দেশৰ বায়ু প্ৰতিৰক্ষাত অন্তৰ্ভুক্ত হ’ব টুংগুস্কা মিছাইল; ৰাছিয়াৰ সৈতে চুক্তি স্বাক্ষৰ

ভাৰতৰ হাতত ইতিমধ্যে এছ-৪০০, বৰাক-৮, আৰু আকাশ এয়াৰ ডিফেন্স চিষ্টেম আছে। এইবাৰ আকৌ টুংগুস্কা এয়াৰ ডিফেন্স চিষ্টেমো অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাছিয়াৰ সৈতে ভাৰতে ৮৫৮কোটি টকাৰ এক চুক্তি স্বাক্ষৰ কৰিছে।এই পদক্ষেপৰ অধীনত দেশখনে টুংগুস্কা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ব্যৱস্থা লাভ কৰিব, আৰু দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী হ’ব।ইতিমধ্যে ভাৰতৰ হাতত এছ-৪০০, বৰাক-৮, আৰু আকাশ এয়াৰ ডিফেন্স চিষ্টেম আছে।

টুংগুস্কা এয়াৰ ডিফেন্স মিছাইল ব্যৱস্থাৰ অন্তৰ্ভুক্তিয়ে দেশৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰিব।প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে টুংগুস্কা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ক্ৰয় আৰু পি-৮আই দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক গোপনীয়তা বিমান পৰিদৰ্শন (ডিপো স্তৰ)ৰ বাবে মুঠ ৮৫৮ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে।এই চুক্তি ২৭ মাৰ্চ ২০২৬ত নতুন দিল্লীৰ কৰ্তব্য ভৱন-২ত স্বাক্ষৰিত হৈছিল।

ভাৰতীয় সেনাৰ বাবে ৪৪৫ কোটি টকাৰ টুংগুস্কা এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ৰয়ৰ চুক্তি,প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত ৰাছিয়াৰ জে এছ চি ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্টৰ সৈতে স্বাক্ষৰ কৰা হয়।এই শেহতীয়া ক্ষেপণাস্ত্ৰসমূহে বিমান, ড্ৰ’ন, ক্ৰুজ মিছাইলকে ধৰি আকাশী ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব।

লগতে পঢ়ক: দেশত পুনৰ লকডাউনৰ হ’ব নেকি ? উৰাবাতৰিৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীয়ে দিলে উত্তৰ