত্তি দিনটোত ছয় বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধি পাইছে । বছৰৰ আৰম্ভণিতে টেছলাৰ শ্বেয়াৰ হ্ৰাস পোৱা দেখা গৈছিল । কিন্তু এতিয়া তেওঁলোক পুনৰ শক্তিশালী হৈছে । বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি পোৱাত এলন মাক্সে পুনৰ নিজৰ ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে ।

লেৰী এলিছন দ্বিতীয় ধনাঢ্য ব্যক্তি-

ব্লুমবাৰ্গ নিউজে জুলাই মাহত প্ৰকাশ কৰা অনুসৰি স্পেচএক্সে বিনিয়োগ সংগ্ৰহ আৰু কিছুমান আভ্যন্তৰীণ শ্বেয়াৰ বিক্ৰী কৰাৰ পৰিকল্পনাৰ কাম কৰি আছে, যিয়ে কোম্পানীটোক ৪০০ বিলিয়ন ডলাৰ পৰ্যন্ত মূল্যায়ন কৰিব পাৰে । ফৰ্বছৰ তালিকাৰ পিছতে দ্বিতীয় ধনী ব্যক্তি লেৰী এলিছন, যি অৰেকল কোম্পানীৰ প্ৰতিষ্ঠাপক । বুধবাৰলৈকে তেওঁৰ মুঠ সম্পত্তি আছিল প্ৰায় ৩৫০.৭ বিলিয়ন ডলাৰ ।

লগতে পঢ়ক : “সন্তানৰ স্বাস্থ্যৰ বাবে নেটফ্লিক্স বাতিল কৰক”; ইলন মাস্কে বাতিল কৰিলে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন