‘আপ্পা সকলোৰে হৃদয়ত আছে’;মুখ্যমন্ত্ৰী বিজয়ৰ কটাক্ষক প্ৰত্যুত্তৰ ষ্টালিনৰ

উধয়ানিধিক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে কৰা ঠাট্টা-মস্কৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ এম কে ষ্টালিনৰ। এম কে ষ্টালিনে এটা অনুষ্ঠানৰ সময়ত কয় যে আপ্পা (ষ্টালিন) জনসাধাৰণৰ হৃদয়ত বাস কৰে।

তামিলনাডুত ‘আপ্পা’  গোচৰক লৈ ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ে বিৰোধী দলৰ নেতা উদয়নিধি ষ্টালিনক কটাক্ষ কৰিছিল। এতিয়া মুখ্যমন্ত্ৰীৰ এই কটাক্ষৰ প্ৰত্যুত্তৰ দিছে ডিএমকে (DMK)ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম. কে. ষ্টালিনে।

আচলতে, এখন ৰাজহুৱা সভাত ভাষণ দি এম. কে. ষ্টালিনে কয় যে তেওঁ বিধানসভাত থাকক বা নাথাকক, কিন্তু তেওঁ সদায় ৰাইজৰ হৃদয়ত থাকে। মুখ্যমন্ত্ৰী বিজয়ৰ সেই কটাক্ষৰ প্ৰতিক্ৰিয়া স্বৰূপে ষ্টালিনৰ এই মন্তব্য আহিছে, য’ত বিজয়ে উদয়নিধি ষ্টালিনক লক্ষ্য কৰি তেওঁৰ পিতৃ ক’ত বুলি প্ৰশ্ন কৰিছিল।

বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাৰ সময়ত মুখ্যমন্ত্ৰী বিজয়ে ডিএমকেক লক্ষ্য কৰি লৈছিল। মুখ্যমন্ত্ৰী বিজয়ে এটা ব্যংগাত্মক গল্প শুনালে, যাক বিৰোধী নেতাসকলে এম. কে. ষ্টালিন আৰু ডিএমকেৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি গণ্য কৰে। এই কটাক্ষৰ সময়ত মুখ্যমন্ত্ৰী বিজয়ে কথিতভাৱে প্ৰশ্ন কৰিছিল যে উদয়নিধিৰ পিতৃ ক’ত আছে।

এতিয়া মুখ্যমন্ত্ৰী বিজয়ৰ এই তীক্ষ্ণ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে এম. কে. ষ্টালিনে। ষ্টালিনে কয়, “মই বিধানসভাত থাকোঁ বা নাথাকোঁ, মই সদায় মানুহৰ হৃদয়ত জীয়াই থাকিম।” ইয়াৰ সমান্তৰালভাৱে তেওঁ নিজৰ চৰকাৰৰ দিনত হোৱা কাম-কাজৰ খতিয়ান দাঙি ধৰি কয় যে তেওঁ কৰা কামবোৰেই তেওঁৰ নামৰ সাক্ষী দিয়ে। ষ্টালিনে লগতে কয়, “যদি আপুনি মোক সচিবালায়ত দেখিবলৈ বিচাৰে, তেন্তে ‘কালাইগ্নাৰ অধিকাৰ পাত্ৰতা আঁচনি’ (Kalaignar Rights Assistance Scheme)কে ধৰি অন্যান্য সকলো কল্যাণকামী আঁচনিৰ ফাইলবোৰ চাওক। তাতেই আপুনি ষ্টালিনক বিচাৰি পাব।”

উল্লেখ্য যে, মঙলবাৰৰ (২৩ জুন) পৰাই তামিলনাডু বিধানসভাত পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ আছে। মুখ্যমন্ত্ৰী বিজয়ে কথিত দলীয় পুঁজিৰ ইছ্যু লৈ বিৰোধী দল ডিএমকেক ঘেৰাও কৰে। ইয়াৰ প্ৰতিবাদত ডিএমকেৰ বিধায়কসকলে সদন ত্যাগ কৰে। তেতিয়াৰ পৰাই শাসকীয় দল আৰু বিৰোধীৰ মাজত চলি থকা তীব্ৰ বাকযুদ্ধৰ বাবে ৰাজনৈতিক উষ্ণতা অধিক হৈ পৰিছে।

লগতে পঢ়ক: ১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা গণতন্ত্ৰৰ ‘ক’লা অধ্যায়’ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা