যুদ্ধ বিমানৰ শব্দত কঁপিব গুৱাহাটী; বৰলুইতৰ ওপৰত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

যুদ্ধ বিমানৰ শব্দত কঁপিব গুৱাহাটী

আজি বায়ুসেনাৰ অত্যধুনিক যুদ্ধ বিমানৰ শব্দই কঁপাব গুৱাহাটী মহানগৰীৰ বুকু । মহানগৰীৰ লাচিত ঘাটত আজি বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’ । বৰলুইতৰ আকাশত বায়ুসেনাই প্ৰদৰ্শন কৰিব দৃষ্টিনন্দন কলা-কৌশল ।

আজি ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটী লাচিত ঘাটত বায়ুসেনাৰ বিশেষ আযোজন । আজি গুৱাহাটীৰ লাচিত ঘাটত প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় বায়ুসেনাই আয়োজন কৰিছে বিশেষ এয়াৰ শ্ব’ । উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এই অনুষ্ঠান । বায়ুসেনাৰ ৭৫খন বিভিন্ন অত্যধুনিক যুদ্ধ বিমান এই অনুষ্ঠানত প্ৰদৰ্শন কৰিব কলা-কৌশল ।

এই অনুষ্ঠানক লৈ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি । দুপৰীয়া ১২.৩০ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হ’ব এই শ্ব’ । এই অনুষ্ঠানত অংশ লব ভাৰতীয় বায়ুসেনাৰ অত্যধুনিক যুদ্ধবিমান ৰাফেল, ছুখয়, তেজছ, মিৰাজৰ লগতে এপাচে হেলিকপ্টাৰে ।

ইফালে এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থকাৰ কথা আছিল যদিও শেহতীয়াকৈ তেওঁ বিশেষ কাৰণত অসম ভ্ৰমণ বাতিল কৰিছে বুলি জানিব পৰা গৈছে । অনুষ্ঠানত এয়াৰ চীফ মাৰ্শ্বাল এপি সিং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ।

আনহাতে এই এয়াৰ শ্ব’ত বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ । শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই আকাশৰ বুকুত বাজি উঠিব ‘মায়াবিনী ৰাতিৰ বুকু’ত ।

উল্লেখ্য যে, এই এয়াৰ শ্ব’ৰ সময়ছোৱাত জাৰি কৰা হৈছে NOTAM । লগতে এই অনুষ্ঠানৰ বাবে গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে বিশেষ পথ নিৰ্দেশনা ।

লগতে পঢ়ক : শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস নিৰ্মলা সীতাৰমণৰ